ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 10, 2022, 9:03 AM IST

TOP 10 AT 9AM
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

Lumding firing: লামডিঙত দুৰ্বৃত্তৰ গুলীত আহত এজন

লামডিঙৰ শিমলুতলাত দুৰ্বৃত্তৰ গুলীচালনা(Firing at Lumding)৷ দুৰ্বৃত্তৰ গুলীত আহত এগৰাকী ব্যক্তি(One person injured) ৷ আহত ব্যক্তিগৰাকীৰ নাম তৰুণ চক্ৰৱৰ্তী(Tarun Chakravarty) ৷ প্ৰাক্তন ৰে’লৱে কৰ্মচাৰী আছিল চক্ৰৱৰ্তী ৷ শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা ৷

Road accident in Dhemaji : ধেমাজিৰ পথ দুৰ্ঘটনাত নিহত এজন যুৱক

শুকুৰবাৰে ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ৫১৫ নংৰাষ্ট্ৰীয় ঘাইপথৰ মৰিঢল খজুৱাত সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accident in Dhemaji) ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষত অধ্যয়নত এজন ছাত্ৰ ৷ নাম যদুমণি বৰা (১৭) বুলি জানিব পৰা গৈছে ৷ লগতে এই দুৰ্ঘটনাতে আহত হয় যদুমণি বৰাৰ বন্ধু বিশ্বজিৎ দাস ৷

Illegal weapons in Sarupathar: সৰুপথাৰত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

শুকুৰবাৰে সৰুপথাৰত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ (Illegal weapons recovered) ৷ টেঙানিৰ কছাৰীহোলাৰ এঘৰৰ পৰা উদ্ধাৰ হৈছে এই মাৰণাস্ত্ৰখিনি ৷ অবৈধ মাৰণাস্ত্ৰৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন লোকক ৷

Road accident at Digboi: ডিগবৈত সংঘটিত পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত এজন

শুকুৰবাৰে দিনৰ ভাগত ডিগবৈত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা (Road accident at Digboi) ৷ তিনিচুকীয়া দিশৰ পৰা ডিগবৈ অভিমুখে গৈ থকা AS23 Y 3304 নম্বৰৰ এখন ALTO 800 বাহনে বগাপানী অঞ্চলৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথত এটা গৰুক বচাবলৈ যাওঁতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷ ফলত বাহনখনৰ সন্মুখভাগ ভাঙি সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ পৰে ৷ অৱশ্যে এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনৰ চালক বিজয় বাৰ্মাৰ (47) (Man injured in a road accident at Digboi) ৷

Road accident in Raha: ৰহাত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰহাৰ জোঙালবলহু গড়ত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা (Road accident in Raha) ৷ দুৰ্ঘটনাটোত থিতাতে দুজন নিহত হোৱাৰ বিপৰীতে আহত হয় আন দুজন ৷

Fire breakout in Rangia: ৰঙিয়াৰ চৌৰাকাৰাত বিধ্বংসী অগ্নিকাণ্ড

ৰঙিয়াৰ চৌৰাকাৰাত বিধ্বংসী অগ্নিকাণ্ড (Fire breakout in Rangia) ৷ জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৮ টাকৈ গৃহ ৷ শুকুৰবাৰে সংঘটিত এই অগ্নিকাণ্ডটো ফাজিল আলী নামৰ ব্যক্তিজনৰ ৰান্ধনী গৃহৰ পৰাই সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ৷

Government changed in Himachal: 1 শতাংশ ভোটৰ বাবেই হিমাচলত সলনি হ’ল চৰকাৰ

হিমাচল প্ৰদেশত এক শতাংশতকৈও কম ভোটৰ ব্যৱধানত ক্ষমতা হেৰুৱালে বিজেপিয়ে । এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৪৩% ভোট আৰু কংগ্ৰেছে ৪৩.৯০% ভোট লাভ কৰে(Vote percentage in Himachal) । সংখ্যাৰ ক্ষেত্ৰত এই পাৰ্থক্য ৩৮ হাজাৰতকৈও কম । কিন্তু ইয়াৰ বাবেই বিজেপিয়ে ১৫খন আসন হেৰুৱালে । হিমাচল প্ৰদেশৰ মুঠ ৬৮ খন আসনত কংগ্ৰেছে ৪০ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ২৫ খন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ৩ খন আসন লাভ কৰিছে ।

Fire broke out at Fatasil Ambari: ফটাশিল আমবাৰীত ভস্মীভূত শতাধিক বাসগৃহ

মহানগৰীৰ ফটাশিল আমবাৰীত বিধ্বংসী অগ্নিকাণ্ড(Fire broke out at Fatasil Ambari) ৷ কামাখ্যাৰাম বৰুৱা মহাবিদ্যালয়ৰ সমীপৰ GMCৰ পুৰণি চাফাইকৰ্মী কলনীত অগ্নিকাণ্ডৰ সূত্ৰপাত (Fire at GMC colony) ৷ অগ্নিকাণ্ডৰ ফলত প্ৰায় 10টা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ সন্দেহ কৰা হৈছে(10 cylinder burst) ৷ অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় শতাধিক বাসগৃহ(25 house burnt) ৷

RSS chief Mohan Bhagwat to visit Assam: আহি আছে আৰএছএছ প্রধান মোহন ভাগৱত

দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে অসমলৈ আহিব আৰএছএছ প্রধান মোহন ভাগৱত ৷ চন্দ্ৰপুৰৰ হাজংবৰীত অনুষ্ঠিত হ'বলগীয়া আৰ এছ এছৰ স্বয়ংসেৱক আৰু কাৰ্যকৰ্তাৰ বিশেষ সন্মিলনত অংশগ্ৰহণ কৰিব নেতাগৰাকীয়ে । ইয়াৰ লগতে উত্তৰ অসম প্ৰান্তৰ স্বয়ংসেৱকৰ লগত দুখনকৈ বৈঠকত মিলিত হ’ব আৰএছএছ প্ৰধানগৰাকী ।

DU ragging controversy: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু ৱাৰ্ডেনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনন্দ শৰ্মাৰ পৰিয়ালৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ সন্দৰ্ভত পোহৰলৈ আহিছে নতুন তথ্য(DU ragging controversy) । আনন্দ শৰ্মাৰ পৰিয়ালে পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ একাংশ ছাত্ৰ আৰু ৱাৰ্ডেনৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷ 17 নৱেম্বৰত আনন্দ শৰ্মাই ৰেগিং সন্দৰ্ভত অভিযোগ দিয়াৰ পিছতে PNGBCNৰ হোৱাটচ'এপ গ্ৰুপত আহিছিল অভিযোগ দিয়াৰ খবৰ(Dibrugarh University ragging case) । ইয়াৰ পিছতে চলিছিল আনন্দ শৰ্মাক নিৰ্যাতনৰ পৰিকল্পনা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.