ETV Bharat / bharat

ক’ভিডৰ তৃতীয় ঢৌ : কিমান যুক্তিসংগত স্কুলসমূহ খোলাৰ প্ৰসংগ ?

author img

By

Published : Aug 24, 2021, 1:34 PM IST

Updated : Aug 24, 2021, 3:34 PM IST

অক্টোৱৰৰ ভিতৰত তীব্ৰ হোৱাৰ সম্ভাৱনা ক’ভিডৰ তৃতীয় ঢৌৰ প্ৰভাৱ ৷ এই শংকাৰ মাজতে বিদ্যালয়সমূহ পুনৰ খোলা দিয়া বিষয়টোৰ ওপৰত পুনৰ আহি পৰিছে প্ৰশ্ন, যদিও কেইবাখনো ৰাজ্যত ইতিমধ্যেই বিদ্যালয়সমূহ খোলা দিয়া হৈছে ৷ কিন্তু শিশুসকলৰ বাবে ভেকচিন উপলব্ধ নোহোৱাকৈয়ে শিশুসকলক বিদ্যালয়লৈ পঠোৱাতো কিমান সুৰক্ষিত হ’ব ?

Should Schools Reopen? Covid third wave to peak in Oct, target kids
স্কুলসমূহ পুনৰ খুলিব লাগেনে ? অক্টোৱৰত তীব্ৰ হোৱাৰ সম্ভাৱনা ক’ভিড তৃতীয় ঢৌৰ প্ৰভাৱ

নিউজ ডেস্ক, 24 আগষ্ট : অহা দুটা মাহৰ ভিতৰত অৰ্থাৎ অক্টোৱৰৰ ভিতৰত তীব্ৰ হোৱাৰ সম্ভাৱনা ক’ভিডৰ তৃতীয় ঢৌৰ প্ৰভাৱ ৷ ক’ভিডৰ তৃতীয় ঢৌৱে শিশুসকলৰ লগতে বয়োজ্যেষ্ঠ সকলকো প্ৰভাৱান্বিত কৰিব ৷ এই সতৰ্কবাণী প্ৰদান কৰিছে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰতিষ্ঠানে ৷ কিন্তু বিশেষজ্ঞসকলক সবাতোকৈ চিন্তিত কৰিছে শিশু ৰোগৰ সুবিধাসমূহ, চিকিৎসক, চিকিৎসা কৰ্মী, চিকিৎসা সামগ্ৰী আদি প্ৰয়োজনৰ তুলনাত কম পৰিমাণে উপলব্ধ হোৱাৰ বিষয়টোৱে ৷ কাৰণ ক’ভিডৰ তৃতীয় ঢৌৱে শিশুসকলক প্ৰভাৱান্বিত কৰাৰ সম্ভাৱনা অধিক ৷

কমিটীখনে এই সন্দৰ্ভত গৃহ মন্ত্ৰণালয়ক এক প্ৰতিবেদন প্ৰদান কৰি গৃহ মন্ত্ৰণালয়ৰ সহায় বিচাৰিছে ৷ শিশুসকল বিশেষকৰৈ কম’ৰ্ডিবিটি আৰু বিকলাংগ শিশুসকলৰ বাবে ক’ভিড ভেকচিন উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত ৷ 'Third Wave Preparedness: Children Vulnerability and Recovery' নামেৰে চলোৱা এক অধ্যয়নত কেন্দ্ৰই যুদ্ধকালীন তৎপৰতাৰে জৰুৰী ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় ৷

এই অধ্যয়নৰ দ্বাৰা সতৰ্ক কৰি কোৱা হৈছে, ক’ভিডৰ তৃতীয় ঢৌৱে বয়সৰ সীমা পাৰ কৰি শিশুসকলকো ডাঙৰসকলৰ দৰেই প্ৰভাৱান্বিত কৰিব ৷ ইয়াৰ মাজতে একাংশই 12-16 সপ্তাহৰ ভিতৰত দেশক ক’ভিডৰ তৃতীয় ঢৌৱে চুই যাব বুলি শংকা ব্যক্ত কৰাৰ মাজতে একাংশ আকৌ চিন্তিত হৈ পৰিছে যে হয়তো এনে নতুন প্ৰৱাহ আহিব যিয়ে ক’ভিড প্ৰতিষেধকৰ ক্ষমতাক হ্ৰাস কৰি দিব ৷

লগতে পঢ়ক : কৰ'ণাৰ তৃতীয় ঢৌৱে শিশুসকলক আক্ৰান্ত কৰিব নেকি ?

চৰকাৰে জুলাই আগষ্টৰ ভিতৰত 12ৰ পৰা 18 বছৰৰ শিশুসকলৰ বাবে ক’ভিড ভেকচিন উপলব্ধ হ’ব বুলি জানিবলৈ দিছিল ৷ National Technical Advisory Group on Immunisation (NTAGI)ৰ অধ্যক্ষ ডাঃ এন কে অৰোৰাই কৈছে যে ইতিমধ্যে Zydus-Cadilaৰ ট্ৰায়েল প্ৰায়েই সম্পূৰ্ণ হৈছে ৷ অতিশীঘ্ৰে Drug Controller General of Indiaৰ অনুমোদন লাভ কৰিলেই 12ৰ পৰা 18 বছৰৰ শিশুসকলৰ বাবে ক’ভিড ভেকচিন উপলব্ধ কৰোৱা হ’ব বুলি ভাৰত চৰকাৰে উচ্চতম ন্যায়ালক জানিবলৈ দিয়া বুলিও কয় ডাঃ এন কে অৰোৰাই ৷

আনহাতে, AIIMSৰ ডাইৰেক্টৰ ডাঃ ৰনদ্বীপ গুলেৰিয়াৰ মতে ভাৰত বায়’টেকৰ কোভিক্সিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ট্ৰায়েলৰ ৰিপ’ৰ্ট অহাৰ পিছতেই ছেপ্টেম্বৰৰ ভিতৰত ভাৰতত শিশুসকলৰ বাবে উপলব্ধ হ’ব এই প্ৰতিষেধক ৷ ইয়াৰ উপৰিও Pfizer ভেকচিনো (বিশ্বজুৰি শিশুসকলক প্ৰদান কৰা একমাত্ৰ ক’ভিড ভেকচিন) ভাৰতত ব্যৱহাৰৰ বাবে অনুমোদন লাভ কৰিলেই শিশুসকলৰ বাবে উপলব্ধ হ’ব ৷

মুঠৰ ওপৰত শিশুসকলক ক’ভিডৰ প্ৰতিষেধক প্ৰদান; ক’ভিড-19 বিৰোধী যুঁজখনত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব ৷ শিশুসকলে পুনৰবাৰ মুকলিভাৱে শিক্ষাগ্ৰহণ আৰম্ভ কৰিব পাৰিব, বিদ্যালয়লৈ যাব পাৰিব ৷

Reuters 40 গৰাকী বিশেষজ্ঞৰ সমীক্ষাত ক’ভিড-19ৰ তৃতীয় ঢৌৱে 15 জুলাইৰ পৰা 13 অক্টোৱৰৰ ভিতৰত ভাৰতক চুই যাব বুলি আগজাননী প্ৰদান কৰা হৈছে ৷ ছেপ্টেম্বৰৰ প্ৰথম দুটা সপ্তাহত ক’ভিডৰ প্ৰভাৱ তীব্ৰতৰ হ’ব বুলিও এই সমীক্ষাত ধাৰণা কৰা হৈছে ৷

লগতে পঢ়ক : WHO ৱে চলাইছে ক’ভেক্সিনৰ সম্পৰীক্ষা

virologist বিশেষজ্ঞ অধ্যাপক চাহিদ জামিলৰ মতে কোন সময়ত ক’ভিডৰ তৃতীয় ঢৌৱে ভাৰতক চুই যাব তাৰ কোনো নিৰ্দিষ্ট উত্তৰ নাই ৷ "ক’ভিডৰ তৃতীয় ঢৌ সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব দেশখনৰ প্ৰায়সমূহ নিষেধাজ্ঞাই খুলি দিয়াৰ পিছত আমি কেনেদৰে ক’ভিড সন্দৰ্ভৰ নীতি নিৰ্দেশনাসমূহ পালন কৰো লগতে আন এক অধিক শক্তিশালী ভেৰিয়েন্টৰ উত্থানৰ পূৰ্বে অতিকমেও এক পালি প্ৰতিষেধক হ’লেও সকলোৱে লাভ কৰাৰ ওপৰত ৷", এই বুলি কয় চাহিদ জামিলে ৷

ইতিমধ্যে পঞ্জাৱ, ছত্তিশগড়, মধ্য প্ৰদেশ আদি ৰাজ্যই বিদ্যালয়সমূহ খোলা দিয়াৰ সমান্তৰালকৈ উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশৰ দৰে আন কিছু ৰাজ্যই বিদ্যালয় খোলা দিয়াৰ পৰিকল্পনা কৰি আছে ৷ কিন্তু প্ৰতিষেধৰ লাভ নকৰা শিশুসকলৰ বাবে ক’ভিডৰ তৃতীয় ঢৌত আক্ৰান্ত হোৱাৰ সম্ভাৱনা চৌদিশে চিন্তাৰ বিষয় হৈ পৰিছে ৷ বিদ্যালয়ত অফলাইন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সম্পূৰ্ণ বৈকল্পিক হ’ব ৷ ইয়াৰ উপৰিও বিদ্যালয়সমূহে ক’ভিড সন্দৰ্ভত সকলো নীতি-নিৰ্দশনা সম্পূৰ্ণৰূপে মানি চলিব লাগিব ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এই সিদ্ধান্ত তথ্য আৰু সুৰক্ষা ব্যৱস্থাৰ দ্বাৰা পৰিচালিত হ'ব লাগে আৰু শিক্ষাৰ্থী, অভিভাৱক, যত্ন লওঁতা আৰু শিক্ষকসকলৰ উদ্বেগৰ সমাধান কৰিব লাগিব ।

ড৹ ৰণদীপ গুলেৰিয়াই প্ৰাথমিক বিদ্যালয়সমূহত অফলাইন পাঠদান পুনৰ আৰম্ভ কৰাৰ পোষকতা কৰিছে যদিহে জড়িত সকলো প্ৰাপ্তবয়স্কৰ সম্পূৰ্ণ ভেকচিন কভাৰেজ থাকে। তেওঁ এইদৰেও সতৰ্ক কৰি দিছে, "শিশুৰ বেছিভাগেই মৃদু সংক্ৰমণ হয় আৰু কিছুমান লক্ষণহীন হয়, কিন্তু তেওঁলোক সংক্ৰমণৰ বাহক হ'ব পাৰে, যি সমাজৰ চিকিৎসাগতভাৱে আপোচ কৰা শ্ৰেণীৰ বাবে বিপদজনক ।"

লগতে পঢ়ক : ক'ভিড-১৯ৰ সম্ভাৱ্য তৃতীয় ঢৌৰে যুঁজিবলৈ AIIMSৰ নাৰ্চক প্ৰশিক্ষণ

Last Updated :Aug 24, 2021, 3:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.