ETV Bharat / state

সংকটৰ দিশে সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য

author img

By

Published : Jun 29, 2021, 10:41 PM IST

sonai-rupai-wildlife-sanctuary-is-under-threat-of-illegal-lumberjack-and-poachers
খোদ চোৰাং কাঠ কটিয়াই ক’লে কি চলিছে সোনাই-ৰূপাই বন্যপ্ৰানী অভয়াৰন্যত

সংকটৰ দিশে অগ্ৰসৰ মিছামাৰীৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য ৷ অভয়াৰণ্যৰ ভিতৰত চলিছে বন ধ্বংস কাৰ্য, অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত চোৰাং কাঠ ব্যৱসায়ীয়ে নিৰ্বিঘ্নে কাটিছে মূল্যবান গছ ৷ বন বিভাগৰ অভিযানত আটক হোৱা চোৰাং কাঠকটীয়াই দিলে বিস্ফোৰক স্বীকাৰোক্তি ৷

ৰঙাপৰা, 29 জুন : শোণিতপুৰ জিলাৰ মিছামাৰীৰ উত্তৰ দিশত অৱস্থিত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য(sonai rupai wildlife sanctuary)ত মঙলবাৰে চোৰাং কাঠকটীয়া আৰু বনকৰ্মীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । উক্ত ঘটনাত অভয়াৰণ্যত কৰ্মৰত এজন বনপালক(forest worker) আঘাতপ্ৰাপ্ত হয় । অৱশ্যে অভয়াৰণ্যখনৰ নিৰাপত্তাৰ দায়িত্বত থকা বনৰক্ষী(forest guard) সকলে অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত হৈ থকা ৩০ জনীয়া চোৰাং কাঠকটীয়া(illegal lumberjack) আৰু চোৰাং চিকাৰী(poacher)ৰ ভিতৰত এজন চোৰাং কাঠ কটীয়াক আটক কৰিবলৈ সক্ষম হয় ।

উল্লেখযোগ্য যে, সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখন দীৰ্ঘদিনৰ পৰা অবৈধ চোৰাং কাঠ সৰবৰাহকাৰীৰ ঘাটিলৈ পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈছে । অভয়াৰণ্যখনৰ ভিতৰত থকা মূল্যবান গছ-গছনি কাটি নিশাৰ ভাগত বন বিভাগৰ চকুত ধূলি দি জিলাখনৰ বিভিন্ন প্ৰান্তলৈ চোৰাং কাঠ সৰবৰাহ কৰি আহিছে একাংশ কাঠ ব্যৱসায়ীয়ে । সম্প্ৰতি অভয়াৰণ্যখনৰ ভিতৰত চৰাই-চিৰিকটিৰ মাতৰ বিপৰীতে যন্ত্ৰ চালিত কৰতৰ শব্দ ৰজনজনাই থাকে । মঙলবাৰে বন বিভাগে(forest department) এজন চোৰাং কাঠকটীয়াক আটক কৰাৰ পাছতেই অভয়াৰণ্যখনৰ ভিতৰত নিশাৰ ভাগত কি পৰিৱেশে বিৰাজ কৰে তাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ।

এক গোপন সূত্ৰৰ আধাৰত নিশাৰ ভাগত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ কলামাটি বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া বিভূতি মজুমদাৰৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে অভয়াৰণ্যখনৰ দুৰ্গম এলেকা হিচাপে পৰিচিত জয়পুৰত এক অভিযান চলায় ৷

সংকটৰ দিশে সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য

উক্ত অভিযানত মণ্ডল মাৰ্ডিৰ(৩০) নামৰ এজন চোৰাং কাঠকটীয়াক গছ কটা মেচিন, এখন দা, চাইকেল কিছু আপত্তিজনক সা-সামগ্ৰীৰ সৈতে জব্দ কৰিবলৈ সক্ষম হয় । আটকাধীন চোৰাং কাঠকটীয়াজনে বন পালক হৰ্ষজিত মজুমদাৰৰ শৰীৰৰ কেইবাঠাইতো আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল ৷ অন্যান্য বনকৰ্মীসকলে কোনোমতে আটক কৰিবলৈ সক্ষম হয় মাৰ্ডিক ।

শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰ এলেকাৰ বন্যপ্ৰানী অভয়াৰণ্যখন এসময়ত আপুৰুগীয়া গছ-গছনিৰে পৰিপূৰ্ণ আছিল । ২২০ বৰ্গ কিল’মিটাৰে ভূমি আগুৰি থকা সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখন এতিয়া বেদখলকাৰীৰ কবলত । সম্প্ৰতি অভয়াৰণ্যখনত প্ৰায় ১১০ বৰ্গ কিল’মিটাৰহে ভূমিহে মুক্ত হৈ আছে ।

সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ কলামাটি বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত বন বিভাগে মাত্ৰ ১৪ টা স্থায়ী বন শিবিৰ (forest camp) স্থাপন কৰি ২৯ জন স্থায়ী বনৰক্ষী, ৪ জন অস্থায়ী কৰ্মী, ১৮ জন গৃহৰক্ষী(home guard), ৭ জন এএফটিএফ(AFTF)কে ধৰি মুঠ ৬২ জন জোৱানে অভয়াৰণ্যখনৰ সুৰক্ষাত নিয়োজিত হৈ আছে । বৃহৎ এলেকা সামৰি থকা অভয়াৰণ্যখনত অপৰ্যাপ্ত বন কৰ্মী নিয়োজিত হৈ থকাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি চোৰাং চিকাৰীকে ধৰি চোৰাং কাঠ সৰবৰাহকাৰীসকলে দিনে-নিশাই চলাই গৈছে বন ধ্বংস(deforestation)কাৰ্য ।

অসম-অৰুণাচলৰ সীমান্তৱৰ্তী এলেকা (Assam-Arunachal border area) সামৰি থকা অভয়াৰণ্যখনৰ ভিতৰচ'ৰা অতি দুৰ্গম ৷ অভয়াৰণ্যখনত থকা মূল্যবান গছ নিতৌ কাটি অহা বুলি এক ভয়ংকৰ স্বীকাৰোক্তি প্ৰদান কৰিছে আটকাধীন চোৰাং কাঠ সৰবৰাহকাৰী মণ্ডল মাৰ্ডিয়ে । প্ৰত্যেক দিনাৰ দৰেই সোমবাৰে নিশা ১৫-২০ জনীয়া এটা চোৰাং কাঠকটীয়া আৰু চোৰাং চিকাৰীৰ দলে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰলৈ অভয়াৰণ্যখনত প্ৰৱেশ কৰিছিল ৷

দলটোৱে পৰৱৰ্তী সময়ত বনকৰ্মীৰ আগমনৰ কথা জানিব পাৰি অন্ধকাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় ৷ আটকাধীন মণ্ডল মাৰ্ডিয়ে স্বীকাৰোক্তি প্ৰদান কৰে যে, ৰঙাপৰাৰ যোগীবিল অঞ্চলকে ধৰি কাৰ্বি নামৰ এজন চোৰাং কাঠ ব্যৱসায়ীৰ লগতে আন কেইবাজনো চোৰাং কাঠ ব্যৱসায়ীয়ে দৈনিক ৩০-৪০ জোপা গছ কাটি আহিছে ৷

গছ কটাৰ বাবদ তেওঁলোকে পাৰিশ্ৰমিক হিচাপে পাঁচশ টকাকৈ লাভ কৰে ৷ আনহাতে, অস্ত্ৰ-শস্ত্ৰ লৈ অভয়াৰণ্যৰ ভিতৰত অবৈধভাৱে প্ৰৱেশ কৰি কেৱল গছ কটাতে শান্ত নাথাকি অভয়াৰণ্যখনৰ ভিতৰত বিচৰণ কৰি থকা জীৱ-জন্তু চিকাৰ কৰি অহা বুলি আটকাধীন লোকজনে বন বিভাগৰ আগত স্বীকাৰোক্তি প্ৰদান কৰে । কলামাটি বনাঞ্চলিক কাৰ্যালয়ে ধৃত মণ্ডল মাৰ্ডিৰ বিৰুদ্ধে Sr-o3 of 20-21 date এক গোচৰ ৰুজু কৰিছে ।

অভয়াৰণ্যখনৰ সুৰক্ষাত নিয়োজিত বন সুৰক্ষা কৰ্মীৰ সংখ্যা কম হোৱাৰ সুযোগ লৈ দীৰ্ঘদিনৰ পৰা চোৰাং কাঠকটীয়া আৰু চোৰাং চিকাৰীৰ ঘাটিলৈ পৰিণত হৈছে, সেয়া স্পষ্ট হৈ পৰিছে । সময় থাকোতে যদি ৰাজ্যৰ বন বিভাগে সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখন সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ’লে এদিন সংকটৰ গৰাহত পৰিব ৷

লগতে পঢ়ক : Cyber Crime নিয়ন্ত্ৰণ কৰিবলৈ অসম আৰক্ষীত নতুন সংযোজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.