Asia Cup 2022: আজি আকৌ মুখামুখি হ’ব ভাৰত-পাকিস্তান

author img

By

Published : Sep 4, 2022, 9:01 AM IST

Asia Cup 2022

ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২২ ৰ ভাৰত বনাম পাকিস্তান মেচখন । সন্ধিয়া 7.30 বজাৰ পৰা মেচখন আৰম্ভ হ’ব ৷

4 ছেপ্টেম্বৰ: দেওবাৰে অৰ্থাৎ আজি পুনৰবাৰ এছিয়া কাপ ২০২২ ক্ৰিকেটৰ ছুপাৰ ৪ পৰ্যায়ৰ এখন খেলত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান (India vs Pakistan match)। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২২ ৰ ভাৰত বনাম পাকিস্তান মেচখন । সন্ধিয়া 7.30 বজাৰ পৰা মেচখন আৰম্ভ হ’ব ৷

২৮ আগষ্টত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত এই দুয়োটা দলৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হয় (Asia Cup 2022 news) ৷ সেই খেলখনত ভাৰতে ৫ উইকেটত প্ৰতিদ্বন্দ্বী পাকিস্তানক পৰাস্ত কৰে । লীগ পৰ্যায়ৰ দ্বিতীয়খন খেলত ভাৰতে হংকঙক পৰাস্ত কৰি গ্ৰুপ এৰ পৰা ছুপাৰ ৪ পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয় । আনহাতে পাকিস্তানে দ্বিতীয়খন খেলত হংকঙক ১৫৫ ৰানত পৰাস্ত কৰি ছুপাৰ ৪ লৈ যোগ্যতা অৰ্জন কৰে (Asia Cup 2022) ।

ভাৰত বনাম পাকিস্তান সূচী, তাৰিখ, সময়, স্থান:

আজি ত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপ ২০২২ৰ ছুপাৰ ৪ পৰ্যায়ত ভাৰত আৰু পাকিস্তান দুয়োটা দল মুখামুখি হ’ব ৷ দুয়োপক্ষই পুনৰ এবাৰ এছিয়া কাপ ২০২২ৰ ফাইনেলত খেলিব পাৰিব, যদিহে ছুপাৰ ৪ পৰ্যায়ত ৩ খন খেলৰ ভিতৰত ২ খন খেলত জয়ী হয় । সন্ধিয়া 7.30 বজাৰ পৰা আৰম্ভ হ’ব মেচখন ৷

ভাৰত বনাম পাকিস্তান স্কোৱাড :

এছিয়া কাপ ২০২২ ৰ বাবে ইণ্ডিয়া স্কোৱাড: ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (উপ-অধিনায়ক), বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, দীপক হুডা, ঋষভ পন্ত (উইকেট-কীপাৰ), দীনেশ কাৰ্তিক (উইকেট-কীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্সৰ পেটেল, আৰ অশ্বিন, যুজবেন্দ্ৰৰ চাহাল, ৰবি বিষ্ণৈ, ভুৱনেশ্বৰ কুমাৰ, আৰ্শ্বদীপ সিং, আৱেশ খান ৷

এছিয়া কাপ ২০২২ৰ বাবে পাকিস্তান স্কোৱাড: বাবৰ আজম, ছাদাব খান, আছিফ আলী, ফখাৰ জামান, হায়দৰ আলী, হৰিছ ৰৌফ, ইফতিখাৰ আহমেদ, খুছদিল শ্বাহ, মহম্মদ নৱাজ, মহম্মদ ৰিজৱান, নছিম শ্বাহ, শ্বাহনাৱাজ দাহানী, উছমান কাদিৰ, মহম্মদ হাছনাইন, হাছান আলী ।

ভাৰত বনাম পাকিস্তানৰ প্ৰথমখন খেলত পাকিস্তানে প্ৰথমে বেটিং কৰি ১৪৭ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতক । দলটোৰ হৈ মহম্মদ ৰিজৱানে সৰ্বাধিক ৪৩ ৰান সংগ্ৰহ কৰে । পৰৱৰ্তী সময়ত বিৰাট কোহলী, ৰবীন্দ্ৰ জাডেজাৰ বিস্ফোৰক বেটিং আৰু হাৰ্দিক পাণ্ডিয়াৰ অপৰাজিত ৩৩ ৰাণৰ জৰিয়তে ভাৰতে ৫ উইকেটত খেলখনত জয়লাভ কৰে ।

লগতে পঢ়ক: ভাৰত-পাকিস্তানৰ মহাৰণত হাৰ্দিকৰ দুৰ্দান্ত প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.