ETV Bharat / state

ঢোল-পেঁপাৰ সুৰীয়া লহৰেৰে ব’হাগীক আদৰাৰ প্ৰস্তুতি মাজুলীয়ালৰ

author img

By

Published : Mar 31, 2022, 12:44 PM IST

মাজুলীৰ আঠটাকৈ স্থানত বিহু অনুষ্ঠিত বিহুৰ কৰ্মশালা
মাজুলীৰ আঠটাকৈ স্থানত বিহু অনুষ্ঠিত বিহুৰ কৰ্মশালা

ঢোল, পেঁপা, বাঁহীৰ মাতত ৰজন-জনাইছে এতিয়া মাজুলী । ঢোলৰ চাপৰত গাত তৎ নাই নাচনীৰ (Bihu preparation in Assam) ৷ মাজুলী জিলা বিহু শিল্পী সংস্থাৰ উদ্যোগত মাজুলীৰ আঠটাকৈ স্থানত অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা (Bihu dance workshop in Majuli) ৷

মাজুলী, 31 মাৰ্চ : বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী ৷ গাত তৰণি নাই এতিয়া ৰাজ্যৰ জীয়ৰী-বোৱাৰী, ডেকা-গাভৰুৰ পৰা আৰম্ভ কৰি গাঁৱৰ বৃদ্ধজনলৈকে (Bihu preparation in Assam) ৷ ঢোলৰ গুমগুমনি আৰু পেঁপাৰ লহৰত মতলীয়া হৈছে স্বাভিমানী অসমীয়া জাতি ৷ বাদ পৰি ৰোৱা নাই মাজুলীও ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ লেখিয়াকৈ মাজুলীৰ গাঁৱৰ ৰাইজো এতিয়া সাজু হৈছে ব’হাগীক আদৰিবলৈ (Bihu dance workshop in Majuli) ৷ মাজুলীৰ কেইবাখনো গাঁৱৰ যুৱক-যুৱতীয়ে বিহু নৃত্য গীতৰ কৰ্মশালা অনুষ্ঠিত কৰি মাজুলীৰ কিশোৰ, কিশোৰীসকলক অসমীয়া জাতিৰ ৰূপৰেখা স্বৰূপ বিহু সংস্কৃতিৰ আদি পাঠৰ শিক্ষা দিয়া পৰিলক্ষিত হৈছে ৷

মাজুলীৰ আঠটাকৈ স্থানত বিহু অনুষ্ঠিত বিহুৰ কৰ্মশালা

এই উপলক্ষে মাজুলী জিলা বিহু শিল্পী সংস্থাৰ উদ্যোগত বৃহত্তৰ মাজুলীৰ উজনীৰ পৰা নামনিলৈকে আঠটাকৈ স্থানত বিহু কৰ্মশালা অনুষ্ঠিত কৰা হৈছে (Bihu Workshop in eight places in Majuli) । প্ৰায় ২০ খন গাঁৱৰ কণ কণ শিশু, কিশোৰ-কিশোৰীসকলক লৈ বিহু নৃত্য, গীত আৰু ঢোল বাদন কৰ্মশালা অনুষ্ঠিত হৈ আছে ৷

বিভিন্ন অঞ্চলৰ কণ কণ শিশুৰ পৰা আৰম্ভ কৰি সহস্ৰাধিক কিশোৰ-কিশোৰীক থলুৱা বিহু নৃত্য, গীতৰ ক্ষেত্ৰত আগুৱাই নিবৰ বাবেই এই প্ৰশিক্ষণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে মাজুলী জিলা বিহু শিল্পী সংস্থাই ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে মাজুলী জিলা বিহু শিল্পী সংস্থাৰ লগত জড়িত এজন লোকে ৷

লগতে পঢ়ক : Bihu Workshop in various places : বিহুলৈ বুলি কঁকালত টঙালি বান্ধি সাজু প্ৰতিগৰাকী অসমীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.