ভোটগণনাৰ বাবে সাজু লখিমপুৰ জিলা প্ৰশাসন : কটকটীয়া নিৰাপত্তা বেষ্টনী - LOK SABHA ELECTION RESULTS 2024
LS Polls 2024 : লোকসভা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাথো কেইটামান ঘন্টা । ৰাজ্যৰ চৈধ্যটা লোকসভা সমষ্টিৰ অন্যতম হ’ল ১২ নং লখিমপুৰ লোকসভা সমষ্টি । লখিমপুৰত কোন জিকিব -এই লৈ চলিছে ব্যাপক চৰ্চা ।

Published : June 3, 2024 at 5:15 PM IST
লখিমপুৰ, ৩ জুন: ভোটগণনালৈ মাজত মাত্ৰ কেইঘন্টামান বাকী ৷ তাৰে প্ৰাকক্ষণত সাজু হৈ উঠিছে লখিমপুৰ জিলা প্ৰশাসন ৷ ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে লখিমপুৰ জিলা প্ৰশাসনে ৷ মঙলবাৰে পুৱা ৰাজ্য়ৰ আন জিলাৰ লগতে লখিমপুৰতো লোকসভা নির্বাচনৰ ভোটগণনা আৰম্ভ হ'ব । জিলাখনৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ভোটগণনা কেন্দ্রত প্ৰস্তুতি সম্পুর্ণ কৰা হৈছে । গঢ়ি তোলা হৈছে নিৰাপত্তা বেষ্টনী । এই প্ৰস্তুতি নিৰ্বাচনী পৰ্যবেক্ষক, আৰক্ষীৰ উচ্চ পদস্থ বিষয়া, জিলা প্ৰশাসনৰ বিষয়াই নিৰীক্ষণ কৰি নিখুঁত কৰাৰ ব্যৱস্থা কৰিছে ৷
উল্লেখ যে এইবাৰ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা মুঠ ৯ জনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । ইয়াৰে ৬ জন দলীয় প্রার্থী আৰু ৩ জন নিৰ্দলীয় প্ৰাৰ্থী । বিজেপিৰ প্ৰদান বৰুৱা, কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকা, তৃণমূল কংগ্ৰেছৰ ঘনকান্ত চুতীয়া, চিপিআইৰ ধীৰেণ কছাৰী, এছইউচিআইৰ পল্লব পেগু, ভিপিআইৰ বীৰেণ বাইলুং আৰু নিৰ্দলীয় প্ৰাৰ্থী বিক্ৰম ৰামচিয়াৰি, দেৱ নাথ পাইট আৰু গোবিন বিশ্বকৰ্মা । ৯ জনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলেও সমষ্টিটোত এইবাৰ মূল যুঁজখন বিজেপি আৰু কংগ্রেছৰ মাজতে সীমাবদ্ধ থকা বুলি ৰাইজৰ মাজত চৰ্চা লাভ কৰিছে ।
উল্লেখযোগ্য ভোট গণনালৈ মাজত মাথো কেইঘন্টামান বাকী থকাত সকলোৱে এতিয়া উৎকন্ঠিত হৈছে । সমষ্টিটোত কোনে মাৰিব শেষ হাঁহি তাৰ চলিছে ব্যাপক জল্পনা -কল্পনা । মঙলবাৰে বিয়লিৰ ভাগত এই উত্তৰ স্পষ্ট হৈ পৰিব । ৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত এজন সৌভাগ্যবান প্ৰাৰ্থীৰ দিল্লী যাত্রাৰ পথ প্ৰশস্ত হৈ পৰিব ।
১২ নং লখিমপুৰ লোকসভা সমষ্টিত অন্তর্ভুক্ত হৈ আছে ৯ টা বিধানসভা সমষ্টি । এই সমষ্টি কেইটা হ’ল লখিমপুৰ, ঢকুৱাখনা, নাওবৈচা, ৰঙানদী, ধেমাজি, চিচিবৰগাঁও, জোনাই, শদিয়া আৰু ডুমডুমা । বিগত সময়ত এই সমষ্টিটোত মাজুলী আৰু চাবুৱা সমষ্টি অন্তর্ভুক্ত আছিল ।

