The Second Great Khali in Assam: ৰিঙত নহয়, জোনাইত দ্য অসমীয়া গ্ৰেট খালি

author img

By

Published : Jul 30, 2022, 7:39 PM IST

The Second Great Khali in Assam

দ্বিতীয় গ্ৰেট খালিয়ে তোলপাৰ লগাইছে ৰাজ্য ৷ শৰীৰৰ অৱয়ব, শক্তি অথবা মুখমণ্ডলৰ অৱয়ব দেখিলে যিকোনো মানুহে স্বীকাৰ কৰিব যে, এয়া WWEৰ দ্য গ্ৰেট খালিয়েই ৷ জানক সবিশেষ...

জোনাই, ৩০ জুলাই: এটা বৃহদাকাৰ শৰীৰ ৷ সমান্তৰালকৈ অপৰিসীম বাহুবল লোকজনৰ ৷ লোকজনে অনায়াসে দাঙি লৈ ফুৰিব একোখন মটৰ চাইকেল ৷ সেই অনুসৰি লোকজনক প্ৰয়োজন কেইবাজনো সাধাৰণ লোকৰ খাদ্যসম্ভাৰ ৷ এইসমূহ বিশেষত্বৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰেট খালি বুলিয়েই মাতে স্থানীয় লোকে ৷

ৰিঙত নহয়, জোনাইত দ্য অসমীয়া গ্ৰেট খালি

জোনাইত আছে এই দ্বিতীয় দ্য গ্ৰেট খালি (Jonai The Graet khali)। দেখিবলৈ সাইলাখ WWEৰ খেলুৱৈ দ্য গ্ৰেট খালিয়েই । সেয়েহে সাধাৰণ মানুহে লোকজনক গ্ৰেট খালি বুলিয়েই মাতে । লোকজনে বসবাস কৰে পত্নী, এজনী ছোৱালী আৰু এটা পুত্ৰ সন্তানৰ সৈতে সৈতে অসম-অৰুণাচল সীমান্তৰ ধেমাজিৰ জোনাইৰ নাহৰ বান্দানা গাঁৱৰ এটা জৰাজীৰ্ণ ঘৰত । নাম তেওঁৰ জীতেন দলে ওৰফে আল্লাই (Jiten Doley known as Great Khali) ।

৪৯ বছৰীয়া আল্লাইৰ ওজন ১ কুইন্টল ৫৫ কিলো, উচ্চতা ৬ ফুট ৮ ইঞ্চি ৷ এবাৰ খাদ্য গ্ৰহণ কৰোতে তেওঁক লাগে ২.৫ কিল’গ্ৰাম চাউল, মাছ বা মাংস লাগে ২ ৰ পৰা ৩ কিল’গ্ৰাম আৰু কণী ৩০ টাকৈ । জীতেন দলে ওৰফে আল্লাই মাজে সময়ে মিছিং জাতীয় সংঠনৰ লগত বিভিন্ন সাংগঠনিক কামত সহযোগ কৰিছিল । বৰ্তমান তেওঁ সৰু-সুৰা ব্যৱসায়েৰে কোনোমতে পৰিয়াল পোহ-পাল দি আছে ৷

জীতেন দলেয়ে কৰিব পাৰে সাধাৰণ দুজন-তিনিজন মানুহে কৰিব নোৱাৰা কাম । যদিও উপযুক্ত প্ৰশিক্ষণৰ আৰু আৰ্থিক অনাটনৰ বাবে ৰাজ্যিক বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজকে পৰিচয় দিব পৰা নাই ৷

লগতে পঢ়ক: Assam Youth Olympic 2022: মল্লযুদ্ধত 10 টাকৈ পদক আজুৰিলে বোকাখাত মল্লযুদ্ধ সন্থাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.