Elephant menace at Namchang road: অসম অৰুণাচল সীমান্তত বনৰীয়া হাতীৰ আতংক

author img

By

Published : Sep 4, 2022, 10:57 AM IST

Elephant block Namchang road in  Dibrugarh

অসম-অৰুণাচল সীমান্তত তিনিটাকৈ বনৰীয়া হাতীৰ আতংক ৷ শনিবাৰৰ পৰা অঞ্চলটোৰ নামচাং পথছোৱা আৱদ্ধ কৰিলে বনৰীয়া হাতীকেইটাই (Elephant menace at Namchang) ৷

ডিব্ৰুগড়, 4 ছেপ্তেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man elephant conflict in Assam) ৷ এই সংঘাতৰ ফলত বিভিন্ন ঠাইত প্ৰায়েই হাতীৰ আক্ৰমণত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে ৷ বাদ পৰি যোৱা নাই অসম-অৰুণাচল সীমান্ত ৷ শেহতীয়াকৈ নাহৰকটীয়াৰ জয়পুৰৰ সমীপত অসম-অৰুণাচল সীমান্তত বনৰীয়া হাতীৰ আতংক ৷

elephant-block-namchang-road-in-dibrugarh
অসম অৰুণাচল সীমান্তত বনৰীয়া হাতীৰ আতংক

শনিবাৰৰ পৰা অসম অৰুণাচল সীমান্তৰ দুৰ্গম নামচাং পথছোৱা আৱদ্ধ কৰিলে তিনিটাকৈ বনৰীয়া হাতীয়ে (Elephant menace at Namchang road) ৷ উল্লেখ্য যে, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰেদি থকা শিলাময় এই বিপদ সংকুল পথছোৱা নামচাং চাহ বাগিচা আৰু পূৱেৰুণ বস্তিলৈ যাব পৰা একমাত্ৰ সংযোগী পথ (Namchang road in Dibrugarh) ৷

elephant-block-namchang-road-in-dibrugarh
অসম অৰুণাচল সীমান্তত বনৰীয়া হাতীৰ আতংক

এই পথেৰেই শনিবাৰে মন্ত্ৰী অতুল বৰাই অসম অৰুণাচলৰ বিবদমান নামচাং অঞ্চলত উপস্থিত হৈ বাগিচাখন পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ মতামত গ্ৰহণ কৰিছিল (Minister Atul Bora visited Namchang)।

অসম অৰুণাচল সীমান্তত বনৰীয়া হাতীৰ আতংক

মন্ত্ৰীগৰাকী উভতি অহাৰ প্ৰায় এঘণ্টা পিছতেই এটা পোৱালি আৰু দুটাকৈ বৃহৎ আকাৰৰ হাতীয়ে আৱদ্ধ কৰি ৰাখে এই পথছোৱা ৷ বিয়লিৰ পৰা সন্ধিয়ালৈকে এই হাতীৰ পৰিয়ালটোৱে পথছোৱা আবদ্ধ কৰি ৰাখি সেই সময়ত উক্ত পথত উপস্থিত হোৱা লোকসকলৰ মাজত আতংকৰ সৃষ্টি কৰে ৷

elephant-block-namchang-road-in-dibrugarh
অসম অৰুণাচল সীমান্তত বনৰীয়া হাতীৰ আতংক

হাতীকেইটাই আতংকৰ সৃষ্টি কৰে যদিও কোনো লোক অথবা যান বাহনকে আক্ৰমণৰ লক্ষ্য কৰা নাই বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: ৰন্ধন গেছৰ চিলিণ্ডাৰত প্ৰধানমন্ত্ৰীৰ ফটো লগাই বিত্তমন্ত্ৰীক ঠাট্টা-মস্কৰা তেলেংগানাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.