BJP meeting in Guwahati: উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক জামোৱালক বিদায়

author img

By

Published : Jul 30, 2022, 9:47 PM IST

BJP organized Greeting meeting in Guwahati

শনিবাৰে গুৱাহাটীত আয়োজন কৰা হয় ভাৰতীয় জনতা পাৰ্টিৰ এক শুভেচ্ছামূলক সভা (BJP organized Greeting meeting in Guwahati) ৷ এই সভাতে ভাৰতীয় জনতা পাৰ্টিৰ মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ৰ ক্ষেত্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে নতুনকৈ দায়িত্ব লাভ কৰা অজয় জামোৱালক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰা হয় ৷

গুৱাহাটী, ৩০ জুলাই : শনিবাৰে মাছখোৱাৰ আই টি এ চেণ্টাৰত আয়োজন কৰা হয় ভাৰতীয় জনতা পাৰ্টিৰ এক শুভেচ্ছামূলক সভা (BJP organized Greeting meeting in Guwahati)৷ এই সভাত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ভাৰতীয় জনতা পাৰ্টিৰ মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ৰ ক্ষেত্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে নতুনকৈ দায়িত্ব লাভ কৰা অজয় জামোৱালক বিগত ছয় বছৰে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক হিচাপে আগবঢ়োৱা সেৱাৰ বাবে আয়োজিত কৰা হয় এই ধন্যবাদ আৰু শুভেচ্ছামূলক সভাখন ৷

BJP organized Greeting meeting in Guwahati
গুৱাহাটীত আয়োজন BJP ৰ শুভেচ্ছামূলক সভা

এই সভাত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, ২০১৫ চনৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ সংগঠনিক ভেঁটি শক্তিশালীকৰণৰ বাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অজয় জামোৱালে বহু কষ্ট কৰিছিল । চৰকাৰ গঠনৰ পিছত তেওঁক যেতিয়া নেডাৰ দায়িত্ব দিয়া হৈছিল, তেতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত আছিল জামোৱাল ।

ভাৰতীয় জনতা পাৰ্টিৰ এক শুভেচ্ছামূলক সভা

লগতে তেওঁ কয়, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড, অৰুণাচল প্ৰদেশকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত অজয় জামোৱালে সাংগঠনিক শক্তি অধিক মজবুত কৰি দলৰ কৰ্মকৰ্তাসকলৰ মনত আত্মবিশ্বাস জগাই তুলিছিল । জামোৱালে সংগঠন নিৰ্মাণ কৰাৰ লগতে দলীয় কার্যালয়সমূহ স্থাপন কৰাৰ ক্ষেত্ৰত অভূতপূৰ্ব প্ৰেৰণা আগবঢ়াইছিল ।

লগতে পঢ়ক : Operation against Jihadi in Assam: জেহাদীৰ সৈতে লিংক থকাৰ সন্দেহত আটক আমিৰ হামজা

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত থকা কালতেই দেশ মাতৃৰ সেৱাত আত্মনিয়োগ কৰা জামোৱালে উত্তৰ-পূৰ্বাঞ্চলৰ ভাৰতীয় জনতা পাৰ্টিৰ সকলো কৰ্মকৰ্তাৰ সন্মান বুটলিবলৈ সক্ষম হৈছিল । তেওঁ কয় যে, ছত্তিশগড় আৰু মধ্যপ্ৰদেশত দলৰ সাংগঠনিক স্থিতি অধিক শক্তিশালী কৰাৰ স্বাৰ্থত দায়িত্ব অর্পণ কৰা জামৱালৰ এয়া বিদায় পৰ্ব নহয়, কর্মস্থলী স্থানান্তৰহে মাথো ।

BJP organized Greeting meeting in Guwahati
ভাৰতীয় জনতা পাৰ্টিৰ সভা

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয় যে, অসম শক্তিশালী হ’লেহে ভাৰতবৰ্ষ শক্তিশালী হৈ উঠিব । মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ শক্তিশালী হ'লে উত্তৰ-পূৰ্বাঞ্চলো শক্তিশালী হ'ব । তেওঁ কয় যে, আমাৰ সকলোৰে একেই মাতৃ, সেয়া হ'ল ভাৰত মাতৃ ।

উল্লেখ্য যে, উক্ত সভাত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, অসম চৰকাৰৰ পৰিৱেশ আৰু বন, এক্ট ইষ্ট পলিচি পৰিক্ৰমা আৰু সংখ্যালঘু কল্যাণ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকে ৷

লগতে এই সভাত উপস্থিত থাকে জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, হাউছিং আৰু নগৰ পৰিক্ৰমা, জনসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহল, সাংসদ ক্ৰমে কুইন ওজা, পৱিত্ৰ মাৰ্ঘেৰিটা, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰমেন ডেকা, বিধায়কসকলকে ধৰি বহু সংখ্যক লোক ৷

লগতে পঢ়ক : Deruri Autonomous Council : দেউৰী স্বায়ত্ব শাসিত পৰিষদত বৃহৎ দুৰ্নীতি, মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.