ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 31, 2022, 1:06 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

অধিবক্তা ৰিণিমা বেগমক হত্যা কৰা অস্ত্ৰ উদ্ধাৰ; গ্ৰেপ্তাৰ হৈছে মাষ্টাৰ মাইণ্ড

তদন্ত অব্যাহত আছে অধিবক্তা ৰিণিমা বেগম হত্যাকাণ্ডৰ (Avocate murder in Barpeta) ৷ আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ, মটৰচাইকেল আদি ইতিমধ্যে জব্দ কৰিছে ৷ তাৰোপৰি মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে এই সমগ্ৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ডকো ৷ কিন্তু বৰ্তমানেও জানিব পৰা হোৱা নাই হত্যাৰ প্ৰকৃত কাৰণ ৷

নকল সোণ বেচি ধনী হ’বলৈ খুজি আটক হ’ল পিতা-পুত্ৰ

লখিমপুৰ আৰক্ষীৰ জালত প্ৰৱঞ্চকৰূপী পিতা-পুত্ৰ ৷ নকল সোণ বিক্ৰী কৰিবলৈ আহি কৰায়ত্ত হ’ল দুই প্ৰৱঞ্চক (Two fraud arrested with fake gold) ৷ লখিমপুৰত সংঘটিত হৈছে এই ঘটনা ৷

NRC পুনৰীক্ষণৰ দাবীৰে আকৌ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব আসাম পাব্লিকছ ৱৰ্কছ

পুনৰ উত্থাপন হৈছে এনআৰচি-ৰ প্ৰসংগ ৷ এখন নতুন এনআৰচি-ৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশৰ পিছতে জাঙুৰ খাই উঠিছিল বিভিন্ন দল-সংগঠন ৷ শেহতীয়াকৈ ৰাজধানী নতুন দিল্লীত সংবাদমেল সম্বোধন কৰি আসাম পাব্লিকছ ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই NRC পুনৰীক্ষণৰ দাবী(APW demands reverification of NRC)ৰে আকৌ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি ঘোষণা কৰে ৷

ঢোল-পেঁপাৰ সুৰীয়া লহৰেৰে ব’হাগীক আদৰাৰ প্ৰস্তুতি মাজুলীয়ালৰ

ঢোল, পেঁপা, বাঁহীৰ মাতত ৰজন-জনাইছে এতিয়া মাজুলী । ঢোলৰ চাপৰত গাত তৎ নাই নাচনীৰ (Bihu preparation in Assam) ৷ মাজুলী জিলা বিহু শিল্পী সংস্থাৰ উদ্যোগত মাজুলীৰ আঠটাকৈ স্থানত অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা (Bihu dance workshop in Majuli) ৷

Amazon আৰু Flipkart ত উপলব্ধ হ’ল অসমীয়াৰ স্বাভিমান গামোছা

অসমীয়া থলুৱা শিপিনীসকলৰ বাবে এক সু-খবৰ ৷ স্থানীয় বজাৰৰ লগতে এতিয়াৰে পৰা Amazon আৰু Flipkart ত উপলব্ধ হ’ল অসমীয়াৰ স্বাভিমান হেঁপাহৰ গামোছাখন (Assamese Gamosa available in Amazon and Flipkart) ৷ আনকি শিপিনীসকলে ঘৰতেই বহি ট্ৰেড লাইছেঞ্চ আৰু জিএছ টি নম্বৰেৰে Amazon বা Flipkart ৰ ছেলাৰ অপছনত গৈ নিজৰ উৎপাদিত সামগ্ৰী অতি সহজে অনলাইন বজাৰত বিক্ৰী কৰিব পাৰিব ৷ ইয়াত নাথাকিব কোনো মধ্যভোগী দালাল ৷

এক লক্ষাধিক কাৰিকৰী শিক্ষাৰ্থীৰ বাবে ইন্টাৰ্ণশ্বিপৰ সুবিধা মুকলি ধৰ্মেন্দ্ৰ প্ৰধানৰ

অখিল ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ ইন্টাৰ্ণশ্বিপ পৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বাবে ১ লাখতকৈও অধিক ইন্টাৰ্ণশ্বিপৰ সুযোগ মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে (Dharmendra Pradhan launched internship opportunities for youth)। অহা ২-৩ বছৰত ১০০ নিযুত ইন্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদান কৰিবলৈ চৰকাৰে লক্ষ্য আগত ৰাখিছে ।

বৃহস্পতিবাৰে ৮০ পইচাকৈ বাঢ়িল পেট্ৰ'ল আৰু ডিজেলৰ মূল্য

বৃহস্পতিবাৰে পুনৰ বৃদ্ধি হ'ল পেট্ৰ'ল আৰু ডিজেলৰ মূল্য (Petrol and diesel prices rise)। প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলত বৃদ্ধি ৮০ পইচা । ৰাজধানী দিল্লীত পেট্ৰ'লৰ মূল্য বৰ্তমান প্ৰতি লিটাৰত ১০১.৮১ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯৩.০৭ টকা ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত AJYCP ৰ প্ৰতিবাদ

এইবাৰ প্ৰতিবাদত বহিল AJYCP (AJYCP Protest in Nalbari) ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰী চহৰৰ মাজমজিয়াত প্ৰতিবাদকাৰীসকলে দাহ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি ৷

চিচিটিভি কেমেৰাকো কেৰেপ নকৰি মালবাহী বাহন লৈ উধাও চোৰ

অপৰাধীৰ ঘাটিত পৰিণত ৰঙিয়া ৷ নিশাৰ এন্ধাৰ নহয়, পোহৰতে সংঘটিত হ’ল চুৰিকাণ্ড(Theft in Rangia) ৷ চিচিটিভিত বন্দী সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য(TATA DI van theft in Rangia) ৷

পৃথক কমতাপুৰ জনজাতিকৰণৰ দাবীৰে মহানগৰীত আক্ৰাছুৰ প্ৰতিবাদ

গুৱাহাটী চচলত আক্ৰাছুৰ ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ(AKRSU stages protest in Guwahati) ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পৃথক কমতাপুৰ জনজাতিকৰণৰ দাবী উত্থাপন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.