Jharkhand Congress MLAs Arrested: বৃহৎ পৰিমাণৰ নগদ ধনসহ তিনি বিধায়কক গ্ৰেপ্তাৰ

author img

By

Published : Jul 30, 2022, 10:44 PM IST

Updated : Jul 30, 2022, 10:56 PM IST

Jharkhand Congress MLA's Arrested in West Bengal

পশ্চিমবংগত বহু পৰিমাণৰ নগদ ধনসহ ঝাৰখণ্ডৰ তিনিজন কংগ্ৰেছ বিধায়কক গ্ৰেপ্তাৰ(Jharkhand Congress MLA's Arrested in West Bengal) । বিধায়ককেইজন ক্ৰমে ইৰফান আনছাৰী, ৰাজেশ কাছাপ আৰু নমন বিক্সাল ।

নিউজ ডেস্ক, 30 জুন : হাওৰাৰ(গ্ৰাম্য) আৰক্ষীয়ে শনিবাৰে বৃহৎ পৰিমাণৰ নগদ ধনসহ ঝাৰখণ্ডৰ তিনিজন কংগ্ৰেছ বিধায়কক গ্ৰেপ্তাৰ কৰে(Jharkhand Congress MLA's Arrested in West Bengal) । ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়ক তিনিজনে এখন গাড়ীত উঠি আছিল আৰু তেওঁলোক পূৱ মেদিনীপুৰলৈ গৈ আছিল বুলি জানিব পৰা হৈছে । পশ্চিমবংগৰ হাওৰা(গ্ৰাম্য) আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত শনিবাৰে সন্ধিয়া তেওঁলোকক পঞ্চলা আৰক্ষী থানাৰ অন্তৰ্গত ৰাণীহাটি টাৰ্ণৰ ওচৰত ৰখাই নগদ ধনখিনি উদ্ধাৰ কৰে ৷

বৃহৎ পৰিমাণৰ নগদ ধনসহ তিনি বিধায়কক আটক

গাড়ীখনত বৃহৎ পৰিমাণৰ নগদ ধন ৰখা তথ্য লাভ কৰাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী অধীক্ষক স্বাতী ভাঙ্গালিয়া উপস্থিত হয় । আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰা অনুসৰি তেওঁলোকে গোপন তথ্যৰ আধাৰত ৰাণীহাটি টাৰ্ণত এক বিশেষ অভিযান চলায় ৷ অভিযানৰ সময়ত ঝাৰখণ্ডৰ জামতাৰাৰ পৰা অহা গাড়ীখন ৰখোৱা হয় ।

গাড়ীখনত চালকসহ পাঁচজন লোক আছিল ৷ তেওঁলোকৰ ভিতৰত কংগ্ৰেছৰ তিনিজন বিধায়ক ক্ৰমে ৰাজেশ কাছাপ, নমন বিক্সাল আৰু ইৰফান আনছাৰী । আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰা অনুসৰি গাড়ীখনৰ ভিতৰত অজস্ৰ নগদ ধন পোৱা গৈছিল । অৱশ্যে এই মুহূৰ্তত কিমান নগদ ধন আছে সেয়া কোৱাটো সম্ভৱ নহয় ।

হাওৰা আৰক্ষীয়ে ইতিমধ্যে বেংক বিষয়াসকলৰ সৈতে যোগাযোগ কৰিছে । গণনা যন্ত্ৰৰ সহায়ত নগদ ধন গণনা কৰা হ'ব । আনহাতে আৰক্ষীয়ে ইতিমধ্যে বিধায়ককেইজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ৷ গাড়ীখনত জামতাৰা বিধায়কৰ বোৰ্ড লগোৱা আছিল ।

লগতে পঢ়ক : Drugs dispose: অমিত শ্বাহৰ উপস্থিতিত নিষ্কাশন কৰিব ৩০ হাজাৰ কিঃগ্ৰাঃৰো অধিক ড্ৰাগছ

Last Updated :Jul 30, 2022, 10:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.