ETV Bharat / state

বিজেপি চৰকাৰে ব্যৰ্থতাৰ নতুন অভিলেখ সৃষ্টি কৰিছে: প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মা

author img

By

Published : Aug 24, 2021, 5:36 PM IST

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন 100 দিনীয়া চৰকাৰখনে দেশৰ সংবিধান প্ৰদত্ত জনগণৰ মৌলিক অধিকাৰ সম্পূৰ্ণ ৰূপে খৰ্ব কৰিছে ৷ লগতে চৰকাৰখনে কেতবোৰ নেতিবাচক পদক্ষেপ গ্ৰহণ কৰাৰ ফলত ৰাজ্যখনৰ অৰ্থনৈতিক, সামাজিক বিকাশৰ পথ সম্পূৰ্ণ ৰূপে ৰুদ্ধ হৈ পৰিছে ৷ এই মন্তব্য কৰিছে প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা দ্বীজেন শৰ্মাই ৷

the-assam-bjp-government-has-set-a-new-record-of-inability-ex-mp-dwijen-sarma
বিজেপি চৰকাৰে ব্যৰ্থতাৰ নতুন অভিলেখ সৃষ্টি কৰিছে

গুৱাহাটী,24 আগষ্ট: "ৰাজ্য চৰকাৰে ৰাজহুৱা ধনৰ শৰাধ পাতি চৰকাৰখনৰ 100 দিনীয়া তথাকথিত সফলতাৰ ফটা ঢোল বজোৱাৰ এক উৎসৱ পালন কৰিছে ৷ কিন্তু বাস্তৱ ক্ষেত্ৰত তেনে কোনো সফলতা ৰাজ্যখনৰ জনগণৰ চকুত ধৰা পৰা নাই ৷ বৰঞ্চ সকলো ক্ষেত্ৰতে চৰকাৰখনে ব্যৰ্থতাৰ এক নতুন অভিলেখ সৃষ্টি কৰিছে ৷" মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ জেষ্ঠ্য নেতা তথা প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মাই ৷

সংবাদমেলত প্ৰাক্তন সাংসদ গৰাকীয়ে শৰ্মাই মিত্ৰজোঁট চৰকাৰৰ কাম-কাজক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে,বাস্তৱিকতে অসমত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ 5 বছৰৰ 100 দিনহে অতিক্ৰম কৰিছে ৷ বিজেপি নেতৃত্বাধীন 100 দিনীয়া চৰকাৰৰ এই কাৰ্যকালl সৰ্বদিশতে ৰাজ্যখনে কেৱল পশ্চাতমুখি যাত্ৰাৰ দিশে গতি লৈছে ৷ ইয়াৰ উপৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন 100 দিনীয়া চৰকাৰখনে দেশৰ সংবিধান প্ৰদত্ত জনগণৰ মৌলিক অধিকাৰ সম্পূৰ্ণ ৰূপে খৰ্ব কৰিছে বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷

বিজেপি চৰকাৰে ব্যৰ্থতাৰ নতুন অভিলেখ সৃষ্টি কৰিছেঃ প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মা

লগতে চৰকাৰখনে কেতবোৰ নেতিবাচক পদক্ষেপ গ্ৰহণ কৰাৰ ফলত ৰাজ্যখনৰ অৰ্থনৈতিক, সামাজিক বিকাশৰ পথ সম্পূৰ্ণ ৰূপে ৰুদ্ধ হৈ পৰিছে বুলিও মন্তব্য কৰে প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মাই ৷ যিয়ে সংবিধানৰ মৌলিক গাঁথনিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰিছে নেতা গৰাকীয়ে ৷

ইয়াৰ লগতে,আচলতে ইমান দিনে নিজ দলৰ চৰকাৰে ঢাকি ৰখা ব্যৰ্থতাসমূহ চৰকাৰখনৰ অগোচৰে জনতাৰ আগত উন্মুক্ত কৰি দিয়াৰ ক্ষেত্ৰতহে হিমন্ত বিশ্ব শৰ্মাৰ 100 দিনীয়া কাৰ্যকাল সফল হোৱা বুলি ক'ব পাৰি বুলি মন্তব্য দ্বীজেন শৰ্মাৰ ৷ তেওঁ লগতে কয়,"নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ভুল অৰ্থনৈতিক আৰু ত্ৰুটিপূৰ্ণ বৈদেশীক নীতিৰ ফলতে আজি আমাৰ দেশখনে চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ পৰা বিচ্ছিন্ন হ'ব লগা হৈছে৷ ফলত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত আমাৰ ৰাষ্ট্ৰখন ক্ৰমান্বয়ে নিসংগ হ'ব ধৰিছে ৷"

লগতে পঢ়কঃ লাইলাপুৰ কাণ্ড: চাৰি সপ্তাহৰ ভিতৰত প্ৰতিবেদন বিচাৰিছে মানৱ অধিকাৰ আয়োগে

আনহাতে নেতা গৰাকীয়ে তথ্য সহকাৰে কয় যে, অপৰিপক্ক অৰ্থনৈতিক সিদ্ধান্তৰ ফলত দেশৰ জনতাই এতিয়া জনমূৰি প্ৰায় 1 লাখকৈ টকাৰ ধাৰৰ বোজা বহন কৰিব লগা হৈছে ৷ 2011 চনৰ পৰা 2014 চনলৈকে মনমোহন সিং চৰকাৰে প্ৰতিবছৰে লাভাংশ ৰূপে গড়ে 21,345 কোটি টকা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা লৈছিল ৷ আনহাতে বিগত আঠ বছৰত মোদী চৰকাৰে গড়ে প্ৰতি বছৰে লাভাংশ ৰূপে 74,670 কৌটি টকা লৈছিল ৷

বিগত তিনি বছৰত ইয়াৰ পৰিমাণ বৃদ্ধি হৈ 1,10,767 কোটি টকা হৈছে ৷ যিটো মনমোহন সিং চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰায় 5 গুণতকৈ অধিক ৷ সেইদৰে বিগত 67 বছৰত চৰকাৰে সৰ্বমুঠ 55,87,550 কোটি টকা ঋণ হৈছিল ৷ যাৰ পৰিমাণ বৃদ্ধি হৈ যোৱা 7 বছৰত 79,99,526 কোটি টকা হ’ল ৷ বিশ্ব বেংকৰ তথ্য অনুসৰি 2014 চনত আমাৰ দেশৰ বাণিজ্যিক বস্তুৰ ৰপ্তানি আছিল 322 বিলিয়ন ডলাৰ ৷ যিটো কমি 2020 চনত হয়গৈ 276 বিলিয়ন ডলাৰ ৷

লগতে পঢ়কঃ ক’ভিডৰ তৃতীয় ঢৌ : কিমান যুক্তিসংগত স্কুলসমূহ খোলাতো ?

বিশ্ব বেংকৰ আন এটা সমীক্ষাই দেখুৱাইছে যে, ভাৰতত দৰিদ্ৰতাৰ সংখ্যা এটা বছৰত 60 মিলিয়নৰ পৰা 134 মিলিয়ন হৈছে ৷ যাৰ বাবে আমাৰ দেশখন পুনৰ 45 বছৰৰ পিচত ভোকাতুৰ দেশ হ’বলৈ গৈ আছে৷ একেটা সমীক্ষাই দেখুৱাইছে যে 2006 চনৰ পৰা 2016 চনলৈকে দেশত 271 মিলিয়ন নাগৰিকক দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ উঠাই আনিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পৰা যোৱা 4 বছৰত আমাৰ দেশৰ অৰ্থনৈতিক গতি কোন দিশে, সেই কথা সহজেই অনুমান কৰিব পাৰি ৷

আনহাতে সংবাদ মেলত তেওঁ আফগানিস্তানৰ শেহতীয়া ঘটনা প্ৰৱাহৰ প্ৰসংগকলৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ যিসকলে বৰ্বৰ তালিবানৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰৰ প্ৰতি দাবী উত্থাপন কৰে নেতা গৰাকীয়ে ৷ সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মেডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মা, জ্যেষ্ঠ মুখপাত্ৰ ৰাজেশ যোশী আৰু মুখপাত্ৰ গোপাল শৰ্মা উপস্থিত আছিল ৷

লগতে পঢ়কঃ তালিবানী সমৰ্থকৰ বিৰুদ্ধে কঠোৰ হ’ব আৰক্ষী: আৰক্ষী সঞ্চালক প্ৰধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.