ETV Bharat / state

DU ragging controversy: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু ৱাৰ্ডেনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনন্দ শৰ্মাৰ পৰিয়ালৰ

author img

By

Published : Dec 9, 2022, 10:38 PM IST

new-information-on-ragging-incident-of-du
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু ৱাৰ্ডেনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনন্দ শৰ্মাৰ পৰিয়ালৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ সন্দৰ্ভত পোহৰলৈ আহিছে নতুন তথ্য(DU ragging controversy) । আনন্দ শৰ্মাৰ পৰিয়ালে পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ একাংশ ছাত্ৰ আৰু ৱাৰ্ডেনৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷ 17 নৱেম্বৰত আনন্দ শৰ্মাই ৰেগিং সন্দৰ্ভত অভিযোগ দিয়াৰ পিছতে PNGBCNৰ হোৱাটচ'এপ গ্ৰুপত আহিছিল অভিযোগ দিয়াৰ খবৰ(Dibrugarh University ragging case) । ইয়াৰ পিছতে চলিছিল আনন্দ শৰ্মাক নিৰ্যাতনৰ পৰিকল্পনা ।

গুৱাহাটী, 9 ডিচেম্বৰ: ন ন তথ্য পোহৰলৈ আহিছে ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিংকাণ্ডৰ ঘটনাৰ(DU ragging controversy) । 27 নৱেম্বৰত সংঘটিত হোৱা এই ভয়ানক ৰেগিংকাণ্ডৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশত ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু ডিব্ৰুগড় আৰক্ষীয়ে পৃথকে পৃথকে সমগ্ৰ ঘটনাক লৈ চলাইছে তদন্ত । ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে 7 জনক আটক কৰি জেললৈ প্ৰেৰণ কৰাৰ বিপৰীতে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আজি পৰ্যন্ত 6 জনকৈ ছাত্ৰৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰিছে(Student expelled from DU) ।

new-information-on-ragging-incident-of-du
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু ৱাৰ্ডেনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনন্দ শৰ্মাৰ পৰিয়ালৰ

আনহাতে এই ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাই চিকিৎসালয়ৰ বিচনাতে সময় অতিবাহিত কৰিব লগা হৈছে । আজি ৰেগিংকাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাৰ পৰিয়ালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ একাংশ ছাত্ৰ আৰু ৱাৰ্ডেনৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ(Ragging incident of DU) । পোহৰলৈ আহিছে আনন্দ শৰ্মাক ৰেগিঙৰ সময়ৰ হোৱাটচএপ মেচেজ । পৰিয়ালে জানিবলৈ দিয়া মতে, 17 নৱেম্বৰত আনন্দ শৰ্মাই ৰেগিং সন্দৰ্ভত অভিযোগ দিয়াৰ পিছতে PNGBCNৰ হোৱাটচ'এপ গ্ৰুপত আহিছিল অভিযোগ দিয়াৰ খবৰ(Dibrugarh University ragging case) ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু ৱাৰ্ডেনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনন্দ শৰ্মাৰ পৰিয়ালৰ

ইয়াৰ পিছতে চলিছিল আনন্দ শৰ্মাক নিৰ্যাতনৰ পৰিকল্পনা । মেচেজৰ কথোপকথনত স্পষ্ট হৈছে উজ্জ্বল অংকুৰ বৰা জড়িত থকাৰ কথা । লগতে বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসলৈ অবৈধভাৱে বহু ছাত্ৰৰ প্ৰৱেশৰ কথা স্পষ্ট হৈছে । ইফালে 27 নৱেম্বৰৰ ঘটনা সংঘটিত হোৱাৰ পিছতে হোৱাটচএপ গ্ৰুপৰ পৰা ৰিম'ভ কৰা হৈছিল আনন্দ শৰ্মাক । আজি এই সমগ্ৰ অভিযোগ সংবাদ মাধ্যমৰ আগত দাঙি ধৰে আনন্দ শৰ্মাৰ দুই ভগ্নীয়ে । কিয়নো আনন্দ শৰ্মাৰ ম’বাইলৰ পৰা এইসমূহ তথ্য লাভ কৰিছে আনন্দ শৰ্মাৰ দুই ভগ্নীয়ে ।

new-information-on-ragging-incident-of-du
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু ৱাৰ্ডেনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনন্দ শৰ্মাৰ পৰিয়ালৰ

ছাত্ৰাবাসৰ ৱাৰ্ডেনৰ লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই একাংশ ছাত্ৰক আনন্দ শৰ্মাই দিয়া অভিযোগৰ তথ্য যোগান ধৰা বাবেই এই ৰেগিংকাণ্ড সংঘটিত হ'ল বুলি ক্ষোভ উজাৰিছে দুই ভগ্নীয়ে । আনন্দ শৰ্মাই উচিত ন্যায় নোপোৱা পৰ্যন্ত তেওঁলোকে যুঁজি যাব বুলি আজি সংবাদ মাধ্যমত কয় ।

new-information-on-ragging-incident-of-du
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু ৱাৰ্ডেনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনন্দ শৰ্মাৰ পৰিয়ালৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ হোৱাটচএপ গ্ৰুপৰ মেচেজৰ পৰা এটা কথাই স্পষ্ট হৈছে একাংশ জ্যেষ্ঠ ছাত্ৰই কনিষ্ঠ ছাত্ৰৰ ওপৰত চলাই আহিছিল বিভিন্ন ধৰণে নিৰ্যাতন । আৰক্ষীৰ তদন্ত সঠিকভাৱে আগবাঢ়িলে এই সমগ্ৰ ঘটনাৰ প্ৰকৃত দোষী চিনাক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।

লগতে পঢ়ক: RSS chief Mohan Bhagwat to visit Assam: আহি আছে আৰএছএছ প্রধান মোহন ভাগৱত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.