ETV Bharat / bharat

উদ্ধৱ ঠাকৰেক চৰ সোধোৱাৰ কথা কৈ আটক হ’ল কেন্দ্ৰীয় মন্ত্ৰী

author img

By

Published : Aug 24, 2021, 6:12 PM IST

জন আশীৰ্বাদ যাত্ৰা( Jan Aashirwad Yatra in Maharashtra)ৰ সময়ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক চৰ সোধোৱাৰ ইচ্ছা ব্যক্ত কৰিছিল ৷

maharashtra-police-detain-union-minister-narayan-rane-in-ratnagiri
উদ্ধৱ ঠাকৰেক চৰ সোধোৱাৰ কথ কৈ আটক হ’ল কেন্দ্ৰীয় মন্ত্ৰী

নেশ্বনেল ডেস্ক, 24 আগষ্ট : মহাৰাষ্ট্ৰ আৰক্ষীয়ে(Maharashtra police) কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি নেতা নাৰায়ণ ৰাণে(Union Minister and BJP leader Narayan Rane )ক ৰত্নগিৰিত আটক কৰিছে । সংবাদ মাধ্যমত প্ৰকাশ হোৱা এক বাতৰি অনুসৰি, ৰাণেই সোমবাৰে মহাৰাষ্ট্ৰত জন আশীৰ্বাদ যাত্ৰা( Jan Aashirwad Yatra)ৰ সময়ত মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে এক মন্তব্য কৰিছিল । অৱশেষত মঙলবাৰে বিজেপি নেতাজনক উপকূলীয় ৰত্নগিৰি জিলাৰ আৰক্ষীয়ে জিম্মাত লয় ৷

য'ত তেওঁ জন আশীৰ্বাদ যাত্ৰাৰ অংশ হিচাপে ভ্ৰমণৰত অৱস্থাত আছিল । পৰৱৰ্তী সময়ত বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক নিজৰ জিম্মাত লোৱাৰ পিছত আৰক্ষীয়ে সংগমেশ্বৰ আৰক্ষী চকীলৈ লৈ যায় বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে, এই ঘটনাৰ পূৰ্বে মঙলবাৰে ৰাণেই তেওঁৰ বিৰুদ্ধে থকা অভিযোগক প্ৰত্যাহ্বান জনাই বোম্বে উচ্চ ন্যায়ালয়(Bombay High Court )ৰ কাষ চাপিছিল ।

ৰাণে এক আবেদন যোগে তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন কৰা সকলো এজাহাৰ(FIR) বাতিল কৰিবলৈ চেষ্টা কৰে । সোমবাৰে, এমএছএমই(MSME)ৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু শিৱসেনাৰ সভাপতি উদ্ধৱ ঠাকৰে(Chief Minister and Shiv Sena president Uddhav Thackeray)ক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ৷

ভাৰতে স্বাধীনতা লাভ কৰাৰ কিমান বছৰ অতিক্ৰম কৰিলে উদ্ধৱ ঠাকৰে সেই বিষয়েও জ্ঞাত নহয় বুলি মন্তব্য কৰে বিজেপি নেতা গৰাকীয়ে ৷ আনহে নালাগে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী গৰাকীক চৰ সোধোৱাৰ ইচ্ছাও ব্যক্ত কৰিছিল নাৰায়ণ ৰাণেই ৷ এই কথাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ অন্তত অৱশেত আৰক্ষীয়ে আটক কৰিলে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক ৷

লগতে পঢ়ক : তালিবানী সমৰ্থকৰ বিৰুদ্ধে কঠোৰ হ’ব আৰক্ষী: আৰক্ষী সঞ্চালক প্ৰধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.