আদৰ্শ নথকা নেতাসকলেহে বিজেপি দলত যোগদান কৰে : আব্দুল খালেক

author img

By

Published : Aug 24, 2021, 1:24 PM IST

mp-abdul-khaleque-visit-dima-hasao

কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা কংগ্ৰেছৰ সাংগঠনিক দিশটো চোৱাচিতাৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সাংসদ আব্দুল খালেকৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছে ৷ জিলাকেইখনত কংগ্ৰেছৰ সাংগঠনিক ভেঁটি বুজ লোৱাৰ বাবে সোমবাৰে হাফলঙত উপস্থিত হয় সাংসদগৰাকী ৷

ডিমা হাছাও, 24 আগষ্ট : বিজেপি এটা সাম্প্ৰদায়িক দল আৰু বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি আৰু বিভেদকামী ৰাজনীতি কৰে । হাফলঙৰ আৱৰ্ত ভৱনত সোমবাৰে সাংবাদিকৰ আগত এই মন্তব্য কৰে সাংসদ আব্দুল খালেকে ৷ সাংসদগৰাকীয়ে বিজেপিয়ে সাম্প্ৰদায়িক আৰু বিভেদকামী ৰাজনীতি কৰাৰ বাবেই কংগ্ৰেছৰ মূল শত্ৰু বিজেপি আৰু এই সাম্প্ৰদায়িক দলৰ বিৰুদ্ধে যুঁজি থকা বুলি মন্তব্য কৰে ৷

তেওঁ লগতে কয় যে, ৰাজনীতিত দল সলনি চলে ৷ কিন্তু যি নেতাৰ কোনো আদৰ্শ নাই, সেই নেতাসকলেহে বিজেপি দলত যোগদান কৰে ৷ আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও কংগ্ৰেছ দলৰ পৰাই বিজেপিত যোগদান কৰিছে বুলি মন্তব্য কৰে ।

ডিমা হাছাও ভ্ৰমণত ব্যস্ত সাংসদ আব্দুল খালেক

উল্লেখ্য যে, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা কংগ্ৰেছৰ সাংগঠনিক দিশটো চোৱাচিতাৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সাংসদ আব্দুল খালেকৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছে ৷ এই কমিটিত থাকিব কংগ্ৰেছৰ যুৱ নেতা মানস বৰা, জ্যেষ্ঠ নেতা গোলাপ শইকীয়া, প্ৰফুল্ল বড়ো আৰু শশীকান্ত দাস ৷

লগতে পঢ়ক : লাইলাপুৰ কাণ্ড: চাৰি সপ্তাহৰ ভিতৰত প্ৰতিবেদন বিচাৰিছে মানৱ অধিকাৰ আয়োগে

ইতিমধ্যে দুখনকৈ নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হৈছে যদিও পাহাৰীয়া জিলাসমূহত দলটোৰ সাংগঠনিক ভেঁটি এতিয়াও শক্তিশালী থকা বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে ৷ সাংসদ খালেকে একপ্ৰকাৰ দাবী কৰি কয় যে, বৰ্তমান বিজেপিৰ নেতৃত্বত চলি থকা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ দুৰ্নীতিৰ ফলত সাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰিছে ৷ তেওঁলোকৰ বিৰুদ্ধে যিবিলাক গোচৰ আছে, তাৰ বাবে এই নেতাসকলৰ সাংবিধানিক পদত থকাৰ কোনো অধিকাৰ নাই ৷ যাৰ বাবে 2024 চনৰ নিৰ্বাচনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ দখল কৰিব কংগ্ৰেছে ৷

পৰিষদৰ বিজেপিৰ একাংশ কাৰ্যনিৰ্বাহক সদস্যই কংগ্ৰেছ দলটোৰ সৈতে যোগাযোগ ৰখা বুলিও বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে খালেকে ৷ পৰৱৰ্তী নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত তেওঁলোকে দল সলনি কৰি কংগ্ৰেছত চামিল হোৱাৰ কথাও সাংসদগৰাকীয়ে প্ৰকাশ কৰে ৷ আনহাতে, মাহুৰৰ পৰা হাফলঙলৈ যোৱা পথৰ যি শোচনীয় অৱস্থা তাৰ বিষয়েও সৰৱ হৈ পৰে সাংসদ খালেকে ৷ জিলাখনৰ সৰ্বাংগীণ বিকাশ আৰু পৰ্যটনৰ সম্ভাৱনাক বাস্তৱায়িত কৰাৰ বাবে যে কংগ্ৰেছ দলটোক নিৰ্বাচন কৰাটো প্ৰয়োজনীয় সেই কথা সদৰী কৰে সাংসদগৰাকীয়ে ৷

ডিমা হাছাও জিলা কংগ্ৰেছৰ নেতৃত্ব সলনি কৰাৰ সন্দৰ্ভত চলা চৰ্চা সম্পৰ্কে মতামত প্ৰকাশৰ পৰা সাংসদগৰাকী বিৰত থাকে ৷ পৰৱৰ্তী সময়ত আব্দুল খালেকে গুৱাহাটীলৈ গৈ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক প্ৰতিবেদন দাখিল কৰিব ৷ ইয়াৰ পিছতে সকলো সিদ্ধান্ত গ্ৰহণ কৰিব প্ৰদেশ কংগ্ৰেছ নেতৃত্বই ৷

লগতে পঢ়ক : অভয়াপুৰীৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন আমছুৰ সভাপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.