ETV Bharat / state

BSF, অসম আৰক্ষীৰ যুটীয়া অভিযানত ফান্দত পৰিল অস্ত্ৰ সৰবৰাহকাৰী

author img

By

Published : Aug 23, 2021, 8:13 PM IST

অন্ধকাৰ জগত(under world)ক অসমৰ ভাগ্য নিয়ন্ত্ৰণ কৰিবলৈ এৰি দিয়া নাই অসম আৰক্ষীয়ে(Assam police) ৷ অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে বাংলাদেশৰ সীমান্তৱৰ্তী (Indo-Bangladesh border) বদৰপুৰত পিস্তল সহ আটক কৰে দুজনকৈ সন্দেহযুক্ত অস্ত্ৰ সৰবৰাহকাৰীক ৷

assam-police-and-bsf-arrested-two-arms-trader-with-arms-in-a-joint-operation
BSF, অসম আৰক্ষীৰ যুটীয়া অভিযানত ফান্দত পৰিল অস্ত্ৰ সৰবৰাহকাৰী

কৰিমগঞ্জ, 23 আগষ্ট : এদিন দুদিন কৰি ৰাজ্য শাসনৰ দায়িত্বত থকা চৰকাৰখনে ইতিমধ্যে অতিক্ৰম কৰিছে এশ দিনৰ অধিক দিন ৷ বিগত এশটা দিনত চৰকাৰখনে লোৱা প্ৰচেষ্টা সমূহৰ ভিতৰত আটাইতকৈ চকুত লগা দিশটোৱেই হৈছে অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ৰ গৃহ বিভাগে(home department) গ্ৰহণ কৰা তৎপৰতা ৷ ড্ৰাগছ, মানৱ দেহৰ অংগ সৰবৰাহকাৰী অথবা আন আন নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে এক কথাত জিহাদ কৰিছে অসম আৰক্ষীয়ে ৷ ইয়াৰ পিছতো এচাম অপৰাধীয়ে ৰাজ্যৰ অন্ধকাৰ জগতখনত নিজৰ অস্তিত্ব জাহিৰ কৰি এতিয়াও চলাই গৈছে বিভিন্ন অপৰাধ ৷

পিছে অন্ধকাৰ জগত(under world)ক অসমৰ ভাগ্য নিয়ন্ত্ৰণ কৰিবলৈ এৰি দিয়া নাই অসম আৰক্ষীয়ে(Assam police) ৷ শেহতীয়াকৈ কৰিগঞ্জত অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে(BSF) লাভ কৰিছে আন এক সফলতা ৷ চুবুৰীয়া দেশ বাংলাদেশৰ সীমান্তৱৰ্তী (Indo-Bangladesh border) জিলাখনৰ বদৰপুৰত সন্দেহযুক্ত অস্ত্ৰ সৰবৰাহকাৰী চক্ৰৰ (arms trafficking racket ) বিৰুদ্ধে অভিযানকাৰী দলটোৱে লাভ কৰিলে এই সফলতা ৷

BSF, অসম আৰক্ষীৰ যুটীয়া অভিযানত ফান্দত পৰিল অস্ত্ৰ সৰবৰাহকাৰী

এক গোপন সূত্ৰৰ ভিত্তিত যুটীয়া অভিযান চলাই সোমবাৰে বদৰপুৰ ষ্টেচন ৰোডৰ পৰা ৫ টাকৈ পিস্তল সহ দুজন অস্ত্ৰ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় বিএছএফ আৰু বদৰপুৰ আৰক্ষী ৷ আৰক্ষী সূত্ৰে জানিব পৰা গৈছে যে, ডিমাপুৰৰ পৰা অবৈধ হাথিয়াৰ লৈ ত্ৰিপুৰালৈ যাবলৈ স্পেচিয়েল ট্ৰেইনত বদৰপুৰ ষ্টেছনলৈ আহিছিল সৰবৰাহকাৰী দুটা ৷ বদৰপুৰ ৰেল আৰক্ষী(Badarpur railway police)ৰ চকুত ধুলি দি দুয়ো ষ্টেছনৰ পৰা বদৰপুৰৰ বজাৰৰ ফালে যাত্ৰা কৰে ৷

কিন্তু, এই খবৰ লাভ কৰি বদৰপুৰ বজাৰত ফান্দ পাতি অপেক্ষা কৰে অভিযানকাৰী দলটোৱে ৷ অৱশেষত দুয়ো সৰবৰাহকাৰী বদৰপুৰ আৰক্ষী আৰু বিএছএফৰ জালত পৰে ৷ দলটোৱে দুই যুৱকক আটক কৰি থানালৈ লৈ যায় আৰু তেওঁলোকৰ বেগৰ পৰা পাচটাকৈ পিস্তল উদ্ধাৰ কৰে ৷ পাথাৰকান্দিৰ নুৰুল ইছলাম আৰু ডিমাপুৰৰ লেংচুম নামৰ ধৃত সৰবৰাহকাৰী দুটাক সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ অনুসন্ধানত জেৰা চলাই আছে ৷

লগতে পঢ়ক : ঐতিহাসিক কাজিখোৱা গল্ফ ফিল্ড সংৰক্ষণৰ দাবীত আলফা স্বাধীনৰ বিবৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.