ৰাজ্যৰ ২২গৰাকী শিক্ষকলৈ কৃতী শিক্ষক বঁটা

author img

By

Published : Sep 4, 2022, 12:32 PM IST

Updated : Sep 4, 2022, 12:45 PM IST

22 teachers in Assam received Kriti Shikshak Awards

ৰাজ্য চৰকাৰৰ কৃতী শিক্ষকৰ তালিকাত ২২ গৰাকী কৃতী শিক্ষকৰ নাম (22 teachers in Assam received Kriti Shikshak Awards) ৷ ইয়াৰে ১৩ গৰাকী শিক্ষক হৈছে মাধ্যমিক পৰ্যায়ৰ, 2 গৰাকী শিক্ষক উচ্চ প্রাথমিক পৰ্যায়ৰ আৰু ৭ গৰাকী শিক্ষক নিম্ন প্রাথমিক পৰ্যায়ৰ ।

গুৱাহাটী,8 ছেপ্টেম্বৰ: শিক্ষক দিৱসৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ২২ গৰাকী কৃতী শিক্ষকৰ নাম (State Award for Teachers' Day to 22 meritorious teachers) ৷ ৰাজ্যৰ ২২ গৰাকী শিক্ষকলৈ ৰাজ্য চৰকাৰে আগবঢ়াব ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা । ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপকৰ ১৩ গৰাকী শিক্ষক হৈছে মাধ্যমিক পৰ্যায়ৰ, দুগৰাকী শিক্ষক হৈছে উচ্চ প্ৰাথমিক পৰ্যায়ৰ আৰু ৭ গৰাকী শিক্ষক হৈছে নিম্ন প্ৰাথমিক পৰ্যায়ৰ ।

মাধ্যমিক পৰ্যায়ৰ কৃতি শিক্ষকৰ সন্মান লাভ কৰা কৃতি শিক্ষকসকল হৈছে অমৰজ্যোতি বৰঠাকুৰ (অধ্যক্ষ, আউনী আটি হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ), মনমোহন দেৱনাথ (অধ্যক্ষ, শালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ), অনিৰুদ্ধ ফুকন (বিষয় শিক্ষক, উত্তৰ লক্ষিমপুৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়), বন্দনা হাজৰিকা, (সহঃ শিক্ষক, ধেমাজি গাৰ্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়), নিৰুপম নাথ (সহঃ শিক্ষক, যুধিষ্ঠিৰ সাহা এইচ এছ স্কুল, কাছাৰ), চুজিমুদ্দিন আহমেদ (বিষয় শিক্ষক, পি আৰ ইইচ এছ এণ্ড এলপি স্কুল, গোৱালপাৰা), অৰুণ চন্দ্ৰ নাথ (সহঃ শিক্ষক, ছিপাঝাৰ এইচ এণ্ড এম পি স্কুল, দৰং), চিদানন্দ পাঠক (অধ্যক্ষ, দেৰগাঁও ছোৱালী এইচ এছ স্কুল), জগদীশ চন্দ্ৰ শর্মা (প্ৰধান শিক্ষক, গহপুৰ ছোৱালী হাইস্কুল), সুনীল কোঁচ (অধ্যক্ষ, বটঘৰীয়া এইচ এছ স্কুল, ধেমাজি), উদয়শংকৰ গগৈ (সহঃ প্ৰধান শিক্ষক, টেঙাখাত গাৰ্লছ হাইস্কুল), মিনাকুমাৰী মণ্ডল (অধ্যক্ষ, অভয়াপুৰী এইচ এছ এণ্ড এম পি স্কুল, অভয়াপুৰী) আৰু নৃপেন দত্ত (সহঃশিক্ষক ৰত্নপুৰ নৱজ্যোতি হাইস্কুল, নলবাৰী)(Awardee teacher of Secondary level) ।

22 teachers in the state received Kriti Shikshak Awards
কৃতী শিক্ষক বঁটা ৰাজ্যৰ ২২গৰাকী শিক্ষকলৈ

উচ্চ প্ৰাথমিক পৰ্যায়ত ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা লাভ কৰা দুগৰাকী শিক্ষক হৈছে দশমুকুট কেওঁট (সহ:শিক্ষক, ডেকাৰগাঁও ছোৱালী এম ভি স্কুল, শোণিতপুৰ) আৰু মহম্মদ য়াচিন আনচাৰী (সহঃশিক্ষক, নেতাজী হিন্দী বিদ্যাপীঠ এম ই স্কুল,বঙাইগাঁও)(Awardee Teacher of Upper Primary Level)।

আনহাতে প্ৰাথমিক পর্যায়ত ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা লাভ কৰা শিক্ষকসকল হৈছে ঋষ' ইংতি (প্ৰধান শিক্ষক, হাতীমৰা পথাৰ এল.পি.স্কুল, বিশ্বনাথ), সৰস্বতী দত্ত (প্ৰধান শিক্ষক, ৰামদিয়া আদর্শ প্ৰাথমিক বিদ্যালয়, কামৰূপ), অঞ্জনা কোঁচ (প্ৰধান শিক্ষক, ঘিলামৰা আদর্শ প্ৰাথমিক বিদ্যালয়, লখিমপুৰ), দীপালী ডেকা, (প্ৰধান শিক্ষক, নেপালী হিন্দী এল পি স্কুল, ডিব্ৰুগড়), জিতেন দাস (প্ৰধান শিক্ষক, শিঙিজান বাগিচা এল পি স্কুল, চৰাইদেউ), কুসুম হাজৰিকা (প্ৰধান শিক্ষক, ঘোৰাবন্ধ জুনিয়ৰ বেচিক স্কুল, দৰং), মৃগেন্দ্ৰ কলিতা (প্ৰধান শিক্ষক, খিদিৰাপুখুৰী কৈৱৰ্তপাৰা এল পি স্কুল, কামৰূপ (Awardee Teacher of Primary Level) ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষকতাৰ বঁটা 2022 লাভ কৰিবলৈ সক্ষম হৈছে তেজপুৰ বিহগুৰিৰ স্বৰ্গীয় চন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মিনাক্ষী গোস্বামীয়ে (Meenakshi Goswami selected for National Teachers award2022) ৷ ভাৰতবৰ্ষৰ 46 গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ ভিতৰত অসম তথা তেজপুৰৰ বাসিন্দা মিনাক্ষী গোস্বামীয়ে ৰাষ্ট্ৰীয় শিক্ষকতাৰ বঁটা 2022 লাভেৰে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে ৷

অহা 5 ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱসৰ দিনা নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে (President of India Draupadi Murmu) মিনাক্ষী গোস্বামীক এই বঁটা প্ৰদান কৰিব । এই বঁটাত আছে নগদ 50 হাজাৰ টকা আৰু এটা ৰূপৰ পদক ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় শিক্ষকৰ সন্মানৰে জিলিকিল অসমৰ মিনাক্ষী গোস্বামী

Last Updated :Sep 4, 2022, 12:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.