ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Jul 31, 2022, 8:59 AM IST

top-10-at-9am
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

Nirmala Mishra passes away: ‘‘কি নাম দি মাতিম’’ বুলি সুধিবলৈ গায়িকা নিৰ্মলা মিশ্ৰ আৰু নাই

বিশিষ্ট সংগীত শিল্পী নিৰ্মলা মিশ্ৰ আৰু নাই (Nirmala Mishra passes away)৷ হৃদ ৰোগত আক্ৰান্ত হৈ শনিবাৰে নিশা শিল্পীগৰাকীৰ মৃত্যু হয় ৷ ওড়িয়া, বাংলা ছবিৰ লগতে বহুকেইখন অসমীয়া ছবিত গীত গাইছিল তেওঁ (Nirmala Mishra Assamese songs)।

CWG 2022 : ভাৰতলৈ প্ৰথমটো সোণৰ পদক আনিলে মীৰাবায়ে

কমনৱেলথ গেমছত ভাৰতে লাভ কৰিলে প্ৰথমটো সোণৰ পদক (India's first Gold in 2022 edition of the Commonwealth Games) ৷ 49 কেজি ভাৰোত্তোলনত মীৰাবাঈ চানুৱে লাভ কৰিছে এই সোণৰ পদক (Mirabai Chanu clinches gold medal in womens 49kg final) ৷

Pijush Hazarika criticizes Aminul Islam : আমিনুল ইছলাম ভাৰত বিৰোধী মানুহ: পীযুষ হাজৰিকা

‘‘আমিনুল ইছলাম ভাৰত বিৰোধী মানুহ ৷ ভাৰত বিৰোধী ব্যক্তিসকলক ধৰিলে আমিনুল ইছলামহতঁৰ ফৰফৰনি উঠে । ভূপেন বৰাই নিজে ওস্তাদি মাৰি নিজেই ফচিছে । দিল্লীত চাগৈ সুধিছে প্ৰমাণ কি আছে দিয়া তেতিয়া চুপ হৈ গ’ল ।’’ বঙাইগাঁৱত দুই বিৰোধীক এইদৰে কঠোৰ সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika calls MLA Aminul Islam anti Indian) ৷

Militant killed in encounter: বাৰামুল্লাত নিৰাপত্তাৰক্ষী বাহিনীৰ গুলীত নিহত সন্ত্ৰাসবাদী

বাৰামুল্লা জিলাত নিৰাপত্তাৰক্ষী বাহিনীৰ গুলীত নিহত লস্কৰ ই তৈবা গোটৰ সন্ত্ৰাসবাদী (LeT militant killed in Kashmir) ৷ মৃত সন্ত্ৰাসবাদীটোক বাৰামুলাৰ পাট্টনৰ ইৰছাদ আহমেদ ভাট বুলি চিনাক্ত কৰা হৈছে ৷ এই সংঘৰ্ষত আহত হৈছে দুজন সেনা জোৱান আৰু এজন আৰক্ষী জোৱান ।

Bhupen Bora at Kashi Vishwanath Temple: প্ৰশান্তি বিচাৰি গংগাৰ পাৰত ভূপেন বৰাৰ পূজা

প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দ্বায়িত্ব লাভৰ পাছৰে পৰা অথন্তৰে লগেই এৰা নাই ভূপেন বৰাক ৷ দলৰ অন্তঃকন্দলে যেন প্ৰতি মূহুৰ্তে অশান্তি দিবলৈ আৰম্ভ কৰিছে প্ৰদেশ কগ্ৰেছৰ সভাপতিগৰাকীক(APCC president Bhupen Bora) ৷ ৰাজ্যসভা নিৰ্বাচনত নিজ দলৰ বিধায়কে শাসকীয় দলৰ বিধায়কক ভোট দিয়া বিতৰ্ক মাৰ নৌযাওতেই পুনৰ একেই ঘটনা হ’ল ৰাষ্ট্ৰপতি নিৰ্বাচনত ৷ তাৰ মাজতে দল ত্যাগ কৰা, চুকত থাকি বুকুত কামোৰা নেতাসকলৰ বিষয়বোৰতো আছেই ৷

MPs brother of Arunachal: নকল টকা নিবলৈ গুৱাহাটীলৈ আহি নিৰুদ্দেশ হৈছিল সাংসদৰ ভাতৃ

শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰা সন্ধানহীন হৈছিল অৰুণাচল প্ৰদেশৰ বিজেপি সাংসদ তাপিৰ গাৱৰ ভ্ৰাতৃ তাহং গাও । তাহং গাৱৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত গুৱাহাটী আৰক্ষীয়ে পাণবজাৰৰ মিনাৰ্ভা হোটেলৰ পৰা তাহং গাৱক উদ্ধাৰ কৰিবলৈ সক্ষম হয়(Brother of Arunachal MP rescued in Guwahati) ।

Jharkhand Congress MLAs Arrested: বৃহৎ পৰিমাণৰ নগদ ধনসহ তিনি বিধায়কক গ্ৰেপ্তাৰ

পশ্চিমবংগত বহু পৰিমাণৰ নগদ ধনসহ ঝাৰখণ্ডৰ তিনিজন কংগ্ৰেছ বিধায়কক গ্ৰেপ্তাৰ(Jharkhand Congress MLA's Arrested in West Bengal) । বিধায়ককেইজন ক্ৰমে ইৰফান আনছাৰী, ৰাজেশ কাছাপ আৰু নমন বিক্সাল ।

Ayush Building Complex: নৱী মুম্বাইত আয়ুষ ভৱন কমপ্লেক্স উদ্বোধন সোণোৱালৰ

তিনিমহলীয়া ভৱনত অন্তৰ্ভুক্ত হ'ব আঞ্চলিক হোমিঅ'পেথী গৱেষণা প্ৰতিষ্ঠান আৰু আঞ্চলিক য়ুনানী ঔষধ গৱেষণা প্ৰতিষ্ঠান ৷ এলাৰ্জিক বিকাৰ আৰু ৰেজিমেণ্টেল থেৰাপীৰ বাবে ক্ৰমে আঞ্চলিক হোমিঅ'পেথী গৱেষণা প্ৰতিষ্ঠান আৰু আঞ্চলিক য়ুনানী ঔষধ গৱেষণা প্ৰতিষ্ঠানক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে গঢ় দিয়া হ'ব ৷ কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নৱী মুম্বাইৰ খাৰঘৰত উদ্বোধন কৰে আয়ুষ ভৱন কমপ্লেক্সটো(Union AYUSH Minister Sarbananda Sonowal) ৷

The Second Great Khali in Assam: ৰিঙত নহয়, জোনাইত দ্য অসমীয়া গ্ৰেট খালি

দ্বিতীয় গ্ৰেট খালিয়ে তোলপাৰ লগাইছে ৰাজ্য ৷ শৰীৰৰ অৱয়ব, শক্তি অথবা মুখমণ্ডলৰ অৱয়ব দেখিলে যিকোনো মানুহে স্বীকাৰ কৰিব যে, এয়া WWEৰ দ্য গ্ৰেট খালিয়েই ৷ জানক সবিশেষ...

BJP meeting in Guwahati: উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক জামোৱালক বিদায়

শনিবাৰে গুৱাহাটীত আয়োজন কৰা হয় ভাৰতীয় জনতা পাৰ্টিৰ এক শুভেচ্ছামূলক সভা (BJP organized Greeting meeting in Guwahati) ৷ এই সভাতে ভাৰতীয় জনতা পাৰ্টিৰ মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ৰ ক্ষেত্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে নতুনকৈ দায়িত্ব লাভ কৰা অজয় জামোৱালক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.