Ayush Building Complex: নৱী মুম্বাইত আয়ুষ ভৱন কমপ্লেক্স উদ্বোধন সোণোৱালৰ

author img

By

Published : Jul 30, 2022, 10:03 PM IST

Union AYUSH Minister Sarbananda Sonowal inaugurates AYUSH Building Complex in Navi Mumbai

তিনিমহলীয়া ভৱনত অন্তৰ্ভুক্ত হ'ব আঞ্চলিক হোমিঅ'পেথী গৱেষণা প্ৰতিষ্ঠান আৰু আঞ্চলিক য়ুনানী ঔষধ গৱেষণা প্ৰতিষ্ঠান ৷ এলাৰ্জিক বিকাৰ আৰু ৰেজিমেণ্টেল থেৰাপীৰ বাবে ক্ৰমে আঞ্চলিক হোমিঅ'পেথী গৱেষণা প্ৰতিষ্ঠান আৰু আঞ্চলিক য়ুনানী ঔষধ গৱেষণা প্ৰতিষ্ঠানক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে গঢ় দিয়া হ'ব ৷ কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নৱী মুম্বাইৰ খাৰঘৰত উদ্বোধন কৰে আয়ুষ ভৱন কমপ্লেক্সটো(Union AYUSH Minister Sarbananda Sonowal) ৷

নিউজ ডেস্ক, ৩০ জুলাই: কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে নৱী মুম্বাইৰ খাৰঘৰত এটা আয়ুষ ভৱন কমপ্লেক্সৰ উদ্বোধন কৰে(Union AYUSH Minister Sarbananda Sonowal inaugurates AYUSH Building Complex) । এই তিনিমহলীয়া ভৱনত অন্তৰ্ভুক্ত হ'ব কেন্দ্ৰীয় হোমিঅ'পেথী গৱেষণা পৰিষদৰ অধীনস্থ আঞ্চলিক হোমিঅ'পেথী গৱেষণা প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় য়ুনানী ঔষধ গৱেষণা পৰিষদৰ অধীনস্থ আঞ্চলিক য়ুনানী ঔষধ গৱেষণা প্ৰতিষ্ঠান ।

তিনিমহলীয়া ভৱন কমপ্লেক্সটো মহাৰাষ্ট্ৰ মহানগৰ আৰু ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডে নিৰ্মাণ কৰি উলিয়াইছে । উক্ত প্ৰতিষ্ঠানকেইখনত ৰোগীৰ বাবে যাৱতীয় পৰামৰ্শ আৰু চিকিৎসা ব্যৱস্থা, শিশু ৰোগৰ চিকিৎসা, নিয়মীয়া হিমাট'লজিকেল আৰু জৈৱ-ৰসায়নৰ বাবে পৰীক্ষাগাৰৰ সুবিধা আদি বিভিন্ন ব্যৱস্থা থাকিব ।

  • Glad to dedicate to the nation the new combined building of Regional Research Institute for Homoeopathy (RRIH) and Regional Research Institute of Unani Medicine (RRIUM) in Navi Mumbai. @moayush pic.twitter.com/BPItauLrYf

    — Sarbananda Sonowal (@sarbanandsonwal) July 30, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Sarbananda Sonowal inaugurates AYUSH Building Complex in Navi Mumbai) কয় যে, ভাৰতীয় পৰম্পৰাগত ঔষধ তথা চিকিৎসা পদ্ধতিয়ে যুগ যুগ ধৰি মানৱ জীৱনৰ সমৃদ্ধিৰ ওপৰত ইয়াৰ প্ৰভাৱ প্ৰমাণ কৰি আহিছে । সেয়েহে আধুনিক চিকিৎসা পদ্ধতিৰ সমান্তৰালভাৱে পৰম্পৰাগত চিকিৎসা প্ৰণালীকো সমানেই গুৰুত্ব দিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ অগ্ৰাধিকাৰ দিছে ।

তেওঁ লগতে কয় যে, ভাৰতীয় পৰম্পৰাগত চিকিৎসা প্ৰণালীৰ দুটা গুৰুত্বপূৰ্ণ অংশ হৈছে-হোমিঅ'পেথী আৰু য়ুনানী ঔষধ প্ৰণালী । এই দিশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা দুখন প্ৰতিষ্ঠান- আঞ্চলিক হোমিঅ'পেথী গৱেষণা প্ৰতিষ্ঠান আৰু আঞ্চলিক য়ুনানী ঔষধ গৱেষণা প্ৰতিষ্ঠানক ক্ৰমান্বয়ে এলাৰ্জিক বিকাৰগ্ৰস্ততা আৰু ৰেজিমেণ্টেল থেৰাপীৰ বাবে উৎকৃষ্টতাৰ কেন্দ্ৰলৈ পৰিণত কৰাত আমি গুৰুত্ব আৰোপ কৰিছোঁ । এইক্ষেত্ৰত আয়ুষ মন্ত্ৰালয়ৰ অধীনত যাৱতীয় পৰিকল্পনাৰ কাম চলি আছে ।

  • Some precious moments from my interaction with students at the Regional Research Institute for Homeopathy and Regional Research Institute of Unani Medicine in Navi Mumbai. @moayush pic.twitter.com/N7mohAL2iH

    — Sarbananda Sonowal (@sarbanandsonwal) July 30, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতীয় পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতা আৰু প্ৰতিশ্ৰুতি দোহাৰি সৰ্বানন্দ সোণোৱালে কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ ভিজনক সাৰোগত কৰি আয়ুষ মন্ত্ৰালয়ে উন্নত আৰু সহজলভ্য স্বাস্থ্যসেৱাৰ বাবে পৰম্পৰাগত ঔষধ তথা চিকিৎসা পদ্ধতিৰ প্ৰচাৰ আৰু প্ৰয়োগক উৎসাহিত, উজ্জীৱিত আৰু ত্বৰান্বিত কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । মই আশা কৰোঁ যে, মুম্বাই আৰু সমগ্ৰ মহাৰাষ্ট্ৰৰ জনসাধাৰণে আঞ্চলিক হোমিঅ'পেথী গৱেষণা প্ৰতিষ্ঠান আৰু আঞ্চলিক য়ুনানী ঔষধ গৱেষণা প্ৰতিষ্ঠানৰপৰা যথেষ্ট সুফল লাভ কৰিব পাৰিব ।

অনুষ্ঠানটোৰ মুখ্য উদ্যোক্তা আছিল কেন্দ্ৰীয় হোমিঅ'পেথী গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান সুভাষ কৌশিক আৰু কেন্দ্ৰীয় য়ুনানী ঔষধ গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান আছিম আলী খান । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে স্থানীয় পনৱেল সমষ্টিৰ বিধায়ক প্ৰশান্ত ঠাকুৰ, আয়ুষ মন্ত্ৰালয়ৰ হোমিঅ'পেথী শাখাৰ উপদেষ্টা সংগীতা এ ডুগ্গল, ৰাষ্ট্ৰীয় হোমিঅ'পেথী কমিছনৰ অধ্যক্ষ অনিল খুৰানা, দিল্লী চৰকাৰৰ আয়ুষ সঞ্চালক ৰাজ কে মনচন্দা, আয়ুষ মন্ত্ৰালয় তথা মহাৰাষ্ট্ৰ চৰকাৰৰ বিষয়াসকল প্ৰমুখ্যে হোমিঅ'পেথী আৰু য়ুনানী ঔষধৰ গৱেষক, আয়ুষ বিজ্ঞানী, জ্যেষ্ঠ চিকিৎসক, ভালেকেইখন মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু ছাত্র-ছাত্ৰীসকল ।

লগতে পঢ়ক : Bhupen Bora at Kashi Vishwanath Temple: প্ৰশান্তি বিচাৰি গংগাৰ পাৰত ভূপেন বৰাৰ পূজা

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.