ETV Bharat / state

ৰাজ্যৰ উপ নিৰ্বাচন: মিত্ৰতা হ’ব নেকি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত ?

author img

By

Published : Aug 24, 2021, 6:04 PM IST

অসমৰ পাঁচটাকৈ বিধানসভা সমষ্টিত অচিৰেই অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ৷ এই উপ-নিৰ্বাচনক লৈ ৰণ কৌশল প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে শাসক-বিৰোধী উভয় পক্ষৰে নেতা-কৰ্মী ৷ ইয়াৰ মাজতে গোপন বৈঠকত মিলিত হৈছে ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ শীৰ্ষ নেতা ৷

discussion-between-raijor-dol-and-assam-congress-party-on-bypolls
উপ নিৰ্বাচন সন্দৰ্ভত ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ মাজত আলোচনা

শিৱসাগৰ,24 আগষ্ট: আগন্তুক উপ-নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে শাসক-বিৰোধী উভয় পক্ষ ৷ ইয়াৰ মাজতে সোমবাৰে নিশা শিৱসাগৰ নগৰৰ শিৱা পেলেচ হোটেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ মাজত অনুষ্ঠিত হয় গোপন বৈঠক ৷ এই বৈঠক সন্দৰ্ভত কংগ্ৰেছ দলৰ তৰফৰ পৰা কোনো বিষয় ৰাজহুৱা কৰা নাই যদিও ৰাইজৰ দলৰ পৰা এই গোপন বৈঠক সন্দৰ্ভত সদৰী কৰিছে দলৰ সভাপতি অখিল গগৈয়ে ৷

উক্ত বৈঠকৰ কথা সদৰী কৰি গগৈয়ে কয় যে, কংগ্ৰেছ দলৰ লগত আগন্তুক উপ নিৰ্বাচন সন্দৰ্ভত আলোচনা হৈছে ৷ নিৰ্বাচন হবলগীয়া তামুলপুৰ, গোঁসাইগাওঁ, মাজুলী, মৰিয়ণি আৰু থাওৰা সমষ্টিত যদি বিৰোধী একত্ৰিত হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগ নবঢ়াই তেন্তে বিজেপি জয়ী হোৱাৰ সম্ভাৱনা আছে ৷ সেয়েহে ৰাইজৰ দলে পাঁচ সমষ্টিৰ ভিতৰত এটা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী বিচাৰি প্ৰস্তাৱ আগবঢ়াইছে ৷ কিন্তু এতিয়াও এই বিষয়ত কোনো চূডান্ত সিদ্ধান্ত হোৱা নাই বুলি জনাইছে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে ৷

উপ নিৰ্বাচন সন্দৰ্ভত ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ মাজত আলোচনা

অৱশ্যে কংগ্ৰেছ দলে সকলো কেইটা সমষ্টিত নিজ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পক্ষত আছে বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়, যদি কংগ্ৰেছ দলে এনে ধৰণে আগন্তুক উপ নিৰ্বাচনত যুঁজ দিয়ে, তেন্তে বিজেপি দলক সকলো সমষ্টি গতাই দিয়াটো নিশ্চিত ৷

উল্লেখ্য যে, যি সময়ত ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে মৰিয়ণি আৰু থাওৰা সমষ্টিত জিকাৰ সম্ভাৱনাত আছে, সেয়েহে দলটোক কংগ্ৰেছে এটা সমষ্টি প্ৰদান কৰি সন্মিলিতভাৱে নিৰ্বাচনত ভাগ লবলৈ আহ্বান জনাইছে অখিল গগৈয়ে ৷ অৱশ্যে সোমবাৰৰ নিশাৰ এই বৈঠক আৰম্ভণিহে বুলি উল্লেখ কৰিছে বিধায়ক গৰাকীয়ে ৷ পৰৱৰ্তী দিনত দুয়োটা দলৰ নেতৃত্বই এই সন্দৰ্ভত পুনৰ আলোচনাত মিলিত হ'ব বুলি জনাইছে অখিল গগৈয়ে ৷

লগতে পঢ়কঃ আদৰ্শ নথকা নেতাসকলেহে বিজেপি দলত যোগদান কৰে : আব্দুল খালেক

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.