Government changed in Himachal: 1 শতাংশ ভোটৰ বাবেই হিমাচলত সলনি হ’ল চৰকাৰ

author img

By

Published : Dec 9, 2022, 10:26 PM IST

government-changed-in-himachal-with-less-than-one-percent-vote-himachal-pradesh-elections-result-2022

হিমাচল প্ৰদেশত এক শতাংশতকৈও কম ভোটৰ ব্যৱধানত ক্ষমতা হেৰুৱালে বিজেপিয়ে । এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৪৩% ভোট আৰু কংগ্ৰেছে ৪৩.৯০% ভোট লাভ কৰে(Vote percentage in Himachal) । সংখ্যাৰ ক্ষেত্ৰত এই পাৰ্থক্য ৩৮ হাজাৰতকৈও কম । কিন্তু ইয়াৰ বাবেই বিজেপিয়ে ১৫খন আসন হেৰুৱালে । হিমাচল প্ৰদেশৰ মুঠ ৬৮ খন আসনত কংগ্ৰেছে ৪০ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ২৫ খন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ৩ খন আসন লাভ কৰিছে । এই সন্দৰ্ভত পঢ়ক আমাৰ এক প্ৰতিবেদন...

নেশ্যনেল ডেস্ক,9 ডিচেম্বৰ: এইবাৰ হিমাচলত অনুষ্ঠিত হোৱা নিৰ্বাচনত মাত্ৰ এক শতাংশতকৈও কম ভোটত ক্ষমতা বাঘজৰী লাভ কৰিলে কংগ্ৰেছে । এই নিৰ্বাচনত বিজেপিয়ে মাত্ৰ ০.৯ শতাংশ ভোট আৰু কংগ্ৰেছে লাভ কৰে ৪৩.৯০% ভোট ৷ উল্লেখ্য যে, হিমাচল প্ৰদেশত যিকোনো দল ক্ষমতালৈ আহিবলৈ ডেৰ-দুই লাখতকৈ অধিক ভোটৰ প্ৰয়োজন আছিল যদিও এইবাৰ কংগ্ৰেছে কেৱল মাত্ৰ প্ৰায় ৩৮ হাজাৰ ভোট লাভ কৰি ক্ষমতালৈ আহিবলৈ সক্ষম হ’ল ।(Vote percentage in Himachal)

government-changed-in-himachal-with-less-than-one-percent-vote-himachal-pradesh-elections-result-2022
: 1 শতাংশ ভোটৰ বাবেই সলনি হ’ল চৰকাৰ

হিমাচলৰ এই বিধানসভা নিৰ্বাচনত এক শতাংশতকৈও কম ভোটে চৰকাৰ সলনি কৰা কথাই ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে । দেশৰ দুটা বৃহৎ দল কংগ্ৰেছ আৰু বিজেপি দলে এক শতাংশ ভোটৰ পাৰ্থক্যত তথা ১৫খন আসনৰ পাৰ্থক্য ব্যৱধানত ক্ষমতাৰ ভাগ-বাটোৱাৰা হোৱা পৰিলক্ষিত হৈছে । মুঠ ভোটৰ ভিতৰত বিজেপিয়ে লাভ কৰিছে ১৮১৪৫৩০টা ভোট । আনহাতে কংগ্ৰেছে লাভ কৰে ১৮৫২৫০৪ টা ভোট । ভোটৰ শতাংশৰ ক্ষেত্ৰত কংগ্ৰেছে শাসকীয় বিজেপিতকৈ মাত্ৰ ০.৯ শতাংশ বেছি ভোট লাভ কৰিছে । অৱশ্যে আসন অনুযায়ী চালে এই পাৰ্থক্য বৃহৎ হৈ পৰিছে । যদি আমি কংগ্ৰেছৰ ভোটৰ সংখ্যাৰ তুলনামূলক অধ্যয়ন কৰো তেন্তে স্পষ্ট যে এইবাৰ বিজেপিতকৈ কংগ্ৰেছে ৩৭৯৭৪ টা ভোট বেছি পালে আৰু এই পাৰ্থক্যই কংগ্ৰেছক আৰু ১৫খন আসন দিলে । (Congress government to be formed in Himachal)

1 শতাংশ ভোটৰ বাবেই  হিমাচলত সলনি হ’ল চৰকাৰ
1 শতাংশ ভোটৰ বাবেই হিমাচলত সলনি হ’ল চৰকাৰ

চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনত ১৫খন আসনত জয়ৰ ব্যৱধান ২০০০ ভোটতকৈও কম । ইয়াৰে কংগ্ৰেছে ৮খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৭খন আসন লাভ কৰিছে । ইয়াৰে ভিতৰত কংগ্ৰেছে ভোৰঞ্জ, ৰামপুৰ, শ্ৰী ৰেণুকা জী, ভটিয়াত, নাহান, সুজানপুৰ, শিল্লাই আৰু লাহাউল স্পিটিৰ বিধানসভাৰ আসন লাভ কৰিছে । আনহাতে বিজেপিৰ প্ৰাৰ্থীয়ে বিলাসপুৰ, বালহ, দ্ৰাং, যশৱান পৰাগপুৰ, সৰকাঘাট, শ্ৰী নয়না দেৱী জী আৰু উনা বিধানসভাৰ আসন লাভ কৰিছে ।

government-changed-in-himachal-with-less-than-one-percent-vote-himachal-pradesh-elections-result-2022
1 শতাংশ ভোটৰ বাবেই সলনি হ’ল চৰকাৰ

বিগত নিৰ্বাচনৰ লগত তুলনা কৰিলে তেন্তে জয়ৰ ব্যৱধান অতি বেছি হোৱা পৰিলক্ষিত হৈছে । বিগত নিৰ্বাচনত বিজেপিয়ে ১৮৪৬৪৩২টা ভোট লাভ কৰিছিল, যিটো মুঠ ভোটৰ ৪৮.৭৯ শতাংশ, আনহাতে কংগ্ৰেছে ১৫৭৭৪৫০টা ভোট লাভ কৰিছিল, যিটো মুঠ ভোটৰ প্ৰায় ৪১.৬৮ শতাংশ বেছি । এইদৰে এই নিৰ্বাচনত কংগ্ৰেছতকৈ বিজেপিয়ে ২৬৮৯৮২ টা ভোট বেছি লাভ কৰে, যিটো ৬.১১ শতাংশ বেছি । অৱশ্যে শেহতীয়া নিৰ্বাচনত বিজেপিয়ে ৪৪খন আৰু কংগ্ৰেছে ২১খন আসন লাভ কৰে । যদি দুয়োটা দলৰ মুঠ ভোটৰ পাৰ্থক্য চাওঁ, তেন্তে কংগ্ৰেছতকৈ বিজেপিয়ে ২৬৮৯৮২টা ভোট বেছি, আনহাতে বিজেপিয়ে ২৩খন আসন বেছি, কিন্তু এইবাৰ কংগ্ৰেছে বিজেপিতকৈ ৩৭৯৭৪টা ভোট বেছি আৰু একে সংখ্যক ভোটত কংগ্ৰেছে লাভ কৰে ১৫ খন আসন ৷ ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১৮৪৬৪৩২ টা ভোট লাভ কৰাৰ বিপৰীতে এইবাৰ ১৮১৪৫৩০ টা ভোট লাভ কৰে । (Government changed in Himachal)

পূৰ্বে হিমাচলত চৰকাৰ সলনি কৰিবলৈ চাৰি শতাংশতকৈ অধিক ভোটৰ প্ৰয়োজন বুলি ভবা হৈছিল যদিও এইবাৰ মাত্ৰ ১ শতাংশতকৈও কম ভোটেহে চৰকাৰ সলনি কৰিবলৈ সক্ষম হ’ল । যদি হিমাচলৰ ভোট বিভাজনলৈ লক্ষ্য কৰা যায়, এই বিভাজন ১৯৯৮ চনত দেখা গৈছিল, যেতিয়া পৌৰ সুখৰামে হিমাচল বিকাশ কংগ্ৰেছ দল গঠন কৰিছিল । যদিও তেতিয়াৰ নিৰ্বাচনত কংগ্ৰেছে বিজেপিতকৈ ১.১৪ লাখ বেছি ভোট লাভ কৰিছিল, তথাপিও দুয়োটা দলে আসন ৩১-৩১ পৰ্যন্ত লাভ কৰিছিল । প্ৰথমবাৰৰ বাবে বিজেপিৰ চৰকাৰ গঠন হৈছিল যি পাঁচ বছৰ ধৰি চলিছিল। (Congrees govt in Himachal Pradesh)

ইয়াৰ পিছত ২০০৩ চনৰ নিৰ্বাচনত আৰু ১.৭১ লাখ ভোট লাভ কৰি কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহে । ইয়াৰ পিছত ২০০৭ চনৰ বিধানসভা নিৰ্বাচনতো বিজেপি আৰু কংগ্ৰেছৰ ভোটৰ পাৰ্থক্য আছিল মাত্ৰ ১.৬০ লাখ, কিন্তু কংগ্ৰেছতকৈ বিজেপি আসন দুগুণ আছিল । ২০১২ চনৰ বিধানসভা নিৰ্বাচনতো এই পাৰ্থক্য আৰু কমি আহিল । তাৰপিছত প্ৰায় ৪ লাখ ভোট নিৰ্দলীয়ই ল’লে আৰু পাঁচজন নিৰ্দলীয়ও নিৰ্বাচনত জয়ী হ’বলৈ সক্ষম হয় ।

এই নিৰ্বাচনত কংগ্ৰেছে বিজেপিতকৈ ১৪৬৫৬৩টা ভোট বেছি লাভ কৰাৰ বিপৰীতে ১০খন আসন অধিক লাভ কৰে । আনকি ২০১৭ চনৰ শেষৰ বিধানসভা নিৰ্বাচনতো বিজেপিয়ে কংগ্ৰেছতকৈ ২৬৮৯৮২ টা ভোট বেছি লাভ কৰি কংগ্ৰেছৰ দুগুণতকৈও অধিক আসন অৰ্থাৎ ৪৪ খন আসন লাভ কৰিছিল । কিন্তু এইবাৰ প্ৰায় ৩৮হাজাৰ ভোটে কংগ্ৰেছক আৰু ১৫খন আসনহে দিলে আৰু হিমাচলত ক্ষমতাৰ পৰিৱৰ্তন ঘটিল ।

হিমাচলতো নিৰ্দলীয়ই ১০ শতাংশতকৈ অধিক ভোটৰ অংশীদাৰিত্ব লাভ কৰিছে, ইয়াৰে অধিকাংশই বিদ্ৰোহী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱা নিৰ্দলীয় । সমগ্ৰ ৰাজ্যতে নিৰ্দলীয়ই লাভ কৰিছে ৪৩৬৪১৩টা ভোট । হিমাচল নিৰ্বাচনত আম আদমী পাৰ্টিয়ে মাত্ৰ ১.১০ শতাংশ ভোটত সীমাবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে । এই নিৰ্বাচনত মুঠ ৪৬,২৭০ টা ভোট লাভ কৰে আপ দলে ।

এই নিৰ্বাচনত চিপিআই(এম)এ এক শতাংশতকৈও কম ভোট লাভ কৰে আৰু নোটা ভোট প্ৰায় মাত্ৰ আধা শতাংশহে ।

লগতে পঢ়ক: Himachal Poll result 2022: জে পি নাড্ডাৰ ৰাজ্য হিমাচলত মছনদ দখল কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.