ETV Bharat / state

Bihu preparation in Assam : প্ৰিয়জনক বিহুৱান দিবলৈ তাঁতশালত ব্যস্ত শিপিনী

author img

By

Published : Mar 30, 2022, 1:26 PM IST

পদুলি মুখত হেঁপাহৰ ৰঙালী ৷ বিহুৰ বাবে ঢোলীয়া-নাচনীৰ সমান্তৰালকৈ ব্যস্ত শিপিনীও (Bihu preparation in Assam) ৷ চেনাইক মৰমৰ বিহুৱান দিবলৈ তাঁতশালৰ পৰা মূৰ তুলিবলৈ আহৰি নাই এতিয়া শিপিনীৰ ৷

Bihu preparation in Assam
পদুলি মুখত হেঁপাহৰ ৰঙালী

মৰাণ, 30 মাৰ্চ : প্ৰাণ চঞ্চলা প্ৰকৃতিয়ে ন–সাজেৰে দিলেহি ব’হাগৰ বতৰা । ঢোল–পেঁপাৰ শব্দত ৰজন জনাইছে ৰাজ্যৰ প্ৰতিটো চুক-কোণ । সেমেকা শীতৰ স্পৰ্শ পাই লঠঙা হোৱা বিৰিখত বসন্তৰ নকৈ গজা কোঁহবোৰত সেউজীয়া বৰণ চটিয়াই বাসন্তিবুলীয়া সাজেৰে শোভিত হৈছে প্ৰকৃতিও ।

নাহৰ, তগৰ, খৰিকাজাঁইৰ সুবাসত চৌদিশ হৈছে আমোলমোল । প্ৰকৃতিয়েও দিয়া অসমীয়াৰ আয়ুস ৰেখা হেঁপাহৰ ব’হাগৰ আগজাননী । সেয়ে অসমীয়াৰ প্ৰাণৰ উৎসৱ ৰঙালীক আদৰিবলৈ এতিয়া সকলোতে চলিছে ব্যাপক প্ৰস্তুতি (Bihu preparation in Assam) ।

পদুলি মুখত হেঁপাহৰ ৰঙালী

ব’হাগত আপোনজনক এখনি বিহুৱান দিবলৈ তাঁতশালত ব্যস্ত হৈ পৰিছে গাঁৱৰ গাভৰু-বোৱাৰীসকল (Assam weavers busy with making Gamocha)। তাঁতশালৰ পৰা মূৰ তুলিবলৈ যেন এতিয়া আহৰি নাই গাঁৱৰ একাংশ জীয়ৰী-বোৱৰীৰ ৷ সকলো ব্যস্ত এতিয়া ৰঙালীক আদৰাৰ ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ লেখিয়াকৈ টিংখাঙতো দেখিবলৈ পোৱা গৈছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি । টিংখাঙৰ ২ নং ৰংছোৱাল গাঁৱৰ একাংশ মহিলাই একেগোট হৈ তাঁতশালত ৰচিছে সপোন । জাপে-জাপে কাটি উলিয়াইছে হেঁপাহৰ বিহুৱান ।

লগতে পঢ়ক : Bihu preparation in Assam : থলুৱা বাদ্য প্ৰস্তুত কৰাত ব্যস্ত কলিয়াবৰৰ নন্দলাল ৰবিদাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.