ETV Bharat / state

Assam Meghalaya Border Issue : অসম আৰু মেঘালয়ৰ সীমা চুক্তিত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Dec 9, 2022, 7:49 PM IST

border
border

অসম-মেঘালয় সীমাবিবাদ সমাধানৰ চুক্তি বুমেৰাং (Assam Meghalaya border dispute agreement) ! এই চুক্তিত স্থগিতাদেশ মেঘালয় উচ্চ ন্যায়ালয়ৰ ।

নিউজ ডেস্ক, ৯ ডিচেম্বৰ : অসম-মেঘালয় সীমাবিবাদ সমাধানৰ চুক্তি বুমেৰাং (Assam Meghalaya border dispute agreement) ! এই চুক্তিত স্থগিতাদেশ মেঘালয় উচ্চ ন্যায়ালয়ৰ । উল্লেখ্য, অসম আৰু মেঘালয়ৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমাবিবাদ নিষ্পত্তিৰ বাবে দুযোখন ৰাজ্যৰ মাজত স্বাক্ষৰিত হৈছিল এখন চুক্তি (Assam Meghalaya border dispute) ।

বিগত ২৯ মাৰ্চত স্বাক্ষৰিত এই চুক্তি কাৰ্যকৰীকৰণত স্থগিতাদেশ দিছে মেঘালয় উচ্চ ন্যায়ালয়ে (Meghalaya High Court) । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দুয়োখন ৰাজ্যৰে সীমামূৰীয়া ১২ টা অঞ্চলৰ ভিতৰত ছয়টা অঞ্চলৰ সীমা সমস্যা নিষ্পত্তিৰ (Union Home Minister Amit Shah) বাবে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত স্বাক্ষৰিত হৈছিল এই চুক্তি (Meghalaya CM Konrad Sangma) ।

কিন্তু দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকীৰ মাজত স্বাক্ষৰিত এই বুজাবুজিৰ চুক্তিক প্ৰত্যাহ্বান জনাই মেঘালয় উচ্চ ন্যায়ালয়ত দাখিল হয় এক আবেদন । তাৰ পৰিপ্ৰেক্ষিততে মেঘালয় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এইচ এছ থেংখিউৱে এই স্থগিতাদেশ জাৰি কৰে । উল্লেখ্য, চুক্তিখনক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল মেঘালয়ৰ চাৰিগৰাকী পৰম্পৰাগত ৰজাই । এই ৰজাকেইগৰাকী হৈছে ক্ৰমে জিৰাঙৰ আম হামবাৰ্লি নিয়াংলাং, হিমা মাইলিয়ামৰ আইনাম মাণিক, নংলাঙৰ ফলাস্লি নায়াংলাং নংছপুঙৰ ইৰাল্ড জিৰোৱাই ।

উক্ত ৰজাকেইজনৰ আবেদনৰ ভিত্তিত অসম-মেঘালয় সীমাবিবাদ নিষ্পত্তি বুজাবুজি চুক্তিৰ ওপৰত স্থগিতাদেশ আৰোপ কৰি ন্যায়াধীশগৰাকীয়ে কয় যে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত ৰাজ্য দুখনে উক্ত চুক্তি কাৰ্যকৰী কৰিব নোৱাৰিব । লগতে উক্ত ছয়টা অঞ্চলত কোনো ধৰণৰ জৰীপকে ধৰি সীমান্তত খুঁটাৰ স্থান সালসলনি কৰিব নোৱাৰিব । আবেদনকাৰী ৰজাকেইজনৰ অভিযোগ, দুয়োখন চৰকাৰে সাংবিধানিকভাৱে স্বীকৃতিপ্ৰাপ্ত সীমান্তৰ কাষৰীয়া ৰজাৰ অনুমতি অবিহনেই উক্ত চুক্তিত স্বাক্ষৰ কৰিছে ।

উক্ত বুজাবুজি চুক্তিখন সংবিধানৰ অনুচ্ছেদ ৩, ১৩, ২৯ (৯)-ৰ পৰিপন্থী । লগতে অনুচ্ছেদ ১৪ আৰু অনুচ্ছেদ ২১-ত থকা মৌলিক অধিকাৰো উক্ত চুক্তিয়ে উলংঘা কৰিছে । এই সন্দৰ্ভত বৃহস্পতিবাৰে ন্যায়ালয়ে মহাধিবক্তাক শপতনামা দাখিলৰো নিৰ্দেশ দিয়ে । বিষয়টো সন্দৰ্ভত অহা ৬ ফেব্ৰুৱাৰীত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে ।

কিন্তু এইখিনিতে এটা প্ৰশ্ন উত্থাপন হৈছে, যদি সঁচাকৈয়ে এই চুক্তি সম্পাদনৰ বিষয়টোৰ ক্ষেত্ৰত সাংবিধানিক প্ৰতিবন্ধকতা আছে তেনেহ'লে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে এই বুজাবুজি চুক্তি স্বাক্ষৰৰ ক্ষেত্ৰত ইমান খৰখেদা কৰিলে কিয় ? নে এয়া এক চমক সৃষ্টিৰ প্ৰচেষ্টা ! কাৰ্যত অসম-মেঘালয় সীমাবিবাদ নিষ্পত্তিৰ বাবে দুয়োখন ৰাজ্যৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি বুমেৰাঙত পৰিণত হৈছে ।

লগতে পঢ়ক :Assam Arunachal clash: অসমৰ ভূমিত অৰুণাচলীয়ে ভাঙি লণ্ডভণ্ড কৰিলে অমৃত সৰোবৰৰ আধাৰশিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.