জুলাই মাহত গুগলে লাভ কৰিলে ১.৩৭ লাখ ভাৰতীয় ব্যৱহাৰকাৰীৰ অভিযোগ

author img

By

Published : Sep 4, 2022, 11:22 AM IST

Google receives record 137,657 user complaints in India in July

নতুন আই টি নিয়ম, ২০২১ অনুসৰি চলিত বৰ্ষৰ জুলাই মাহত ভাৰতত গুগলে অভিলেখসংখ্যক ১৩৭,৬৫৭ টা ব্যৱহাৰকাৰীৰ অভিযোগ লাভ কৰিছিল ৷ একে মাহতে আঁতৰাই পেলোৱা হৈছিল দেশৰ ৬,৮৯,৪৫৭ টা Bad Content । সবিশেষ পঢ়ক...

নেশ্যনেল ডেস্ক, 4 ছেপ্টেম্বৰ: নতুন আই টি নিয়ম, ২০২১ অনুসৰি চলিত বৰ্ষৰ জুলাই মাহত ভাৰতত গুগলে অভিলেখসংখ্যক ১৩৭,৬৫৭ টা ব্যৱহাৰকাৰীৰ অভিযোগ লাভ কৰিছিল আৰু একে মাহতে আঁতৰাই পেলোৱা হৈছিল দেশৰ ৬,৮৯,৪৫৭ টা আপত্তিজনক বিষয় (Bad Content) । ভাৰতীয় ব্যৱহাৰকাৰীৰ পৰা লাভ কৰা অধিকাংশ অভিযোগ copyright উলংঘাৰ সৈতে জড়িত আছিল (১৩৫,৩৪১) ৷ আনহাতে, অন্যান্য শ্ৰেণীসমূহত Trademark, court order, graphic sexual content, circumvention, আৰু অন্যান্য আছিল (Google receives record) ।

Tech জায়ান্টটোৱে একে সময়ছোৱাতে দেশত নিৰ্দিষ্ট ব্যৱস্থাৰ জৰিয়তে ব্যক্তিগত ব্যৱহাৰকাৰীৰ পৰা ৩৭,১৭৩ টা অভিযোগ লাভ কৰে, যিটো তৃতীয় পক্ষৰ বিষয়বস্তুৰ সৈতে জড়িত যিয়ে বিভিন্ন গুগলৰ প্লেটফৰ্মত স্থানীয় আইন বা ব্যক্তিগত অধিকাৰ উলংঘা কৰা বুলি ধাৰণা কৰা হৈছে । জুন মাহত ব্যৱহাৰকাৰীৰ অভিযোগৰ ভিত্তিত গুগলে ১,১১,৪৯৩ টা Bad Content আঁতৰাই পেলাইছিল ।

এক বিবৃতিৰ জৰিয়তে গুগলে কয় যে, অভিযোগসমূহ বিভিন্ন শ্ৰেণীৰে গঠিত । কিছুমান অনুৰোধত বৌদ্ধিক সম্পত্তিৰ অধিকাৰ উলংঘাৰ অভিযোগ উত্থাপন কৰা হ’ব পাৰে ৷ আনহাতে, আন কিছুমানত মানহানিৰ দৰে ভিত্তিত বিভিন্ন প্ৰকাৰৰ বিষয়বস্তু নিষিদ্ধ কৰাৰ লগতে স্থানীয় আইন উলংঘা কৰা বুলি দাবী কৰা হৈছে ।

ইয়াৰ মাহেকীয়া অনুসৰণ প্ৰতিবেদনত কোৱা হৈছে যে, “আমাৰ ব্যৱহাৰকাৰীসকলৰ পৰা পোৱা প্ৰতিবেদনৰ উপৰিও আমি অনলাইনত ক্ষতিকাৰক বিষয়বস্তুৰ বিৰুদ্ধে যুঁজ দিয়াত প্ৰচুৰ বিনিয়োগ কৰোঁ আৰু আমাৰ প্লেটফৰ্মৰ পৰা ইয়াক ধৰা পেলাবলৈ আৰু আঁতৰাবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰোঁ ৷’’

গুগলে জনোৱা মতে, ইয়াৰ স্বয়ংক্ৰিয় ধৰা পেলোৱা প্ৰক্ৰিয়াৰ অংশ হিচাপে দেশৰ ৫ লাখ ৫১ হাজাৰ ৮০০ একাউণ্ট আঁতৰাই পেলোৱা হৈছে । "আমি অনলাইনত ক্ষতিকাৰক বিষয়বস্তুৰ বিৰুদ্ধে যুঁজ দিয়াত প্ৰচুৰ বিনিয়োগ কৰোঁ আৰু আমাৰ প্লেটফৰ্মৰ পৰা ইয়াক ধৰা পেলাবলৈ আৰু আঁতৰোৱাৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে । ইয়াৰ ভিতৰত আমাৰ কিছুমান সামগ্ৰীৰ বাবে স্বয়ংক্ৰিয় ধৰা পেলোৱা প্ৰক্ৰিয়া ব্যৱহাৰ কৰি শিশু যৌন নিৰ্যাতনৰ বিষয়বস্তু (Child sexual abuse material) আৰু হিংসাত্মক উগ্ৰপন্থী বিষয়বস্তুৰ(Violent extremist content) দৰে ক্ষতিকাৰক বিষয়বস্তুৰ প্ৰচাৰ ৰোধ কৰিবলৈ অন্তৰ্ভুক্ত কৰা হৈছে" ।

তথ্য প্ৰযুক্তি(Intermediary Guidelines and Digital Media Ethics Code) নিয়ম, ২০২১ (IT Rules) অনুসৰি গুগলক অন্যান্য ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ সৈতে ভাৰতৰ ব্যৱহাৰকাৰীসকলৰ পৰা লাভ কৰা অভিযোগৰ সবিশেষৰ সৈতে মাহেকীয়া স্বচ্ছতা প্ৰতিবেদন প্ৰকাশ কৰিবলৈ বাধ্য কৰা হৈছে আৰু গ্ৰহণ কৰা ব্যৱস্থাসমূহ, স্বয়ংক্ৰিয়ভাৱে ধৰা পেলোৱাৰ ফলত ব্যৱস্থাসমূহ আঁতৰোৱা হৈছে । নতুন আই টি নিয়ম ২০২১ৰ অধীনত, বৃহৎ ডিজিটেল আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে ৫০ লাখতকৈও অধিক ব্যৱহাৰকাৰীৰ সৈতে মাহেকীয়া অনুসৰণ প্ৰতিবেদন প্ৰকাশ কৰিব লাগিব ।

লগতে পঢ়ক : Google Meetৰ নতুন Feature এ ব্যৱহাৰকাৰীসকলক দিব এই সুবিধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.