ETV Bharat / state

সোণাই ৰূপাই অভয়াৰণ্যত বনৰক্ষী-চোৰাং চিকাৰীৰ মাজত সংঘৰ্ষ

author img

By

Published : May 26, 2021, 2:35 PM IST

firing at Sonai Rupai
সোনাই ৰূপাই অভয়াৰণ্যত সংঘৰ্ষ

২৩ মে'ৰ নিশা সোণাই ৰূপাই অভয়াৰণ্যত তহলদাৰী বনৰক্ষী আৰু চোৰাং চিকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয় । বনৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে চোৰাং চিকাৰীয়ে । ঘটনাস্থলীৰ পৰা উদ্ধাৰ দুটা হস্ত নিৰ্মিত বন্দুক, দুই জাই সজীৱ গুলী আৰু এবাকচ গুলী নিৰ্মাণ কৰা পদাৰ্থ ।

তেজপুৰ,২৬ মে': ৰাজ্যত অব্যাহত আছে চোৰাং চিকাৰীৰ কাৰ্যকলাপ । ইয়াৰ মাজতে শোণিতপুৰ জিলাৰ অন্তৰ্গত সোণাই ৰূপাই অভয়াৰণ্যত বনৰক্ষী আৰু চোৰাং চিকাৰীৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে । তথ্য অনুসৰি যোৱা ২৩ মে'ৰ নিশা বন বিভাগৰ ৰেঞ্জ বিষয়া বিভূতি মজুমদাৰ নেতৃত্বত যোৱা এটা তাহলদাৰী দলৰ ওপৰত লক্ষ্য কৰি চিকাৰীৰ এটা দলে গুলীবৰ্ষণ কৰে ।

firing at Sonai Rupai
সোণাই ৰূপাই অভয়াৰণ্যত বনৰক্ষী-চোৰাং চিকাৰীৰ মাজত সংঘৰ্ষ

তাৰ পিছত বন কৰ্মীৰ দলটোৱে প্ৰত্যুত্তৰত দুই জাঁই গুলীবর্ষণ কৰে । বন কৰ্মীয়ে পিছত উক্ত অঞ্চলৰ পৰা দুটা হস্ত নিৰ্মিত বন্দুক, দুই জাঁই সজীৱ গুলী এক বাকচ গুলী নিৰ্মাণ কৰা পদাৰ্থৰ লগতে বহুতো সামগ্ৰী উদ্ধাৰ কৰে । উল্লেখ্য যে বনাঞ্চলখনত ইয়াৰ পূৰ্বে বহুকেইটা চোৰাং চিকাৰী আটক কৰা হৈছে আৰু অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক:প্ৰকৃত কৃষকৰ পৰিৱৰ্তে ভুৱা কৃষকৰ হাতলৈ আঁচনিৰ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.