ETV Bharat / state

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিসীমা ছীল কৰক : আটাছু

author img

By

Published : Jul 23, 2021, 10:16 PM IST

Dihing Patkai National Park
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিসীমা চিল কৰক:আটাছু

বনকৰ্মী আৰু অৰুণাচলী চোৰাং কাঠ মাফিয়াৰ সংঘৰ্ষৰ পাচতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ (Dehing Patkai National Park) বাসৱনলাত উপস্থিত হয় আটাছুৰ (AATASU) এটা সঁজাতি দল ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ চাৰিসীমা ছীল কৰাৰ দাবী উত্থাপন কৰে আটাছুৰ (AATASU) নেতৃত্বই ৷

মৰাণ, 23 জুলাই : দিহিং পাটকাইয়ে ৰাষ্ট্ৰীয় উদ্যান (Dehing Patkai National Park) হিচাপে স্বীকৃতি লাভ কৰিলেও দিহিং পাটকাইৰ নিৰাপত্তা আজিও সুনিশ্চিত হৈ উঠা নাই । ৰাজ্যৰ সদ্য ঘোষিত সপ্তমখন ৰাষ্ট্ৰীয় উদ্যানত এতিয়াও অব্যাহত আছে বন ধ্বংস (Deforestration)। অলপতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু অৰুণাচলী চোৰাং কাঠ মাফিয়াৰ মাজত এক প্ৰচণ্ড গুলীয়াগুলিৰ ঘটনা সংঘটিত হৈছিল ৷

এই সংঘৰ্ষত বন মাফিয়াই কুণ্ডা টানিবলৈ ব্যৱহাৰ কৰা এজনী ২০ বছৰীয়া মাইকী হাতী গুলীবিদ্ধ হৈ মৃত্যু মুখত পৰে । গতিকে এই ঘটনাই স্পষ্ট কৰে যে, দিহিং পাটকাইৰ নিৰাপত্তা সুনিশ্চিত কৰা ক্ষেত্ৰত ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৷ এই বাতৰি সংবাদ মাধ্যমত সবিস্তাৰে সম্প্ৰচাৰ হোৱাৰ পিছতেই সচেতন মহল, প্ৰকৃতিপ্ৰেমী, বিভিন্ন দল সংগঠনে তীব্ৰ উদ্বেগ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ।

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিসীমা চিল কৰক:আটাছু

বনকৰ্মী আৰু অৰুণাচলী চোৰাং কাঠ মাফিয়াৰ মাজত এই সংঘৰ্ষ হৈছিল অসম-অৰুণাচল সীমান্তৰ (Assam Arunachal Border) বনবিভাগৰ শুকান জুৰি খণ্ড কাৰ্যালয়ৰ অন্তৰ্গত বাসৱনলাত ৷ এই ঘটনাৰ বুজ ল'বৰ বাবে উক্ত অঞ্চলত উপস্থিত হয় সদৌ টাই আহোম ছাত্ৰ সন্থাৰ (AATASU) কেন্দ্ৰীয় সমিতিৰ লগতে ডিব্ৰুগড় জিলা সমিতি আৰু তিনিচুকীয়া জিলা সমিতিৰ এটা সঁজাতি দল ।

টাই আহোম ছাত্ৰ সন্থাৰ ৫০ জনীয়া এই সঁজাতি দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি বুজ লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত চাৰিসীমা চিল কৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ দাবী জনাই আটাছু সঁজাতি দলটোৰ নেতৃত্বই ৷ ইয়াৰ লগতে ৰাষ্ট্ৰীয় উদ্যান খনৰ বনকৰ্মীৰ সংখ্যা বৃদ্ধি কৰিবলৈও দাবী জনাই আটাছুৱে ।

লগতে পঢ়ক:অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হ’ব প্ৰদ্যুৎ বৰদলৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.