Burmese supari seized: কাছাৰ আৰক্ষীয়ে জব্দ কৰিলে ১ কোটি টকাৰ বাৰ্মিজ চুপাৰী

author img

By

Published : Sep 4, 2022, 12:36 PM IST

Huge burmese supari seized by Cachar police in Karimganj

কাছাৰ আৰক্ষীয়ে অভিযান চলাই লাভ কৰিলে বৃহৎ সাফল্য ৷ তিনিখনকৈ ট্ৰাকৰ পৰা বাৰ্মিজ চুপাৰী জব্দ কৰাৰ লগতে পাচঁজনক আটক কৰে আৰক্ষীয়ে (Burmese supari seized in Karimganj) ৷

কৰিমগঞ্জ, 4 ছেপ্তেম্বৰ: ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ শেহতীয়াকৈ কাছাৰ আৰক্ষীয়ে অভিযান চলাই লাভ কৰিলে বৃহৎ সাফল্য ৷ তিনিখনকৈ ট্ৰাকৰ পৰা বাৰ্মিজ চুপাৰী জব্দ কৰাৰ লগতে পাচঁজনক আটক কৰে আৰক্ষীয়ে (Burmese supari seized) ৷

এক গোপন সূত্ৰ অনুসৰি শনিবাৰে নিশা মুখ্যমন্ত্ৰীৰ শূন্য সহনশীল নীতিৰ আধাৰত অভিযান চলাই কাছাৰ আৰক্ষীয়ে শিলচৰ তাৰাপুৰ আৰক্ষী ২ নং ৰেল গেট এলাকাৰ পৰা তিনিখনকৈ ট্ৰাকৰ পৰা ২০০ বস্তা বাৰ্মিজ চুপাৰী জব্দ কৰে (Burmese supari seized in Cachar) ৷ লগতে পাচঁজনক আটক কৰে আৰক্ষীয়ে ৷

আটকাধীন লোককেইজনৰ ভিতৰত দুজনৰ নাম সেলিম আহমেদ আৰু কৃপেশ দাস বুলি জানিব পৰা গৈছে ৷ এই বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰীখিনি মিজোৰামৰ পৰা বহিঃৰাজ্যলৈ লৈ যোৱা হৈছিল বুলি আৰক্ষীয়ে জনায় ৷ উল্লেখ্য যে, জব্দকৃত বাৰ্মিজ চুপাৰীখিনিৰ বজাৰমূল্য প্ৰায় ১ কোটি টকা বুলি আৰক্ষীয়ে জনায় (Burmese supari seized by Cachar police) ৷

লগতে পঢ়ক: নগাঁৱত আটক ম’ষ্ট ৱাণ্টেড তীৰ মাফিয়া ৰাজু আলম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.