ETV Bharat / state

অনলাইনত কেনেকৈ পাব সুৰা ?

author img

By

Published : Jul 23, 2021, 12:04 PM IST

অনলাইন সুৰা বিক্ৰীৰ বাবে আবকাৰী বিভাগে নিৰ্ধাৰ কৰি দিছে কেতবোৰ নিৰ্দেশনা ৷ সুৰাৰ হোম ডেলিভাৰীৰ ক্ষেত্ৰত ক্ৰেতা বিক্ৰেতাই মানিব লাগিব এই চৰ্তসমূহ ৷

Assam excise department notice on online liquor delivery
অনলাইন সুৰা বিক্ৰী সম্পৰ্কে ৰাজপত্রিত জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰে

গুৱাহাটী, ২৩ জুলাই : অনলাইন সুৰা বিক্ৰী সম্পৰ্কে ৰাজপত্রিত জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰে । অনুজ্ঞাপত্র থকা সুৰা বিপনীৰ ক্ষেত্রতহে অনলাইন যোগে সুৰা বিক্ৰীৰ অনুমতি থাকিব । এপৰ মাধ্যমেৰে বিক্ৰী কৰিব পাৰিব সুৰা । অনলাইন সুৰা বিক্ৰীৰ বাবে আবকাৰী বিভাগৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব সুৰা বিপনীয়ে ।

ডেলিভাৰী এজেণ্টৰ সবিশেষ তথ্য জমা দিব লাগিব আবকাৰী বিভাগক । ডেলিভাৰী এজেণ্টৰ বয়স ২১ বছৰৰ কম হ'ব নোৱাৰিব । অনলাইন সুৰা ক্ৰয়ৰ বাবে নিৰ্দিষ্ট কৰি দিয়া অনলাইন প'ৰ্টেলত গ্ৰাহকে নাম আৰু বয়সৰ প্ৰমাণ দিব লাগিব । শিক্ষানুষ্ঠানৰ হোষ্টেল, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ধৰ্মীয় স্থানত সুৰা ডেলিভাৰী কৰিব নোৱাৰিব ।

এজন গ্ৰাহকে এবাৰত সৰ্বাধিক তিনি লিটাৰ পৰ্যন্ত সুৰা অৰ্ডাৰ কৰিব পাৰিব । সেইদৰে ডেলিভাৰী এজেণ্টে এবাৰত ৯ লিটাৰ পৰ্যন্ত সুৰা কঢ়িয়াব পাৰিব । অৰ্ডাৰ দিওতেই গ্ৰাহকে সুৰাৰ মূল্য আদায় দিব লাগিব ।

পুৱা ১১ বজাৰ পৰা নিশা ১০ বজালৈ সুৰাৰ হোম ডেলিভাৰীৰ সুবিধা থাকিব । অৰ্ডাৰ দিয়াৰ ২ ঘণ্টাৰ ভিতৰতে সুৰাৰ ডেলিভাৰী দিব লাগিব । নিৰ্দিষ্ট ডেলিভাৰী চাৰ্জ, ছাৰ্ভিচ চাৰ্জ আদিৰ উপৰি কোনো চাৰ্জ ল'ব নোৱাৰিব বিপণীয়ে । এক কিলোমিটাৰতকৈ কম দূৰত্বৰ বাবে অতিৰিক্ত চাৰ্জ ৫০ টকা আৰু এক কিলোমিটাৰৰ পৰা দুই কিলোমিটাৰৰ ভিতৰত চাৰ্জ ৭৫ টকা । অৰ্ডাৰ লাভ কৰাৰ দহ মিনিটৰ ভিতৰত বিপণীয়ে অৰ্ডাৰ গ্ৰহণ কৰিব লাগিব । আনহাতে অৰ্ডাৰ বাতিল হ'লে গ্ৰাহকে আন এখন বিপণীৰ পৰা সুৰা ক্ৰয় কৰিব পাৰিব ।

প্ৰত্যেক বিপণীয়ে সৰ্বাধিক ১০ জন এজেণ্ট ৰাখিব পাৰিব । প্ৰথম কেৱল গুৱাহাটী পৌৰ নিগম এলেকাত সীমিত থাকিব এই অনলাইন সুবিধা । পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ৰাজ্যতে উপলব্ধ হ'ব অনলাইন যোগে সুৰা ক্ৰয় কৰাৰ সুবিধা । উল্লেখ্য যে, ৰাজ্যিক কেবিনেটে ক'ভিডকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সুৰাৰ বিপণীসমূহৰ ভিৰ হ্ৰাস কৰিবলৈ পৰীক্ষামূলকভাৱে এমাহৰ বাবে গুৱাহাটীত সুৰা অনলাইনত বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

লগতে পঢ়ক : পৈতৃক সম্পত্তিক লৈ প্ৰাণে মৰাৰ ভাবুকি এগৰাকী বৃদ্ধাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.