ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Aug 24, 2021, 7:22 PM IST

TOP 10 AT 7PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

1. অসম-মেঘালয় সীমান্তত খাচী লোকৰ উপদ্ৰৱ: ভাঙি চুৰমাৰ অসম আৰক্ষীৰ শিবিৰ

অসম-মেঘালয় সীমান্ত অঞ্চল উমলাফেৰত উত্তেজনা ৷ উমলাফেৰত আৰক্ষীয়ে স্থাপন কৰা এটা তালাচী চকীক কেন্দ্ৰ কৰি উদ্ভৱ হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷

2. নিৰুদ্দেশৰ ছবছৰ পাচত সোঁ-শৰীৰে ঘৰ পালেহি যুৱতী

ছবছৰ পূৰ্বে ঘৰৰ পৰা নোহোৱা হোৱা এগৰাকী যুৱতী হঠাৎ উপস্থিত হ’ল ঘৰত ৷ ছবছৰে ক’ত আছিল, কেনেকৈ আছিল যুৱতী গৰাকী ? ক’ত নোহোৱা হৈছিল তেওঁ ? জানিবলৈ চাওক এই প্ৰতিবেদন ৷

3. ৰাজ্যৰ উপ নিৰ্বাচন: মিত্ৰতা হ’ব নেকি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত ?

অসমৰ পাঁচটাকৈ বিধানসভা সমষ্টিত অচিৰেই অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ৷ এই উপ-নিৰ্বাচনক লৈ ৰণ কৌশল প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে শাসক-বিৰোধী উভয় পক্ষৰে নেতা-কৰ্মী ৷ ইয়াৰ মাজতে গোপন বৈঠকত মিলিত হৈছে ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ শীৰ্ষ নেতা ৷

4. উদ্ধৱ ঠাকৰেক চৰ সোধোৱাৰ কথা কৈ আটক হ’ল কেন্দ্ৰীয় মন্ত্ৰী

মহাৰাষ্ট্ৰ আৰক্ষীয়ে(Maharashtra police) কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি নেতা নাৰায়ণ ৰাণে(Union Minister and BJP leader Narayan Rane )ক ৰত্নগিৰিত আটক কৰিছে । সংবাদ মাধ্যমত প্ৰকাশ হোৱা এক বাতৰি অনুসৰি, ৰাণেই সোমবাৰে মহাৰাষ্ট্ৰত জন আশীৰ্বাদ যাত্ৰা( Jan Aashirwad Yatra)ৰ সময়ত মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে এক মন্তব্য কৰিছিল ।

5. গোৱাত ৰাছিয়ান মডেল আলেকজেন্দ্ৰা জাভিৰ ৰহস্যজনক মৃত্যু

কাঞ্চনা-3 ৰ অভিনেত্ৰী তথা ৰাছিয়ান মডেল আলেকজেন্দ্ৰা জাভি (Alexandra Djavi)ৰ ৰহস্যজনক মৃত্যুৱে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ উত্তৰ গোৱাৰ চিওলিম অঞ্চলৰ ভাড়া ঘৰত চীপ লৈ থকাৰ অৱস্থাত উদ্ধাৰ হৈছিল এইগৰাকী ৰাছিয়ান মডেলৰ মৃতদেহ ৷

6. চাংসাৰিৰ CIPET ত দেশৰ ১৫ গৰাকী সাংসদ

ৰাসায়নিক পদাৰ্থ আৰু সাৰ বিভাগৰ সংসদীয় সমিতিত থকা প্ৰায় ১৫ গৰাকী সাংসদে পৰিদৰ্শন কৰে কামৰূপ জিলাৰ চাংসাৰিস্থিত চিপেট । চিপেটলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা বিভিন্ন কেন্দ্ৰীয় অনুদানৰ সদ ব্যৱহাৰৰ ওপৰত বিশেষভাৱে পৰ্যালোচনা কৰে ।

7. ঠিকাৰ ধন সময়ত নোপোৱাৰ বাবেই বিজেপি নেতাই কৰিলে আত্মহত্যা

ঠিকা কৰি সময়ত চৰকাৰৰ পৰা প্ৰাপ্য টকা নোপোৱাৰ বাবেই লখিমপুৰত ধাৰত পোত যোৱা এজন বিজেপি কৰ্মী তথা ঠিকাদাৰে আত্মহননৰ পথ বাছি লৈছে ৷ যি ঘটনাই জিলাখনত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

8. বিজেপি চৰকাৰে ব্যৰ্থতাৰ নতুন অভিলেখ সৃষ্টি কৰিছে: প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মা

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন 100 দিনীয়া চৰকাৰখনে দেশৰ সংবিধান প্ৰদত্ত জনগণৰ মৌলিক অধিকাৰ সম্পূৰ্ণ ৰূপে খৰ্ব কৰিছে ৷ লগতে চৰকাৰখনে কেতবোৰ নেতিবাচক পদক্ষেপ গ্ৰহণ কৰাৰ ফলত ৰাজ্যখনৰ অৰ্থনৈতিক, সামাজিক বিকাশৰ পথ সম্পূৰ্ণ ৰূপে ৰুদ্ধ হৈ পৰিছে ৷ এই মন্তব্য কৰিছে প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা দ্বীজেন শৰ্মাই ৷

9. সোণোৱালক অসমৰ ৰাইজৰ আগত পৰিচয় কৰাবৰ বাবেহে জন আশীৰ্বাদ যাত্ৰা !

জন আশীৰ্বাদ যাত্ৰা সন্দৰ্ভত বিৰোধীৰ সমালোচনাক প্ৰত্যুত্তৰ মন্ত্ৰী যোগেন মহনৰ ৷ মন্ত্ৰী গৰাকীৰ মতে উপ-নিৰ্বাচনৰ সৈতে কোনো সম্পৰ্ক নাই জন আশীৰ্বাদ যাত্ৰাৰ ৷ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালক ৰাজ্যবাসী আৰু দেশবাসীৰ ওচৰত চিনাকি কৰাই দিয়াই জন আশীৰ্বাদ যাত্ৰাৰ মূল লক্ষ্য ৷

10. অৰুনাচলৰ বন-বিষয়াৰ নামেৰে নতুন প্ৰজাতিৰ কেটফিছৰ নামাকৰণ

অৰুণাচল প্ৰদেশত উদ্ধাৰ হোৱা এটা নতুন কেটফিছ প্ৰজাতিৰ নাম ৰাজ্যখনৰ এজন বন বিষয়াৰ নামেৰে ৰখা হৈছে । অৰুণাচল প্ৰদেশ চৰকাৰৰ অফিচিয়েল টুইটাৰ হেণ্ডেল যোগে এই কথা ঘোষণা কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.