ETV Bharat / state

RSS chief Mohan Bhagwat to visit Assam: আহি আছে আৰএছএছ প্রধান মোহন ভাগৱত

author img

By

Published : Dec 9, 2022, 9:53 PM IST

RSS chief Mohan Bhagwat to visit Assam
কাইলৈ অসমলৈ আহিব আৰএছএছ প্রধান মোহন ভাগৱত

দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে অসমলৈ আহিব আৰএছএছ প্রধান মোহন ভাগৱত ৷ চন্দ্ৰপুৰৰ হাজংবৰীত অনুষ্ঠিত হ'বলগীয়া আৰ এছ এছৰ স্বয়ংসেৱক আৰু কাৰ্যকৰ্তাৰ বিশেষ সন্মিলনত অংশগ্ৰহণ কৰিব নেতাগৰাকীয়ে । ইয়াৰ লগতে উত্তৰ অসম প্ৰান্তৰ স্বয়ংসেৱকৰ লগত দুখনকৈ বৈঠকত মিলিত হ’ব আৰএছএছ প্ৰধানগৰাকী ।

গুৱাহাটী, ৯ ডিচেম্বৰ: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছৰ প্ৰধান মোহন ভাগৱত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব(RSS chief Mohan Bhagwat) । ১০ ডিচেম্বৰত অসমত উপস্থিত হ’ব আৰ এছ এছৰ শীর্ষতম নেতাগৰাকী । ১০ ডিচেম্বৰত অসমত পদাৰ্পণ কৰি ১১ ডিচেম্বৰত তেওঁ গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ হাজংবৰীত অনুষ্ঠিত হ'বলগীয়া সংঘৰ স্বয়ংসেৱক আৰু কাৰ্যকৰ্তাৰ বিশেষ সন্মিলনত অংশগ্ৰহণ কৰিব(RSS chief Mohan Bhagwat to arrive in Assam) ।

আৰ এছ এছৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে সদৰী কৰে এই কথা । উল্লেখ্য যে সংঘৰ হাজংবৰীস্থিত বিদ্যাভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত শনিবাৰৰ পৰা ১১ ডিচেম্বৰলৈ তিনিদিনীয়া ‘প্ৰেৰণা শিবিৰ' শীৰ্ষক এক কাৰ্যকৰ্তা শিবিৰ অনুষ্ঠিত হ'ব । আৰ এছ এছৰ শতবৰ্ষ জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি সংঘকাৰ্য বিস্তাৰ আৰু কাৰ্যকতাৰ বিকাশৰ বাবে এই শিবিৰৰ আয়োজন কৰা হৈছে ।

RSS chief Mohan Bhagwat to visit Assam
কাইলৈ অসমলৈ আহিব আৰএছএছ প্রধান মোহন ভাগৱত

শিবিৰত শতাব্দী বৰ্ষৰ বাবে সংঘৰ কাৰ্যবৃদ্ধি আৰু বিভিন্ন গতি-বিধিৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ লগতে শাৰীৰিক অনুশীলন কৰা হ'ব । প্ৰেৰণা শিবিৰৰ অন্তিম দিনা অর্থাৎ ১১ ডিচেম্বৰত ভাগৱতে উত্তৰ অসম প্ৰান্তৰ স্বয়ংসেৱকৰ লগত দুখনকৈ বৈঠকত মিলিত হ’ব । এই শিবিৰত সংঘৰ শাখা স্তৰৰ পৰা প্ৰায় ৩০০০ কার্যকর্তা শিক্ষার্থী হিচাপে উপস্থিত থাকিব । ১০ ডিচেম্বৰত শিবিৰ স্থানত উপস্থিত হৈ আৰ এছ এছৰ শীৰ্ষ নেতাগৰাকীয়ে ১১ ডিচেম্বৰৰ বিয়লি অৰুণাচল প্রদেশলৈ যাব ।

লগতে পঢ়ক: Assam Meghalaya Border Issue : অসম আৰু মেঘালয়ৰ সীমা চুক্তিত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.