ETV Bharat / bharat

Himachal Poll result 2022: জে পি নাড্ডাৰ ৰাজ্য হিমাচলত মছনদ দখল কংগ্ৰেছৰ

author img

By

Published : Dec 8, 2022, 5:01 PM IST

Himachal Poll result 2022
Himachal Poll result 2022

সমগ্ৰ দেশ আজি হিমাচল বিধানসভা নিৰ্বাচনৰ ফলাফলত আচৰিত হৈ পৰিছে (Himachal Poll result 2022) ৷ নিজে জয়ী হৈও মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে দখল কৰিব নোৱাৰিলে মচনদ ৷ যুঁজত পৰিল তেওঁৰ মন্ত্ৰীসভাৰ 8 জনকৈ মন্ত্ৰী ৷ একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দিশে কংগ্ৰেছ (Congress got absolute majority) ৷

নিউজ ডেস্ক, 8 ডিচেম্বৰ: ৰাজনৈতিক সমীকৰণ সলনি হ’ল হিমাচল প্ৰদেশৰ (Himachal Poll result 2022) ৷ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে কংগ্ৰেছে ৷ বিজেপি শাসিত ৰাজ্যখনত এইবাৰ বিজেপিৰ অংকত যেন আউল লাগিল ৷ গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নিজৰ ৰাজ্যত কংগ্ৰেছে দেখুৱালে নিজৰ শক্তি ৷ মুঠ 68 খন আসনৰ ভিতৰত কংগ্ৰেছে লাভ কৰিলে 40 খন আসন ৷ আনহাতে বিজেপি ক্ষান্ত থাকিবলগীয়া হ’ল 25 খন আসনত ৷ অন্যান্যই লাভ কৰিলে 3 খন আসন (Congress won HP poll 2022) ৷

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী জয়ৰাম ঠাকুৰ নিজৰ সমষ্টিত জয়ী হয় যদিও তেওঁৰ মন্ত্ৰীসভাৰ 8 জনকৈ মন্ত্ৰীয়ে পৰাজয় বৰণ কৰে ৷ ইতিমধ্যে নিজৰ দলৰ পৰাজয় স্বীকাৰ কৰিছে জয়ৰাম ঠাকুৰে আৰু আজিয়েই তেওঁ ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰদান কৰিব (Himachal Election Result 2022) ৷

জয়ৰাম ঠাকুৰে জয়ী: সৰাজ সমষ্টিৰ পৰাই মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে নিজৰ ৰাজনৈতিক ভাগ্য উজ্জ্বল কৰি তুলিছে । কংগ্ৰেছ প্ৰাৰ্থী চেত্ৰাম ঠাকুৰক বিপুল ভোটত পৰাস্ত কৰি তেওঁ বীৰভদ্ৰ সিং আৰু প্ৰেম কুমাৰ ধুমালৰ অভিলেখো ভংগ কৰিছে । একেৰাহে ষষ্ঠবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছে মুখ্যমন্ত্ৰীগৰাকী । 13 ৰাউণ্ডত জয়ৰাম ঠাকুৰে 34050 টা ভোটৰ অগ্ৰগতি লাভ কৰি 14 ৰাউণ্ডত 36176 টা ভোটেৰে আগবাঢ়ি থাকে । 57 বছৰীয়া জয়ৰাম ঠাকুৰে বিজেপি দলৰ পৰা 1998, 2003, 2007, 2012, 2017, 2022 চনত 6 টা নিৰ্বাচনত অৱতীৰ্ণ হৈ আটাইকেইটা নিৰ্বাচনতে জয়লাভ কৰে ।

সুৰেশ ভৰদ্বাজ পৰাজিত: নগৰ উন্নয়ন মন্ত্ৰী তথা কাসুম্পতি বিধানসভা আসনৰ বিজেপি প্ৰাৰ্থী সুৰেশ ভৰদ্বাজ নিৰ্বাচনত পৰাস্ত হৈছে । শিমলা নগৰ সমষ্টিৰ পৰিৱৰ্তে কাসুমপ্তিৰ পৰা সুৰেশ ভৰদ্বাজক প্ৰক্ষেপ কৰা হৈছিল ৷ ইয়াত কংগ্ৰেছৰ অনিৰুদ্ধ সিঙে ভৰদ্বাজক 10 হাজাৰৰো অধিক ভোটত পৰাস্ত কৰে।

পৰাজিত ৰাকেশ পাঠনিয়াৰ: নূৰপুৰৰ বিধায়ক তথা জয়ৰাম চৰকাৰৰ বনমন্ত্ৰী ৰাকেশ পাঠনিয়া নিৰ্বাচনী যুঁজত পৰাস্ত হৈছে ফতেহপুৰৰ পৰা । কংগ্ৰেছ প্ৰাৰ্থী ভৱনী সিং পাঠনিয়াই 5500 ৰো অধিক ভোটত পৰাস্ত কৰিছে ।

বিক্ৰম সিং ঠাকুৰে জয়ী: হিমাচল প্ৰদেশৰ উদ্যোগ, পৰিবহণ, শ্ৰম আৰু নিয়োগ মন্ত্ৰী বিক্ৰম সিঙেও এইবাৰ 1800 তকৈও অধিক ভোটত জয়লাভ কৰিছে । 2017 চনত যশোৱান পৰাগপুৰৰ পৰা বিক্ৰম সিঙে জয়লাভ কৰিছিল । 2012 চনৰ বিধানসভা নিৰ্বাচনতো বিজেপিৰ বিক্ৰম সিঙে জয়লাভ কৰিছিল । বিক্ৰম সিঙে একেৰাহে তিনিটা নিৰ্বাচনত জয়লাভ কৰিছে । ৰাজনীতিত অভিজ্ঞ হোৱাৰ পিছতো কংগ্ৰেছ প্ৰাৰ্থী সুৰিন্দৰ সিং মানকোটিয়াই নিজৰ পৰাক্ৰম কৰিব নোৱাৰিলে ।

সৰ্ব্বীন চৌধাৰী পৰাজিত: সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী সৰ্ব্বীন চৌধাৰী শ্বাহপুৰ বিধানসভাৰ আসনৰ পৰা নিৰ্বাচনত পৰাস্ত হৈছে । মেজৰ বিজয় সিং মানকোটিয়াৰ লগত হাত মিলাইও জয়ী হ’ব নোৱাৰিলে তেওঁ । কংগ্ৰেছ প্ৰাৰ্থী কেৱাল সিং পাঠানিয়াই এইবাৰ প্ৰায় 12 হাজাৰ ভোটত পৰাস্ত কৰিছে সৰ্ব্বীন চৌধাৰীক ।

পৰাজিত ৰাজীৱ ছাইজল: ৰাজ্যৰ ৰাজনীতিৰ পৰিচিত মুখ হৈ থকা কাছাউলী বিধানসভাৰ আসনৰ পৰা বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী ৰাজীৱ ছাইজল নিৰ্বাচনত পৰাস্ত হৈছে । এই আসনৰ পৰা একেৰাহে তিনিটা নিৰ্বাচনত জয়লাভ কৰাৰ পিছত কংগ্ৰেছ প্ৰাৰ্থী বিনোদ চুলতানপুৰীয়ে ৰাজীৱ ছাইজালক 7000ৰো অধিক ভোটত পৰাস্ত কৰে । 2012 চনতো ড৹ ছাইজল আৰু বিনোদ চুলতানপুৰীৰ মাজত জয়ৰ ব্যৱধান বহু কম আছিল (Himachal Poll result 2022)।

সুখৰামৰ জয়: পাঁৱতা চাহিব বিধানসভা সমষ্টিত বিজেপিৰ বিধায়ক সুখৰাম চৌধাৰীয়ে জয়লাভ কৰিছে । কংগ্ৰেছৰ কিৰ্নেশ জঙক ৮ হাজাৰৰো অধিক ভোটত পৰাস্ত কৰিছে চৌধাৰীয়ে । 2017 আৰু 2012 চনৰ নিৰ্বাচনতো বিজেপিৰ প্ৰাৰ্থী সুখৰাম চৌধাৰীয়ে কংগ্ৰেছৰ কিৰ্নেশ জঙক পৰাস্ত কৰিছিল ।

ৰাজেন্দ্ৰ গাৰ্গ পৰাজিত : জয়ৰাম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা মন্ত্ৰী হিচাপে থকা ৰাজেন্দ্ৰ গাৰ্গে ঘুমাৰউইন বিধানসভাৰ আসনৰ পৰা নিৰ্বাচনত পৰাস্ত হৈছে । কংগ্ৰেছৰ ৰাজেশ ধৰ্মানীয়ে 5 হাজাৰৰো অধিক ভোটত জয়লাভ কৰিছে । ইয়াৰ পূৰ্বে তেওঁ ঘুমাৰউইন বিধানসভাৰ আসনৰ পৰা দুবাৰ (2007 আৰু 2012) নিৰ্বাচনত জয়ী হৈছিল যদিও 2017 চনত এই আসন তেওঁৰ হাতৰ পৰা ওলাই গৈছিল । 2017 চনৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ৰাজেন্দ্ৰ গাৰ্গে জয়লাভ কৰিছিল ।

ৰামলাল মাৰ্কণ্ডা পৰাজিত: লাহোল স্পিটি জিলাৰ একমাত্ৰ আসনৰ বাবে এইবাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা দেখা যায় । ইয়াত কাৰিকৰী শিক্ষামন্ত্ৰী ৰামলাল মাৰ্কণ্ডা বিজেপিৰ পৰা প্ৰায় 1700 ভোটত পৰাস্ত হৈছে । ইয়াত কংগ্ৰেছৰ ৰবি ঠাকুৰে জয়লাভ কৰিছে । এইবাৰ লাহোল স্পিটি বিধানসভাত 73.75 শতাংশ ভোটদান হয় ।

গোবিন্দ সিং ঠাকুৰ পৰাজিত: একেৰাহে তিনিবাৰকৈ মানালী বিধানসভাৰ আসনত জয়ী হোৱা গোবিন্দ সিং ঠাকুৰে 2022 চনত নিজৰ আসন অক্ষুণ্ণ ৰাখিব নোৱাৰিলে । যোৱা 15 বছৰে গোবিন্দ ঠাকুৰে ইয়াৰ পৰা বিধানসভা নিৰ্বাচনত নিজৰ দখল বজাই ৰাখিছিল । গোবিন্দ ঠাকুৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ভুৱনেশ্বৰ গৌড়ৰ হাতত প্ৰায় 3 হাজাৰ ভোটত পৰাস্ত হয় ।

বীৰেন্দ্ৰ কানোৱাৰ পৰাজয়: মীন বিভাগ, কৃষি, পশুপালন পঞ্চায়তীৰাজৰ গ্ৰামোন্নয়ন মন্ত্ৰী হিচাপে কৰ্মৰত 58 বছৰীয়া বীৰেন্দ্ৰ কানৱৰো পৰাজিত হ’ল নিৰ্বাচনত । কংগ্ৰেছ প্ৰাৰ্থী দেৱেন্দ্ৰ কুমাৰ ভুট্টোৱে কানৱাৰক 7 হাজাৰৰো অধিক ভোটত পৰাস্ত কৰে । 2017 চনৰ নিৰ্বাচনত কংগ্ৰেছৰ বিবেক শৰ্মাক পৰাস্ত কৰি বিজেপিৰ বীৰেন্দ্ৰ কানৱাৰে জয়লাভ কৰিছিল । যোৱা চাৰিটা নিৰ্বাচন অৰ্থাৎ 2003 চনৰ পৰাই বীৰেন্দ্ৰ কানৱাৰে এই আসনখন অবিৰতভাৱে লাভ কৰি আহিছিল ।

লগতে পঢ়ক: Hiamchal election results: ষষ্ঠবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত জয়ৰাম ঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.