Militant killed in encounter: বাৰামুল্লাত নিৰাপত্তাৰক্ষী বাহিনীৰ গুলীত নিহত সন্ত্ৰাসবাদী

author img

By

Published : Jul 31, 2022, 7:15 AM IST

Terrorist killed

বাৰামুল্লা জিলাত নিৰাপত্তাৰক্ষী বাহিনীৰ গুলীত নিহত লস্কৰ ই তৈবা গোটৰ সন্ত্ৰাসবাদী (LeT militant killed in Kashmir) ৷ মৃত সন্ত্ৰাসবাদীটোক বাৰামুলাৰ পাট্টনৰ ইৰছাদ আহমেদ ভাট বুলি চিনাক্ত কৰা হৈছে ৷ এই সংঘৰ্ষত আহত হৈছে দুজন সেনা জোৱান আৰু এজন আৰক্ষী জোৱান ।

নিউজ ডেস্ক, 31 জুলাই: জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হৈছে (Militant killed in Encounter at Baramulla)৷ এই সংঘৰ্ষত আহত হৈছে দুজন সেনা জোৱান আৰু এজন আৰক্ষী জোৱান । আহতসকলৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে (Encounter at Baramulla)।

আৰক্ষীয়ে জনোৱা মতে, বাৰামুলাৰ ক্ৰেৰীৰ ৱানিগাম বালা অঞ্চলত এজন সন্ত্ৰাসবাদীৰ উপস্থিতিৰ সন্দৰ্ভত আৰক্ষীয়ে লাভ কৰা এক নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি আৰক্ষী, সেনা (২৯ আৰ আৰ) আৰু এছ এছ বি (২ নং বি এন)ৰ দ্বাৰা যৌথ অভিযান আৰম্ভ কৰা হয় উক্ত অঞ্চলটোত (Security forces search operation in Jammu Kashmir)। তালাচী অভিযানৰ সময়তে লুকাই থকা সন্ত্ৰাসবাদীয়ে দলটোৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰে ৷ ফলত অভিযানকাৰী দলটোৱেও গুলীৰ প্ৰত্যুত্তৰ দিয়ে ৷

প্ৰাৰম্ভিক গুলীচালনাত দুজন সেনা জোৱান আৰু আৰক্ষী জোৱান আহত হয় (Cop injured in Baramulla encounter) ৷ তেওঁলোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু তেওঁলোকৰ অৱস্থা সুস্থিৰ হৈ আছে ।

আৰক্ষী সূত্ৰই জনোৱা মতে এজন সন্ত্ৰাসবাদী এই গুলীয়াগুলীত নিহত হয় (LeT militant killed in Kashmir) ৷ মৃত সন্ত্ৰাসবাদীটোক বাৰামুলাৰ পাট্টনৰ ইৰছাদ আহমেদ ভাট বুলি চিনাক্ত কৰা হৈছে ৷ নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাৰ সৈতে জড়িত ইৰছাদ ২০২২ চনৰ মে' মাহৰ পৰা সক্ৰিয় হৈ আছিল । সন্ত্ৰাসবাদীটোৰ পৰা এটা AK-7 ৰাইফল, ২ টা মেগজিন আৰু ৩০ ৰাউণ্ড গুলী উদ্ধাৰ কৰা হৈছে ৷

লগতে পঢ়ক : Encounter begins in JK : জম্মু কাশ্মীৰৰ বাৰামুলাত প্ৰচণ্ড গুলীয়াগুলী, সন্ত্ৰাসবাদী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.