ETV Bharat / state

তালিবানী সমৰ্থকৰ বিৰুদ্ধে কঠোৰ হ’ব আৰক্ষী: আৰক্ষী সঞ্চালক প্ৰধান

author img

By

Published : Aug 24, 2021, 2:06 PM IST

reaction of dgp bhaskarjyoti mahanta
আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ প্ৰতিক্ৰিয়া

তালিবানক(Taliban) সমৰ্থন কৰা লোকৰ বিৰুদ্ধে কঠোৰ হ’ব অসম আৰক্ষী(Assam Police) ৷ এইবাৰ তালিবানী সমৰ্থকৰ বিৰুদ্ধে সতৰ্ক হৈ পৰিছে আৰক্ষী-প্ৰশাসন ৷ সোমবাৰে মৰাণত উপস্থিত হৈ এই মন্তব্য কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই(Bhaskarjyoti Mahanta) ৷

মৰাণ, 24 আগষ্ট: আফগানিস্তানৰ শাসনৰ জৰী দখল কৰা তালিবানক(Taliban) সমৰ্থন কৰা অসমৰ যিকোনো লোকৰ বিৰুদ্ধে কঠোৰ হ’ব অসম আৰক্ষী(Assam Police) ৷ তালিবানক সমৰ্থন কৰি সামাজিক মাধ্যমত প’ষ্ট কৰা লোকৰ ওপৰতো দৃষ্টি ৰাখিব আৰক্ষীয়ে ৷ এই মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ(Bhaskarjyoti Mahanta) ৷

ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ লগতে এইবাৰ তালিবানী সমৰ্থকৰ বিৰুদ্ধে সতৰ্ক হৈ পৰিছে আৰক্ষী ৷ আৰক্ষীৰ উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰিবলৈ সোমবাৰে সোণাৰিত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ।

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ প্ৰতিক্ৰিয়া

বৈঠকত অংশগ্ৰহণ কৰি তেওঁ কয় যে, শতবৰ্ষ গৰকা ঐতিহাসিক সোণাৰি আৰক্ষী থানাও সংৰক্ষণ কৰা হ’ব । 1947 চনৰ পূৰ্বৰ আৰক্ষী থানাৰ নথি-পত্ৰসমূহ ডিজিটেলাইজ কৰা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে ।

লগতে পঢ়ক: BSF, অসম আৰক্ষীৰ যুটীয়া অভিযানত ফান্দত পৰিল অস্ত্ৰ সৰবৰাহকাৰী

সুদীৰ্ঘ 20 বছৰৰ অন্তত আফগানিস্তানত পুনৰ আধিপত্য বিস্তাৰ কৰিছে তালিবানে । আগন্তুক ভয়াৱহতাৰ আশংকা কৰি শংকিত হৈ পৰিছে দেশবাসী । কিন্তু ইয়াৰ মাজতো একাংশ লোকে তালিবানক সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে ৷ অৱশ্যে এই ক্ষেত্ৰত কঠোৰ হৈ পৰিছে ৰাজ্যৰ আৰক্ষী-প্ৰশাসন ৷

তালিবানৰ সমৰ্থনত ফেচবুকযোগে প’ষ্ট শ্বেয়াৰ কৰি আৰক্ষীৰ জালত পৰিছে ৰাজ্যৰ বিভিন্ন জিলাৰ বহুকেইজন তালিবানী সমৰ্থক । সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা তালিবানৰ সমৰ্থনত একাংশ লোক ওলাই অহাৰ বিপৰীতে আন একাংশই সামাজিক মাধ্যমক আহিলা হিচাপে লোৱা ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে সচেতন মহলক ।

লগতে পঢ়ক: ডিব্ৰুগড়ত দুদিনতে 6 টা অবৈধ কাঠফলা মিল জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.