ETV Bharat / state

সোণাই-ৰূপাইত চোৰাং কাঠকটীয়া-বনকৰ্মীৰ মাজত তীব্ৰ সংঘৰ্ষ

author img

By

Published : Aug 23, 2021, 1:42 PM IST

clash-between-illegal-wood-cutter-and-forest-guard
চোৰাং কাঠকটীয়া-বনকৰ্মীৰ মাজত তীব্ৰ সংঘৰ্ষ

দেওবাৰে নিশা সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ(Sonai Rupai Wildlife Sanctuary) দুৰ্গম অঞ্চলত চোৰাং কাঠকটীয়া আৰু বনকৰ্মীৰ মাজত গুলীয়াগুলি ৷ এই সংঘৰ্ষত দুজনকৈ বনৰক্ষী জোৱান আহত ৷ চোৰাং কাঠকটীয়াৰ দলটোৰ পৰা 5 টাকৈ কাঠ কটা যন্ত্ৰ জব্দ বনৰক্ষীৰ ৷

ৰঙাপৰা, 23 আগষ্ট: শোণিতপুৰ জিলাৰ মিছামাৰীৰ উত্তৰ দিশত অৱস্থিত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ(Sonai Rupai Wildlife Sanctuary) দুৰ্গম অঞ্চলত দেওবাৰে নিশা এটা চোৰাং কাঠ সৰবৰাহকাৰীৰ দল আৰু বনকৰ্মীৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘৰ্ষৰ ৷ উক্ত ঘটনাত আঘাতপ্ৰাপ্ত হয় সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনত কৰ্মৰত দুজনকৈ বনৰক্ষী জোৱান ।

অভয়াৰণ্যৰ কলামাটিস্থিত বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া বিভূতি মজুমদাৰে সদৰী কৰে যে, অসম-অৰুণাচল সীমান্তৱৰ্তী তথা বনাঞ্চলিক কাৰ্যালয়ৰ পৰা প্ৰায় 23 কিল’মিটাৰ দূৰত্বত থকা দীক্ষেশ্বৰী বন শিবিৰ আৰু লক্ষীঘাটৰ মাজৰ অংশত নিশাৰ ভাগত এটা চোৰাং কাঠকটীয়াৰ দলে প্ৰৱেশ কৰে । সেইমৰ্মে দীক্ষেশ্বৰী বন শিবিৰ আৰু কলামাটি বনাঞ্চলিক কাৰ্যালয়ৰ পৰা এটা বনৰক্ষীৰ দল ঘোৰ অন্ধকাৰ আৰু প্ৰৱল বৃষ্টিপাতকো আওকাণ কৰি গেলগেলী নৈ আৰু গৰঙা নলাৰ এবুকু পানী পাৰ হৈ ঘটনাস্থলীত উপস্থিত হয় ।

চোৰাং কাঠকটীয়া-বনকৰ্মীৰ মাজত তীব্ৰ সংঘৰ্ষ

লগতে পঢ়ক: সংকটৰ দিশে সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য

নিশা প্ৰায় 11 বজাত অভয়াৰণ্যখনৰ দুৰ্গম অঞ্চলত বনৰক্ষী আৰু 20-25 জনীয়া কাঠ কটীয়াৰ দলটোৰ মাজত গুলীয়াগুলি আৰম্ভ হয় ৷

কাঠকটীয়াৰ আক্ৰমণত অস্থায়ী বনকৰ্মী মোহন নাথ আৰু বন পালক নয়নজ্যোতি বৰা আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে । ইফালে অভিযানকাৰী দলটোক আক্ৰমণ কৰি কাঠকটীয়া কেইজন অন্ধকাৰৰ সুযোগ লৈ পলাই যায় যদিও কাঠকটীয়াৰ দলটোৰ পৰা 5 টাকৈ কাঠ কটা যন্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় বনৰক্ষী বাহিনীয়ে ।

জৈৱ বৈচিত্ৰৰে ভৰপূৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য ক্ৰমান্বয়ে গতি কৰিছে ধ্বংসৰ গৰাহলৈ ৷ বন্যপ্ৰাণী অভয়াৰণ্যখনৰ ভিতৰভাগ পৰিণত হৈছে চোৰাং কাঠৰ ঘাটিলৈ । বৃহৎ অঞ্চল আগুৰি থকা অভয়াৰণ্যখনত পৰ্যাপ্ত বনকৰ্মী নথকাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি চোৰাং কাঠ ব্যৱসায়ীয়ে ৷ নিৰ্বিঘ্নে চলাই গৈছে বন ধ্বংস কাৰ্য ।

লগতে পঢ়ক: সোণাই ৰূপাই অভয়াৰণ্যত বনৰক্ষী-চোৰাং চিকাৰীৰ মাজত সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.