ETV Bharat / state

ফুলাম গামোচা আৰু জাপিৰে সজোৱা এখন ব্যতিক্ৰমি বিবাহথলী

author img

By

Published : May 10, 2022, 10:41 PM IST

নলবাৰী জিলাৰ মুকালমুৱা চতেমাৰীত এখন ব্যতিক্ৰমী বিবাহ (Unique marriage in Nalbari)। বিয়াৰ ৰভাথলীৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা গোটেই ৰভাথলীৰ ভিতৰলৈকে সজোৱা হৈছে ফুলাম গামোচা আৰু ফুলাম জাপিৰে ৷ এনে ব্যতিক্ৰমি ৰূপত সজাই তোলা ৰভাথলীয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

Unique marriage in Nalbari
ফুলাম গামোচা আৰু জাপিৰে সজোৱা এখন ব্যতিক্ৰমি বিবাহথলী

নলবাৰী, 10 মে' : মুকালমুৱাৰ চতেমাৰীত এক ব্যতিক্ৰমী বিবাহ অনুষ্ঠান (Unique marriage in Nalbari) । বিবাহৰ ৰভাথলী সজোৱা হৈছে অসমীয়াৰ স্বাভিমান ফুলাম গামোচা আৰু জাতিৰ কৃষ্টি ফুলাম জাপিৰে ৷ গামোচা আৰু জাপিৰে অতি আতকধুনীয়াকৈ সজোৱা এই বিয়াখনে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

Unique marriage in Nalbari
কালমুৱা চতেমাৰীত এখন ব্যতিক্ৰমী বিবাহ

উল্লেখ্য যে, দৰা ৰাজুমনি দাসৰ ব্যতিক্ৰমী চিন্তাত প্ৰাণ পাইছে মুকালমুৱাৰ চতেমাৰীৰ বিয়াথলীখনত । যদিহে শুৱালকুছি অসমৰ মানচেষ্টাৰ, তেনেহ’লে চতেমাৰীও নলবাৰীৰ শুৱালকুছি স্বৰূপ । কিয়নো গাঁওখনৰ প্ৰতিটো পৰিয়ালেই শিল্প-কৰ্মৰ লগত জড়িত ৷

প্ৰতিটো পৰিয়ালৰ শিপিনীয়ে দৈনিক ঘৰতে মুগাৰ কাপোৰৰ লগতে গামোচা প্ৰস্তুত কৰে ।

ফুলাম গামোচা আৰু জাপিৰে সজোৱা এখন ব্যতিক্ৰমি বিবাহথলী

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ চতেমাৰী গাঁৱৰ ৰাজুমনি দাস নামৰ যুৱকজনে নিজৰ বিয়াৰ পেণ্ডেলত শতাধিক ঘৰত বোৱা গামোচাৰে সজাই এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে । যুৱকজনে ব্যক্ত কৰা অনুসৰি, তেওঁৰ পিতৃ প্ৰদীপ দাসে বিগত 32 বছৰ ধৰি গামোচাৰ ব্যৱসায় কৰি আহিছে ।

অসম আৰু অসমীয়াৰ স্বাভিমান গামোচাক আৰু অধিক প্ৰচাৰৰ লগতে যুৱ প্ৰজন্মই ভাল পাব বুলিয়েই এই প্ৰয়াস কৰা বুলি উল্লেখ কৰে যুৱকজনে । শিক্ষা বিভাগৰ কৰ্মচাৰী ৰাজুমনি দাসে নিজৰ বিয়াৰ অভ্যৰ্থনালৈ অহা লোকসকলক জন্ম গাঁও চটেমাৰীৰ শিল্প-কৰ্মৰ বিষয়ে চিনাকি কৰাই দিয়াৰ বাবেই এই প্ৰচেষ্টা হাতত লোৱা বুলি উল্লেখ কৰে দৰা ৰাজুমনি দাসে ।

লগতে পঢ়ক : মুন্না-মমতাৰ বিবাহক লৈ ভগলপুৰত বিশেষ চৰ্চা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.