ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 4, 2022, 1:00 PM IST

top-10-at-1pm
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal to visit Assam today) ৷ বিয়লি 4 বাজি 45 মিনিটত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

যৌন কৰ্মী সৰবৰাহকাৰীৰ হাতত আৰক্ষী অধীক্ষকৰ ম’বাইল

এগৰাকী যৌন কৰ্মী সৰবৰাহকাৰীৰ হাতৰ পৰা আৰক্ষী অধীক্ষকৰ চুৰি ম’বাইল উদ্ধাৰ । কিন্তু যৌন কৰ্মী সৰবৰাহকাৰীয়ে আৰক্ষী অধীক্ষকৰ ম’বাইল কেনেকৈ পালে ? ৰহস্যৰ মাজত সমগ্ৰ ঘটনা ।

ৰাজ্যৰ ২২গৰাকী শিক্ষকলৈ কৃতী শিক্ষক বঁটা

ৰাজ্য চৰকাৰৰ কৃতী শিক্ষকৰ তালিকাত ২২ গৰাকী কৃতী শিক্ষকৰ নাম (22 teachers in Assam received Kriti Shikshak Awards) ৷ ইয়াৰে ১৩ গৰাকী শিক্ষক হৈছে মাধ্যমিক পৰ্যায়ৰ, 2 গৰাকী শিক্ষক উচ্চ প্রাথমিক পৰ্যায়ৰ আৰু ৭ গৰাকী শিক্ষক নিম্ন প্রাথমিক পৰ্যায়ৰ ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

মূল্যবৃদ্ধিৰ লগতে দেশৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত কংগ্ৰেছ দলে ৰামলীলা ময়দানত আয়োজন কৰিছে বিশাল প্ৰতিবাদী সভাৰ (Congress protest at Ramlila Maidan)। বিভিন্ন ৰাজ্যৰ পৰা হাজাৰ হাজাৰ কংগ্ৰেছ নেতা-কৰ্মী দিল্লীত গৈ উপস্থিত হৈছে । দিল্লী আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ।

লোক সংস্কৃতিবিদ ড৹ প্ৰবীণ চন্দ্ৰ দাসৰ দেহাৱসান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা লোক সংস্কৃতিবিদ ড৹ প্ৰবীন চন্দ্ৰ দাসৰ দেহাৱসান ৷

Burmese supari seized: কাছাৰ আৰক্ষীয়ে জব্দ কৰিলে ১ কোটি টকাৰ বাৰ্মিজ চুপাৰী

কাছাৰ আৰক্ষীয়ে অভিযান চলাই লাভ কৰিলে বৃহৎ সাফল্য ৷ তিনিখনকৈ ট্ৰাকৰ পৰা বাৰ্মিজ চুপাৰী জব্দ কৰাৰ লগতে পাচঁজনক আটক কৰে আৰক্ষীয়ে (Burmese supari seized in Karimganj) ৷

Elephant menace at Namchang road: অসম অৰুণাচল সীমান্তত বনৰীয়া হাতীৰ আতংক

অসম-অৰুণাচল সীমান্তত তিনিটাকৈ বনৰীয়া হাতীৰ আতংক ৷ শনিবাৰৰ পৰা অঞ্চলটোৰ নামচাং পথছোৱা আৱদ্ধ কৰিলে বনৰীয়া হাতীকেইটাই (Elephant menace at Namchang) ৷

Raha Road Accident: বগৰীগুৰিত পথ দুৰ্ঘটনাত নিহত তিনিজন

ৰহাৰ বগৰীগুৰিত পথ দুৰ্ঘটনা (Road accident at Bagariguri) ৷ ৰখাই থোৱা ট্ৰাকত খুন্দিয়ালে আন এখন ট্ৰাকে ৷ চালকসহ তিনিজন নিহত আৰু আহত দুজন (Two Injured in Raha Road Accident) ৷

জুলাই মাহত গুগলে লাভ কৰিলে ১.৩৭ লাখ ভাৰতীয় ব্যৱহাৰকাৰীৰ অভিযোগ

নতুন আই টি নিয়ম, ২০২১ অনুসৰি চলিত বৰ্ষৰ জুলাই মাহত ভাৰতত গুগলে অভিলেখসংখ্যক ১৩৭,৬৫৭ টা ব্যৱহাৰকাৰীৰ অভিযোগ লাভ কৰিছিল ৷ একে মাহতে আঁতৰাই পেলোৱা হৈছিল দেশৰ ৬,৮৯,৪৫৭ টা Bad Content । সবিশেষ পঢ়ক...

Asia Cup 2022: আজি আকৌ মুখামুখি হ’ব ভাৰত-পাকিস্তান

ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২২ ৰ ভাৰত বনাম পাকিস্তান মেচখন । সন্ধিয়া 7.30 বজাৰ পৰা মেচখন আৰম্ভ হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.