ETV Bharat / state

অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হ’ব প্ৰদ্যুৎ বৰদলৈ !

author img

By

Published : Jul 23, 2021, 1:59 PM IST

দুই এদিনতে ঘোষণা হ'ব অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতিৰ নাম । নতুন সভাপতিৰ বাবে উচ্চাৰিত হৈছে জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নাম ৷

pradyut bordoloi is going to be the next apcc president
প্ৰদ্যুৎ বৰদলৈয়ে হ’ব নেকি অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি?

নগাঁও, 23 জুলাই : প্ৰদ্যুৎ বৰদলৈ হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটী(APCC)ৰ পৰৱৰ্তী সভাপতি ৷ দুই এদিনতে ঘোষণা হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ নাম । কংগ্ৰেছৰ হাইকামাণ্ডে(congress high command) ইতিমধ্যেই এক প্ৰকাৰ চূড়ান্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি গৰাকীৰ নাম। বিভিন্ন সময়ত আলোচিত হৈ আহিছে যে, বিসম্বাদ আৰু লবীকেন্দ্ৰীক ৰাজনীতিত জৰ্জৰিত অসম প্ৰদেশ কংগ্রেছৰ নেতৃত্বৰ ভুলৰ বাবেই বিগত অসম বিধানসভা নিৰ্বাচনত মুখথেকেচা খাবলগীয়া হৈছিল ।

বিধানসভা নিৰ্বাচন(assembly election)ত পৰাজয়ৰ বাবে দায়িত্ব স্বীকাৰ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ ইচ্ছা ব্যক্ত কৰিছিল ৰিপুন বৰাই । ৰিপুন বৰাই পদত্যাগ কৰাৰ পিছতেই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদক লৈ আৰম্ভ হৈছিল জল্পনা কল্পনা । নতুন সভাপতিৰ বাবে নাম উচ্চাৰিত হৈছিল সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সম্পাদক ভূপেন বৰা আৰু জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ(MP Pradyut bordoloi)ৰ ।

কেইবা গৰাকীও বিধায়ককে ধৰি কেইবাজনো নেতাই দল ত্যাগ কৰি বিজেপিত যোগদান কৰাত দলটোৰ অৱস্থা শেহতীয়াকৈ অতি শোচনীয় হৈ পৰিছে । কেৱল এয়াই নহয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদক লৈও আৰম্ভ হৈছে লবীকেন্দ্ৰিক ৰাজনীতি । প্ৰকাশ্য নহ’লেও ভিতৰুৱাকৈ কংগ্ৰেছৰ একাংশ নেতাই ব্যক্তিগত স্বাৰ্থত সাংসদ প্ৰদ্যুৎ বৰদলৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে বাছনি কৰাৰ ক্ষেত্ৰত বিৰোধিতা কৰিছে যদিও গৰিষ্ঠ সংখ্যকে আকৌ দলীয় স্বাৰ্থত প্ৰদ্যুৎ বৰদলৈকে বিচাৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ।

এনে অৱস্থাত দলটোক পুনৰ শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বাছনি কৰিব বিচাৰিছে দলটোৰ হাইকামাণ্ডে । এইক্ষেত্ৰত অতি শেহতীয়াকৈ দিল্লী হাইকামাণ্ডে প্ৰদ্যুৎ বৰদলৈ অথবা ভূপেন বৰাকে সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত একপ্ৰকাৰ চূড়ান্ত কৰিছে । অৱশ্যে, সমগ্ৰ ৰাজ্যতে প্ৰভাৱ থকা প্ৰাক্তন মন্ত্ৰী তথা সাংসদ প্ৰদ্যুৎ বৰদলৈকে সভাপতিৰ দায়িত্ব দিয়াৰ সম্ভাৱনাই অধিক বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে । হয়তো দুই এদিনতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নাম ঘোষণা কৰিব দলৰ হাইকামাণ্ডে ।

আন এক সূত্ৰৰ পৰা জানিব পৰা মতে সাংসদ প্ৰদ্যুৎ বৰদলৈ অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হ’লে দলত থাকি কেৱল চিপৰাং মৰা ৰাজনীতিত সিদ্ধহস্ত একাংশ বিয়াগোম নেতাৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিব ৷ সেই কথা একপ্ৰকাৰ নিশ্চিত বুলিও চৰ্চিত হৈছে দলটোৰে একাংশ নেতাৰ মাজত । বিসম্বাদ আৰু লবী কেন্দ্ৰিক ৰাজনীতিত জৰ্জৰিত অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিয়ে দলটোক কিদৰে আগুৱাই নিয়ে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক : অনলাইনত কেনেকৈ পাব সুৰা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.