ETV Bharat / state

নিযুক্তিৰ দাবীত ৰাজপথ অৱৰোধ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ

author img

By

Published : Mar 30, 2022, 6:26 PM IST

আগন্তুক এপ্ৰিল মাহৰ ভিতৰত প্ৰতিবন্ধীক নিযুক্তিৰ প্ৰদানৰ দাবীৰে নাৰেংগী ছয়মাইল সংযোগী ভিআইপি পথ অৱৰোধেৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ উত্তাল প্ৰতিবাদ(Pratibandhi Suraksha Sangstha,Assam) । এপ্ৰিল মাহৰ ভিতৰত খালী হৈ থকা পদসমূহত বিশেষভাৱে সক্ষম লোকসকলক নিযুক্তি প্ৰদানৰ দাবী প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ ।

pratibandhi-suraksha-sangstha-stages-protest-in-guwahati
নিযুক্তিৰ দাবীত ৰাজপথ অৱৰোধ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ

গুৱাহাটী, ৩০ মাৰ্চ : নিযুক্তিকে ধৰি নাৰ্য প্ৰাপ্তিৰ ক্ষেত্ৰত বিশেষভাৱে সক্ষম লোকসকলক ৰাজ্য চৰকাৰে প্ৰতাৰণা কৰি অহাৰ অভিযোগ তুলি প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে বুধবাৰে নাৰেংগী ছয়মাইল সংযোগী ভিআইপি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে(PSSA Protetst at Narengi)।

প্ৰায় পাঁচ শতাধিক লোকৰ উপস্থিতিত কেইবাঘণ্টা ধৰি চলা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদ কাৰীসকলে আমাক নিযুক্তি দিয়ক, নহয় আমাক গুলীয়াই মাৰক, প্ৰতিবন্ধিৰ পেঞ্চনৰ ধন অতি শীঘ্ৰে মোকোলাই দিয়ক, এপ্ৰিল মাহৰ ভিতৰত খালী হৈ থকা পদসমূহত বিশেষভাৱে সক্ষম ব্যক্তিক নিযুক্তি দিয়ক, মূখ্যমন্ত্ৰী মহোদয়ে মুখেৰে নহয় কৰ্মৰে প্ৰতিবন্ধীৰ দায়িত্ব পালন কৰক, অসম চৰকাৰ হায় হায়, অমাৰ দাবী মানিবই লাগিব, হিতাধিকাৰী বঢ়াই দিব্যাংগৰ ধন কৰ্তন কৰা নচলিব, বিজেপি চৰকাৰৰ মইমতালী নচলিব আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

নিযুক্তিৰ দাবীত ৰাজপথ অৱৰোধ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সম্পাদক নৃপেন মালাকাৰে কয় যে, "প্ৰতিবন্ধীৰ নিযুক্তিৰ ক্ষেত্ৰত কি কাৰণে চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই সেয়া ৰহস্যৰ বিষয় ৷"

ইয়াৰ লগতে বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰখনে শাসনভাৰ লোৱাৰ পিছতে ঘোষণা কৰা অনুসৰি ১,০০,০০০ পদত যি নিযুক্তি প্রক্রিয়া সম্পন্ন কৰিব বিচাৰিছে, সেই অনুসৰি যোৱা ২৫ মার্চত প্রকাশিত বিজ্ঞাপনৰ ২৬,৪৪৪টা পদৰ প্রতিবন্ধী আইন ২০১৬ অনুসৰি ৪% হাৰত প্রতিবন্ধী সকলে লাভ কৰিবলগীয়া ১০৫৬ টা সংৰক্ষিত পদত বিশেষ নিযুক্তিৰ প্রক্রিয়া অনুষ্ঠিত কৰি নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ তেওঁ দাবী জনায় ৷

মালাকাৰে লগতে কয় যে, "যি সময়ত ৰাজ্য চৰকাৰে বিভিন্ন অভিলাষী আচনিৰ জৰিয়তে ৰাজ্যবাসীক সকাহ দিয়া বুলি দাবী কৰি আহিছে, তেনে সময়ত অসম চৰকাৰে সমাজ কল্যাণ বিভাগৰ জৰিয়তে প্ৰদান কৰা দীনদয়াল দিব্যাংগ পেঞ্চনৰ মাহিলি ১০০০/- টকাৰ পৰিৱৰ্তে ৩০০০/- টকালৈ বৃদ্ধি কৰাৰ লগতে বৰ্তমানে লাভ কৰি থকা ১,৬০,৬১২ গৰাকী হিতাধিকাৰীৰ পৰিৱৰ্তে ২০১৭ চনৰ ৭ ফেব্ৰুৱাৰীত চৰকাৰৰ লগত হোৱা সিদ্ধান্ত অনুসৰি প্ৰত্যেকজন প্রতিবন্ধী ব্যক্তিকে এই ধনৰাশি প্ৰাপ্তিৰ নিশ্চিত কৰাৰ উপৰিও প্রতিবন্ধী ছাত্ৰ-ছাত্ৰীসমূহৰ জলপানী সঠিক সময়ত সঠিকভাৱে প্ৰৱৰ্তনৰ ব্যৱস্থা কৰক ৷"

লগতে বিগত প্রায় ৬ বছৰ জোৰা নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত বিভিন্ন সময়ত চৰকাৰৰ সৈতে কেইবালানি আলোচনা হোৱাৰ পিছতো কোনো ফলপ্রসু পদক্ষেপ গ্ৰহণ কৰা নহ'ল । আনকি নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি গৈ সমগ্র ৰাজ্যখনক লজ্জানত কৰি ২০১৮ চনৰ ৫ অক্টোবৰত আমাৰ ওপৰত গৃহ বিভাগৰ দ্বাৰা লাঠি চালনাৰ দৰে ঘটনা সংঘটিত কৰি প্রতিবন্ধীসকলক যি বর্বৰোচিতভাৱে আক্রমণ কৰিলে তাৰ পিছতো প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ পৰা বিচলিত হোৱা নাই বুলি তেওঁ উল্লেখ কৰে ৷

উল্লেখ্য যে, প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত প্ৰতিবাদী কাৰ্যসূচীত দিব্যাংগ মঞ্চ অসম, দৃষ্টিহীন পৰিষদ অসম, সদৌ বিটিএডি প্ৰতিবন্ধী সুৰক্ষা সংস্থা, মধ্য অসমপ্ৰতিবন্ধী সুৰক্ষা সংস্থাকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে ৷

লগতে পঢ়ক : Paddy procurement centres: নগাঁৱৰ ৰূপহীহাটৰ ধান ক্ৰয় কেন্দ্ৰত দুৰ্নীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.