যৌন কৰ্মী সৰবৰাহকাৰীৰ হাতত আৰক্ষী অধীক্ষকৰ ম’বাইল

author img

By

Published : Sep 4, 2022, 12:03 PM IST

Madhepura SP mobile found with call girl supplier

এগৰাকী যৌন কৰ্মী সৰবৰাহকাৰীৰ হাতৰ পৰা আৰক্ষী অধীক্ষকৰ চুৰি ম’বাইল উদ্ধাৰ । কিন্তু যৌন কৰ্মী সৰবৰাহকাৰীয়ে আৰক্ষী অধীক্ষকৰ ম’বাইল কেনেকৈ পালে ? ৰহস্যৰ মাজত সমগ্ৰ ঘটনা ।

নেশ্যনেল ডেস্ক,৪ ছেপ্টেম্বৰ : এটা ম’বাইলে বিহাৰৰ মাধেপুৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ম’বাইলটো হৈছে মাধেপুৰাৰ আৰক্ষী অধীক্ষকৰ (Madhepura SP mobile) আৰু ম’বাইলটো উদ্ধাৰ হৈছে এগৰাকী যৌন কৰ্মী সৰবৰাহকাৰী মহিলাৰ পৰা (Madhepura SP mobile found From call girl supplier)। কিন্তু মহিলাগৰাকীৰ হাতলৈ কেনেকৈ গ'ল আৰক্ষী অধীক্ষকৰ ম’বাইল ? মহিলাগৰাকীয়ে সমগ্ৰ ৰহস্য বৰ্ণনা কৰিলে শীৰ্ষ আৰক্ষী বিষয়াৰ সন্মুখত ।

মহিলাগৰাকীৰ ভাষ্য বন্দী হ'ল এটা ভিডিঅ'ত । যিটো ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ হোৱাৰ লগে লগে এতিয়া বিহাৰ আৰক্ষীত তোলপাৰ লাগিছে । আৰক্ষীৰ বহু গোপন ৰহস্যও ফাদিল কৰিলে মহিলাগৰাকীয়ে । আচলতে প্ৰতি ঘণ্টাত ৩০০ টকাকৈ নোপোৱাৰ বাবেই যৌন কৰ্মীয়ে আৰক্ষী অধীক্ষকৰ ম'বাইলটো চুৰি কৰি লৈ গৈছিল । শুনি আচৰিত যেন লাগিলেও যৌন কৰ্মী সৰবৰাহকাৰী মহিলাগৰাকীয়ে এই কথা প্ৰকাশ কৰিছে ।

মহিলাগৰাকীয়ে উল্লেখ কৰা মতে, মাধেপুৰা সদৰ চিকিৎসালয়ৰ বিপৰীতে থকা উপ আৰক্ষী অধীক্ষকৰ (DSP) আবাসগৃহলৈ তেওঁ এগৰাকী যৌন কৰ্মী যোগান ধৰিছিল । প্ৰতি ঘণ্টাত যৌন কৰ্মীগৰাকীক ৩০০ টকাকৈ দিয়াৰ কথা আছিল । আনকি অতিৰিক্ত সময় ৰখাৰ বিনিময়ত ৫০০ টকা দিয়াৰো প্ৰতিশ্ৰুতি দিছিল উপ আৰক্ষী অধীক্ষকগৰাকীয়ে ।

কিন্তু যৌন কৰ্মীগৰাকীক পইচা নিদিয়াৰ বাবে গাৰুৰ তলৰ পৰা আৰক্ষী বিষয়াজনৰ ম’বাইলটো চুৰি কৰি লৈ গৈছিল যৌন কৰ্মীগৰাকীয়ে ৷ পাছত ম’বাইলটো যৌন কৰ্মী যোগান ধৰা মহিলাগৰাকীক দিছিল । মহিলাগৰাকীয়ে উল্লেখ কৰা মতে, তিনি-চাৰিবাৰ যৌন কৰ্মীগৰাকীক ডিএছপিৰ আৱাসলৈ পঠিওৱা হৈছিল ।

উল্লেখ্য যে, মাধেপুৰাৰ আৰক্ষী অধীক্ষক ৰাজেশ কুমাৰ কিছুদিনৰ পূৰ্বে ছুটিত গৈছিল । তেতিয়া মুখ্য কাৰ্যালয়ৰ উপ আৰক্ষী অধীক্ষক অমৰকান্ত চৌবেয়ে (DSP Amarkant Choubey) এছ পিৰ দায়িত্ব লাভ কৰিছিল । এইগৰাকী ভাৰপ্ৰাপ্ত এছ পি অমৰকান্ত চৌবেৰ বাসগৃহলৈয়ে মহিলাগৰাকীয়ে যৌন কৰ্মী যোগান ধৰিছিল ।

সেই সময়ছোৱাত, কোশী ৰেঞ্জৰ ডিআইজি শিৱদীপ ৰাও লেণ্ডে মাধেপুৰাৰ এছ পিক ফোন কৰিছিল । কিন্তু তেওঁৰ ফোনটো বন্ধ হৈ থকাত তেওঁৰ ফোন নম্বৰটো নিৰীক্ষণ কৰা হৈছিল । তাৰ পাছতে নম্বৰটো নিৰীক্ষণ কৰি চাহাৰচাত থকাৰ তথ্য লাভ কৰিছিল । লগে লগে বিষয়টো তদন্ত কৰা হৈছিল আৰু ম’বাইলটো চাহাৰচাৰ এগৰাকী মহিলাৰ পৰা উদ্ধাৰ কৰা হৈছিল ।

মহিলাগৰাকীক আটক কৰি মোবাইলটো উদ্ধাৰ কৰা হয় । কিন্তু মহিলাগৰাকীক সোধা-পোছাৰ পাছতে সকলো শীৰ্ষ আৰক্ষী আচৰিত হৈ উঠে । কিয়নো এই মহিলাগৰাকীয়ে আছিল যৌন কৰ্মী সৰবৰাহকাৰী (Madhepura call girl supplier)। মহিলাগৰাকীয়ে দাবী কৰা মতে তেওঁ বহু আৰক্ষী বিষয়াক যৌন কৰ্মী যোগান ধৰি আহিছে । এই ঘটনা পোহৰলৈ অহাৰ লগে লগে এতিয়া আৰক্ষী বিভাগত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.