ETV Bharat / bharat

ক'ভিড-১৯ৰ সম্ভাৱ্য তৃতীয় ঢৌৰে যুঁজিবলৈ AIIMSৰ নাৰ্চক প্ৰশিক্ষণ

author img

By

Published : Jul 14, 2021, 7:44 PM IST

Updated : Jul 15, 2021, 6:33 AM IST

ক'ভিড-১৯(COVID-19)ৰ সম্ভাৱ্য তৃতীয় ঢৌৰে মোকাবিলা কৰিবলৈ চলোৱা প্ৰস্তুতিৰ অংশ হিচাপে প্ৰশিক্ষণ দিয়া হৈছে দিল্লীস্থিত AIIMSৰ নাৰ্চক । মহামাৰীত আক্ৰান্ত শিশুক কেনেদৰে যত্ন ল'ব লাগিব সেই বিষয়ে নাৰ্চসকলক প্ৰশিক্ষণ দিয়া হৈছে । চলিত বৰ্ষৰ আৰম্ভণিতে ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাৰ সময়তো বহু শিশু সংক্ৰমিত হোৱা দেখা গৈছে ।

AIIMS Delhi nurses are undergoing a three day training programme at hospital's pediatric department
ক'ভিডৰ সম্ভাৱ্য তৃতীয় ঢৌৰে যুঁজিবলৈ AIIMSৰ নাৰ্চক প্ৰশিক্ষণ

নেশ্যনেল ডেস্ক, ১৪ জুলাই : ক'ভিড-১৯(COVID-19)ৰ প্ৰথম আৰু দ্বিতীয় ঢৌৱে কাল ৰূপ ধাৰণ কৰাৰ পাছত এইবাৰৰ তৃতীয় ঢৌৰ সংক্ৰমণ আৰম্ভ হোৱাৰো সম্ভাৱনা প্ৰকট হৈছে । চিকিৎসা বিশেষজ্ঞসকলে সাৱধনতা অৱলম্বন কৰিবলৈ বাৰম্বাৰ সকীয়াই দিছে । চিকিৎসালয়বোৰতো মহামাৰীৰ সম্ভাৱ্য তৃতীয় ঢৌৰে মোকাবিলা কৰিবলৈ আগতীয়াকৈ প্ৰস্তুতি চলোৱা দেখা গৈছে । দিল্লীস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান(All India Institute of Medical Sciences)তো নাৰ্চসকলক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে ।

যোৱা ১২ জুলাইত চিকিৎসালয়খনৰ শিশু ৰোগ বিভাগত তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভণি কৰা হৈছে । তিনিটা গোটত বিভক্ত কৰি নাৰ্চসকলক প্ৰশিক্ষণ দিয়া হৈছে । চিকিৎসালয়খনৰ ক'ভিড-১৯ বিভাগৰ সকলো ৱাৰ্ডৰ নাৰ্চসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে । এইমছ দিল্লী নাৰ্ছিং মহাবিদ্যালয়ে কাৰ্যসূচী আয়োজন কৰিছে ।

উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাৰ সময়তো বহু শিশু সংক্ৰমিত হোৱা দেখা গৈছে । ইয়াৰে কেইবাটাও কণ কণ শিশুৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰিছিল ।

ক'ভিডত আক্ৰান্ত হৈ সুস্থ হোৱাৰ পাছতো বহুতো শিশুৰ দেহত আন ৰোগৰ লক্ষণে দেখা দিছিল । বিশেষকৈ এম আই এছ চি (Multisystem inflammatory syndrome in children) পৰিলক্ষিত হৈছিল । সেয়ে, চিকিৎসালয়ৰ শিশু ৰোগ বিভাগবোৰে অধিক মনোযোগ দিব লগীয়া হয় । কেইসপ্তাহমান পূৰ্বে, বিশ্ব স্বাস্থ্য সংস্থা আৰু এইমছে এই সন্দৰ্ভত এক যুটীয়া জৰীপ চলাইছিল ।

লেঞ্চেট ইণ্ডিয়া টাস্ক ফ’ৰ্চে(Lancet India Task Force)ও পূৰ্বে শিশু ৰোগ বিশেষজ্ঞসকলৰ বাবে পৰিকল্পনা, প্ৰট'কল আৰু নীতি-নিৰ্দেশনাৰ ওপৰত আলোকপাত কৰি এক পৰামৰ্শ দাঙি ধৰিছিল । ক'ভিড-১৯ৰ সম্ভাৱ্য তৃতীয় ঢৌৱে সকলোতকৈ আগতে শিশুসকলক প্ৰভাৱিত কৰিব বুলি অনুমান কৰা হৈছে । ইণ্ডিয়ান একাডেমী অৱ পেডিয়াট্ৰিক্সেও যোৱা ছয় মাহ ধৰি ৩০০০ গৰাকী শিশু ৰোগ বিশেষজ্ঞক প্ৰশিক্ষণ দি আছে ।

ইয়াৰ লগতে বি-গ্ৰেড চহৰ আৰু সৰু গাঁৱৰ পৰা অহা শিশু ৰোগ বিশেষজ্ঞসকলকো প্ৰশিক্ষণ প্ৰদান হৈছে । স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ভাৰতে ৩৮,৭৯২ জন লোক নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হৈছে । আনহাতে, ৪১ হাজাৰ গৰাকী লোক আৰোগ্য হৈ উঠিছে আৰু ৬২৪ জনে প্ৰাণ হেৰুৱাইছে ।

লগতে পঢ়ক : নন্দীগ্ৰাম সমষ্টিৰ ফলাফলৰ পুনৰ বিবেচনা প্ৰক্ৰিয়া: 12 আগষ্টত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য

Last Updated : Jul 15, 2021, 6:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.