ETV Bharat / state

চাংসাৰিৰ CIPET ত দেশৰ ১৫ গৰাকী সাংসদ

author img

By

Published : Aug 24, 2021, 7:08 PM IST

ৰাসায়নিক পদাৰ্থ আৰু সাৰ বিভাগৰ সংসদীয় সমিতিত থকা প্ৰায় ১৫ গৰাকী সাংসদে পৰিদৰ্শন কৰে কামৰূপ জিলাৰ চাংসাৰিস্থিত চিপেট । চিপেটলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা বিভিন্ন কেন্দ্ৰীয় অনুদানৰ সদ ব্যৱহাৰৰ ওপৰত বিশেষভাৱে পৰ্যালোচনা কৰে ।

parliamentary committee
চাংসাৰিৰ CIPETত দেশৰ ১৫ গৰাকী সাংসদ

চাংসাৰি,২৪ আগষ্ট: কামৰূপ জিলাৰ চাংসাৰিস্থিত চেণ্ট্ৰেল ইনষ্টিটিউট অৱ পেট্ৰ'কেমিকেলচ ইঞ্জিনিয়াৰিং এণ্ড টেকন'ল'জি (Central Institute of Petrochemicals Engineering & Technology) চমুকৈ চিপেটত উপস্থিত দেশৰ প্ৰায় ১৫ গৰাকী সাংসদ । ৰাসায়নিক পদাৰ্থ আৰু সাৰ বিভাগৰ সংসদীয় সমিতিত থকা এই সাংসদ কেইগৰাকীয়ে পৰিদৰ্শন কৰে চিপেট । চিপেটৰ উপৰিও দলটোৱে ৰাজ্যখনৰ নাইপাৰ (NIPER) প্ৰতিষ্ঠানো পৰিদৰ্শন কৰে ।

ভাৰতীয় অৰ্থনীতিত প্লাষ্টিক উদ্যোগৰ সম্ভাৱনা আৰু পৰিৱেশ অনুকূল (Eco Friendly) হিচাপে প্লাষ্টিকৰ ব্যৱহাৰ সম্পৰ্কেও আলোচনা কৰে সাংসদৰ দলটোৱে । সম্ভাৱনা পূৰ্ণ প্লাষ্টিক উদ্যোগত নতুন প্ৰজন্মক আগ্ৰহী কৰাৰ বাবে আলোকপাত কৰে প্ৰতিনিধি দলটোৱে । দলটোৱে চিপেটলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা বিভিন্ন কেন্দ্ৰীয় অনুদানৰ সদ ব্যৱহাৰৰ ওপৰতো পৰ্যালোচনা কৰে । ইফালে পেলনীয়া প্লাষ্টিকৰ সামগ্ৰীসমূহ পুনৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে সংসদীয়া দলটোৱে ।

চাংসাৰিৰ CIPET ত দেশৰ ১৫ গৰাকী সাংসদ

উল্লেখ্য যে প্ৰতিষ্ঠানটো লোকসভা আৰু ৰাজ্যসভাৰ প্ৰায় ১৫ গৰাকী সাংসদ উপস্থিত থাকে । ১৫ জনীয়া সাংসদৰ দলটোৰ কেইগৰাকীমান সাংসদ ক্ৰমে কানিমোঝি কৰুণানিধি (Kanimozhi Karunanidhi), প্ৰতাপৰাও গোবিন্দৰাও চিখালিকাৰ (Prataprao Govindrao Chikhalikar) ,কৃপানাথ মাল্লাহ (Kripanath Mallah) ,ডঃ এম কে বিষ্ণু প্ৰসাদ (Dr M K vishnu Prasad),অৰুণ কুমাৰ সাগৰ (Arun Kumar Sagar),প্ৰদীপ কুমাৰ সিং (Pradeep Kumar Singh),উদয় প্ৰতাপ সিং (Uday Pratap Singh),সঞ্জীৱ কুমাৰ শিংগাৰী (Sanjeev Kumar Singari),বিজয়পাল সিং তোমাৰ (Vijaypal Singh Tomar)।

লগতে পঢ়ক :সোণোৱালক অসমৰ ৰাইজৰ আগত পৰিচয় কৰাবৰ বাবেহে জন আশীৰ্বাদ যাত্ৰা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.