ETV Bharat / state

ডিব্ৰুগড়ত দুদিনতে 6 টা অবৈধ কাঠফলা মিল জব্দ

author img

By

Published : Aug 24, 2021, 12:00 PM IST

ডিব্ৰুগড়ত চোৰাং কাঠ আৰু অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে জিলা বন বিভাগ(Forest Department) আৰু আৰক্ষীৰ অভিযান ৷ অভিযান কালত দুটা দিনৰ ভিতৰতে 6 টাকৈ অবৈধ কাঠফলা মিল, 49 টা মূল্যবান কাঠৰ কুণ্ডা জব্দ কৰিছে বন বিভাগে ৷

dibrugarh forest department expedition
ডিব্ৰুগড়ত বন বিভাগৰ অভিযান

ডিব্ৰুগড়, 24 আগষ্ট : হঠাতে সক্ৰিয় হৈ পৰিছে বন বিভাগ(Forest Department) ৷ ডিব্ৰুগড় চহৰৰ দাঁতি কাষৰীয়া অঞ্চলত অব্যাহত থকা অবৈধ কাঠৰ মিল, চোৰাং কাঠৰ বেহাত এইবাৰ শেন চকু জিলা বন বিভাগৰ । দীৰ্ঘদিন ধৰি জিলাখনৰ ঠায়ে ঠায়ে থকা বন সংমণ্ডলসমূহৰ বিষয়া-কৰ্মচাৰীৰ চকুত ধূলি দি চলি থকা অবৈধ কাঠৰ কুণ্ডাৰ বেহা আৰু কাঠফলা মিলৰ বেহাত এতিয়া চোকা দৃষ্টি পৰিছে ডিব্ৰুগড় বন সংমণ্ডলৰ ।

dibrugarh forest department expedition
ডিব্ৰুগড়ত বন বিভাগৰ অভিযান

দেওবাৰে ডিব্ৰুগড়ৰ ৰহমৰীয়াত 5 টাকৈ অবৈধ কাঠফলা মিল জব্দ কৰাৰ পাচত সোমবাৰেও অবৈধ কাঠৰ বেহাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছিল ডিব্ৰুগড়ৰ বন বিভাগে ৷ ৰহমৰীয়াৰ ব’ৰ’তি চুক অঞ্চলত দীৰ্ঘদিন ধৰি চলি আছিল এই অবৈধ কাঠ ফলা কাৰ্য ৷

লগতে পঢ়ক: সোণাই-ৰূপাইত চোৰাং কাঠকটীয়া-বনকৰ্মীৰ মাজত তীব্ৰ সংঘৰ্ষ

ডিব্ৰুগড় বন সংমণ্ডল বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত এটা দলে ৰহমৰীয়া আৰক্ষীৰ সহযোগত দেওবাৰে অতৰ্কিতে অভিযান চলাই অবৈধ মিলসমূহ জব্দ কৰে । লগতে এই অভিযান কালত 26 টাকৈ মূল্যৱান কাঠৰ কুণ্ডা জব্দ কৰে দলটোৱে ৷ দ্বিতীয় দিনা অৰ্থাৎ সোমবাৰে পুনৰ অভিযান চলাই কচুৱনী আৰু বগৰী তলীয়া অঞ্চলত 23 টা অবৈধ মূল্যবান গছৰ কুণ্ডা জব্দ কৰা হয় ।

dibrugarh forest department expedition
ডিব্ৰুগড়ত বন বিভাগৰ অভিযান

ইয়াৰ পৰিপ্ৰেক্ষিতত বিগত দুটা দিনত বন সংমণ্ডল বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত মুঠ 6 টা অবৈধ কাঠ ফলা মিল আৰু 49 টা অবৈধ কুণ্ডা জব্দ কৰা হৈছে । অনাগত দিনটো চোৰাং কাঠৰ বেহাৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব বুলি বন সংমণ্ডল বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিসীমা ছীল কৰক : আটাছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.