Nirmala Mishra passes away: ‘‘কি নাম দি মাতিম’’ বুলি সুধিবলৈ গায়িকা নিৰ্মলা মিশ্ৰ আৰু নাই

author img

By

Published : Jul 31, 2022, 7:49 AM IST

Nirmala Mishra passes away

বিশিষ্ট সংগীত শিল্পী নিৰ্মলা মিশ্ৰ আৰু নাই (Nirmala Mishra passes away)৷ হৃদ ৰোগত আক্ৰান্ত হৈ শনিবাৰে নিশা শিল্পীগৰাকীৰ মৃত্যু হয় ৷ ওড়িয়া, বাংলা ছবিৰ লগতে বহুকেইখন অসমীয়া ছবিত গীত গাইছিল তেওঁ (Nirmala Mishra Assamese songs)।

নিউজ ডেস্ক, 31 মে’: প্ৰখ্যাত বাংলা গায়িকা নিৰ্মলা মিশ্ৰৰ দেহাৱসান (Nirmala Mishra passed away) ৷ হৃদ ৰোগত আক্ৰান্ত হৈ শনিবাৰে নিশাৰ ভাগত দক্ষিণ কলকাতাৰ চেতলা অঞ্চলৰ নিজ বাসগৃহত শিল্পীগৰাকীৰ মৃত্যু হয় বুলি এগৰাকী জ্যেষ্ঠ চিকিৎসকে জনায় । বালকৃষ্ণ দাস বঁটা লাভ কৰা নিৰ্মলা মিশ্ৰই দীৰ্ঘদিন ধৰি ৰোগৰ সৈতে যুঁজি আছিল । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 81 বছৰ (Renowned Bengali singer Nirmala Mishra)৷

নিশা প্ৰায় 12.05 বজাত মিশ্ৰৰ হৃদপিণ্ডৰ ব্যাপক সমস্যাত ভোগে আৰু তেওঁক ওচৰৰ নাৰ্চিং হোমলৈ লৈ যোৱা হয় ৷ কিন্তু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷ নিৰ্মলা মিশ্ৰ আছিল অন্যতম সন্মানীয় আৰু প্ৰশংসিত গায়িকা । ওড়িয়া, বাংলা ছবিৰ লগতে বহুকেইখন অসমীয়া ছবিত গীত গাইছিল তেওঁ (Nirmala Mishra Assamese songs)।

প্ৰখ্যাত অসমীয়া কথাছবি ‘ডক্তৰ বেজবৰুৱা’ৰ ‘কি নাম দি মাতিম’ শীৰ্ষক গীতটিত দ্বিপেন বৰুৱাৰ সৈতে কণ্ঠ নিগৰাইছিল নিৰ্মলা মিশ্ৰই ৷ ‘ধৰ্মকাই’ বোলছবিত ‘সঁচাকে কোৱা কথাটি কোৱা’, ‘বৃষ্টি’ বোলছবিত ‘তুলসীৰ তলে তলে কত চাকি জ্বলালো’ আদি তেখেতে কণ্ঠদান কৰা জনপ্ৰিয় অসমীয়া গীত (Nirmala Mishra in Assamese film industry)৷

তেওঁ গীতত কণ্ঠদান কৰা কেইখনমান অসমীয়া কথাছবি হৈছে :

পূবেৰুণ (1959)

লাচিত বৰফুকন (1961)

সংগ্ৰাম (1968)

ডক্তৰ বেজবৰুৱা (1969)

বৰুৱাৰ সংসাৰ (1970)

বৃষ্টি (1974)

পুতলা ঘৰ (1976)

ধৰ্মকাই (1977)

নতুন আশা (1977)

নিয়তি (1978)

লগতে পঢ়ক : Kuri Bosor Jail to be telecast: প্ৰথমবাৰৰ বাবে টেলিভিছনৰ পৰ্দাত কলাগুৰুৰ "কুৰি বছৰ জেইল"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.