ETV Bharat / state

পৃথক কমতাপুৰ জনজাতিকৰণৰ দাবীৰে মহানগৰীত আক্ৰাছুৰ প্ৰতিবাদ

author img

By

Published : Mar 30, 2022, 10:46 PM IST

akrsu-stages-protest-in-guwahati
পৃথক কমতাপুৰ জনজাতিকৰণৰ দাবীৰে মহানগৰীত আক্ৰাছুৰ প্ৰতিবাদ

গুৱাহাটী চচলত আক্ৰাছুৰ ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ(AKRSU stages protest in Guwahati) ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পৃথক কমতাপুৰ জনজাতিকৰণৰ দাবী উত্থাপন ৷

গুৱাহাটী, 30 মাৰ্চ : পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোঁচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত গুৱাহাটীৰ চচলত সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাই বুধবাৰৰ পৰা ২৪ ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে(All Koch Rajbongshi Students Union) ।

অসমৰ ভূমিপুত্ৰ কোঁচ-ৰাজবংশী জনগোষ্ঠীক শীঘ্ৰেই জনজাতিৰ মৰ্যাদা প্ৰদান কৰা,আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ উদ্যোগত আৰু সদৌ কোচ-ৰাজবংশী মহিলা সমিতি, চিলাৰায় সেনাৰ সহযোগত বুধবাৰে গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে ।

পৃথক কমতাপুৰ জনজাতিকৰণৰ দাবীৰে মহানগৰীত আক্ৰাছুৰ প্ৰতিবাদ

উল্লেখ্য যে, এই প্ৰতিবাদী কার্যসূচীত উপস্থিত থাকি সন্থাৰ সভাপতি বলোৰাম বৰ্মন আৰু সাধাৰণ সম্পাদক সুনধৰ ৰয়ে কয় যে, পৃথক কমতাপুৰ ৰাজ্য গঠন,জনজাতি কৰণৰ মৰ্যদা প্ৰদানৰ দাবীৰে আক্ৰাছুৱে দীৰ্ঘদিন ধৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে যদিও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোঁচ ৰাজবংশী জনগোষ্ঠীৰ গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ।

যদিহে উভয় চৰকাৰে কোঁচ ৰাজবংশীৰ এই দীৰ্ঘদিনীয়া দাবীসমূহ মৰ্যদা সহকাৰে সমাধান নকৰে তেন্তে অনাগত দিনত বিকল্প আন্দোলনৰ পন্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি চৰকাৰক সকীয়াই দিয়ে আক্ৰাছু নেতা দুগৰাকীয়ে ।

লগতে পঢ়ক : নিযুক্তিৰ দাবীত ৰাজপথ অৱৰোধ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.