ETV Bharat / city

কৰ'ণাৰ তৃতীয় ঢৌৱে শিশুসকলক আক্ৰান্ত কৰিব নেকি ?

author img

By

Published : Jul 23, 2021, 4:47 PM IST

Will the third wave of karana affect the children !
কৰ'ণাৰ তৃতীয় ঢৌৱে শিশুসকলক আক্ৰান্ত কৰিব নেকি ?

কৰ'ণাৰ সংহাৰ আৰু শিশুৰ সুৰক্ষা সন্দৰ্ভত কি কয় বিশেষজ্ঞ চিকিৎসকে ? ইটিভি ভাৰতৰে (Etv Bharat) হোৱা আছুতীয়া সাক্ষাৎকাৰত শিশু বিশেষজ্ঞ ডাঃ য়াচিন আলীয়ে দিলে বহুকেইটা পৰামৰ্শ।

গুৱাহাটী, 23 জুলাই : সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে ক'ভিডৰ সংহাৰী ৰূপ ৷ কৰ'ণা মহামাৰীত শেহতীয়াকৈ শিশুসকল বিশেষভাৱে আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে । অসমত এইপৰ্যন্ত ১৮ বছৰৰ তলৰ ৩৪ হাজাৰৰো অধিক শিশু তথা কিশোৰ-কিশোৰী কৰ'ণাত আক্ৰান্ত হোৱাৰ তথ্য সদৰি কৰিছে খোদ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই (Keshab Mahanta) । আনহাতে বৰ্তমানলৈ ৰাজ্যখনত সক্ৰিয় হৈ আছে প্ৰায় তিনি হাজাৰ ক’ভিড আক্ৰান্ত শিশু তথা কিশোৰ-কিশোৰী ।

চৰকাৰী তথ্য মতে ৩০ জুনলৈ অসমত ৩৮ টা শিশুৱে কৰ'ণাত প্ৰাণ হেৰুৱাইছে । এনে পৰিস্থিতিত শিশুসকলৰ সুৰক্ষাৰ প্ৰসংগটো বিশেষভাৱে উত্থাপন হৈছে । বিশেষকৈ কৰ'ণাৰ তৃতীয় ঢৌ আহিলে শিশুসকলক ক্ষতিগ্ৰস্ত কৰিব নেকি ? সকলো অভিভাৱকৰ মনত এতিয়া এই প্ৰশ্নই ক্ৰিয়া কৰিছে । এক কথাত সন্তানৰ সুৰক্ষাৰ প্ৰসংগক লৈ শংকিত হৈ পৰিছে অভিভাৱকসকল ।

Will the third wave of karana affect the children !
কৰ'ণাৰ তৃতীয় ঢৌৱে শিশুসকলক আক্ৰান্ত কৰিব নেকি !

অসমৰ আন কেইবাখনো জিলাৰ লগতে পাহাৰীয়া জিলা ডিমা হাছাওত (Dima Hasao) ক'ভিডে ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ শেহতীয়াকৈ জিলাখনত এক সপ্তাহৰ ভিতৰত 35 টাকৈ শিশু ক'ভিডত আক্ৰান্ত হোৱাৰ তথ্য স্বাস্থ্য বিভাগে ৰাজহুৱা কৰাৰ পাছতে শংকিত হৈ পৰিছে জিলাবাসী ৷ যোৱা এক সপ্তাহৰ পৰা ডিমা হাছাও জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

উল্লেখ্য যে, স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে 15 জুলাইৰ পৰা 21 জুলাইলৈকে অসমৰ অন্যতম পাহাৰীয়া জিলা খন ডিমা হাচাওত 35 টাকৈ শিশু ক'ভিডত আক্ৰান্ত হৈছে ৷ এই আক্ৰান্ত সকল 4 মাহৰ শিশুৰ পৰা আৰম্ভ কৰি 18 বছৰৰ তলৰ বুলি জানিবলৈ দিছে স্বাস্থ্য বিভাগে ৷ বুধবাৰৰ দিনটোত জিলাখনত এটি 4 মহীয়া শিশু সহ মুঠ 10 টা শিশু ক'ভিডত আক্ৰান্ত হৈছে ৷

লগতে পঢ়ক-ক’ত হেৰাল APSC- পৰীক্ষাৰ ৭০ খন উত্তৰবহী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.