ETV Bharat / state

Fire breakout in Rangia: ৰঙিয়াৰ চৌৰাকাৰাত বিধ্বংসী অগ্নিকাণ্ড

author img

By

Published : Dec 10, 2022, 7:00 AM IST

ৰঙিয়াৰ চৌৰাকাৰাত বিধ্বংসী অগ্নিকাণ্ড (Fire breakout in Rangia) ৷ জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৮ টাকৈ গৃহ ৷ শুকুৰবাৰে সংঘটিত এই অগ্নিকাণ্ডটো ফাজিল আলী নামৰ ব্যক্তিজনৰ ৰান্ধনী গৃহৰ পৰাই সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ৷

Houses burnt in fire in Rangia
ৰঙিয়াৰ চৌৰাকাৰাত বিধ্বংসী অগ্নিকাণ্ড

  • ৰঙিয়াৰ চৌৰাকাৰাত বিধ্বংসী অগ্নিকাণ্ড (Fire breakout in Rangia)
  • শুকুৰবাৰে নিশা সংঘটিত এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৮ টাকৈ গৃহ
  • অগ্নিকাণ্ডটো ফাজিল আলী নামৰ ব্যক্তিজনৰ ৰান্ধনী গৃহৰ পৰাই সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে
  • জুইৰ লেলিহান শিখাই আৱৰি ধৰাত ওচৰৰে আবুল আলী আৰু ৰুবুল আলীৰ বাসগৃহটোও সম্পূৰ্ণৰূপে ভস্মীভূত হয়
  • ফলত চকুৰ পলকতে সকলো হেৰুৱাই সৰ্বস্বান্ত হ’ল তিনিটা পৰিয়াল
  • অগ্নিকাণ্ডত দুটাকৈ চিলিণ্ডাৰৰো ঘটিল বিস্ফোৰণ(Cylinders exploded)
  • লগে লগে সমীপতে থকা ডিমুৰ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয়
  • অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ বহু চেষ্টা কৰিও নিৰ্বাপন কৰিব নোৱাৰিলে জুই
  • পিছত বাইহাটা আৰু ৰঙিয়াৰ পৰা যোৱা তিনিখনকৈ অগ্নিনিৰ্বাপক বাহনৰ চেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়
  • পৰিয়ালকেইটাৰ ঘৰত থকা নগদ ধন, নথি-পত্ৰকে ধৰি কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যায়
  • অৱশ্যে কাষৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ কোনোমতে ৰক্ষা পৰে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.