ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Apr 2, 2022, 9:00 AM IST

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 টা বাতৰি
পুৱাৰ 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

Encounter at Goalpara: গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত তিনি অপৰাধী

গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত হ’ল তিনিটা দুধৰ্ষ অপৰাধী(Encounter at Goalpara) ৷ হত্যা-অপহৰণৰ বহু অভিযোগ থকা অপৰাধী তিনিটাৰ সৈতে শুকুৰবাৰে নিশা আৰক্ষীৰ হোৱা সংঘৰ্ষৰ পিছতে নিহত হয় অপৰাধী তিনিটা ৷

Firing in Dibrugarh: ডিব্ৰুগড়ত নিজকে গুলীয়ালে কিশোৰীয়ে

ডিব্ৰুগড়ত গুলীচালনাৰ ঘটনা ৷ ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এগৰাকী 15 বছৰীয়া কিশোৰী (Minor girl shoots self in Dibrugarh)৷

২০২১-২২ বিত্তীয় বৰ্ষত ১৭ কোটিতকৈ অধিক ৰাজহ সংগ্ৰহ কাৰ্বি আংলঙৰ পৰিবহণ বিভাগৰ

যান-বাহনৰ পৰা ১৭ কোটিতকৈ অধিক ধনৰ ৰাজহ সংগ্ৰহেৰে অভিলেখ কাৰ্বি আংলং জিলা পৰিবহণ বিভাগৰ (Tax collection in Karbi Anglong) ৷ এই তথ্য সদৰী কৰিছে জিলা পৰিবহণ বিষয়া বিক্ৰমাদিত্য গগৈয়ে ৷

মে'ৰ পৰা ৰাইজে পৰিদৰ্শন কৰিব পাৰিব বিধানসভা চৌহদ

আগন্তুক মে' মাহৰ পৰা ৰাইজে পৰিদৰ্শন কৰিব পাৰিব বিধানসভা চৌহদ(Public will be able to visit assembly premises) ৷ শুকুৰবাৰে বিধানসভাৰ ডিজিটেল পুথিভঁৰাল আৰু আৱাস চৌহদত অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ উদ্বোধন কৰিলে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Assam CM program in Assembly campus of Guwahati)। বিধায়কসকলৰ বাবে বহুমহলীয়া নতুন আৱাসৰ আধাৰশিলা নিৰ্মাণ ।

Insult to Assamese language: বিধায়ক চিৰাজউদ্দীনৰ ভাষ্যক লৈ কলিয়াবৰ ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিল অসমীয়া ভাষা ৷ শেহতীয়াকৈ বিধায়ক চিৰাজউদ্দীন আজমলে অসমীয়া ভাষাকলৈ কৰা মন্তব্য়ৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে (Sirajuddin Ajmals insult to Assamese language) ।

FIR against Prithviraj Sathe: দিছপুৰ থানা পালেগৈ ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰসংগ

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বিৰাজ সাথেৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ (FIR against Prithviraj Sathe)। পৃথ্বিৰাজ সাথেই তেওঁৰ ভোটটো পৰিকল্পিতভাৱে বাতিল কৰিবলৈ প্ৰাৰোচন কৰাৰ অভিযোগ আনিছে ৰহাৰ বিধায়কজনে ।

মুখ্যমন্ত্ৰীৰ ঘৰলৈ পুৱাই কোন গৈছিল: সদনত তদন্ত বিচাৰিলে স্বয়ং মুখ্যমন্ত্ৰীয়েই

‘‘মই কাৰো বিৰুদ্ধে কিবা শাস্তিমূলক ব্যৱস্থা লোৱা বা বিশেষাধিকাৰ ভংগৰ অভিযোগত অভিযুক্ত কৰা এই বিষয় বিলাকলৈ যাব খোজা নাই... ’’ এইবুলি শুকুৰবাৰে সদনত মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ।

তিনি পাৰ্বত্য জিলাত আফস্পা বাহাল ৰখাক লৈ ASDCৰ প্ৰতিক্ৰিয়া

তিনি পাৰ্বত্য জিলাত 'আফস্পা' বাহাল ৰখাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ ASDCৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙৰ ৷ সংবাদমেলযোগে পাৰ্বত্য জিলা ক্ৰমে, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত এই আইন বাহাল ৰখাত আচৰ্য প্ৰকাশ কৰে ASDCৰ সভাপতি গৰাকীয়ে(ASDC president addresses press meet) ৷

এবছৰৰ ভিতৰত নিৰ্মাণ হ'ব প্ৰধানমন্ত্রী আৱাস যোজনাৰ নতুন ১২ লাখ ঘৰ : ৰণজিৎ কুমাৰ দাস

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম-কাজ সন্দৰ্ভত মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ পৰ্যালোচনা বৈঠক(Review meeting by Minister Ranjit Kumar Das) । নিৰ্ধাৰিত সময়ত নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ ল'বলগীয়া সকলো যাৱতীয় ব্যৱস্থা সুুপৰিকল্পিত ভাৱে সাজু কৰিবলৈ নিৰ্দেশ ।

"পৰীক্ষা পে চৰ্চা" শীৰ্ষক অনুষ্ঠানত মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ সময়ত হোৱা বিভিন্ন সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে "পৰীক্ষা পে চৰ্চা" শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে আজি শিক্ষাৰ্থী সকলৰ সৈতে কৰিলে মত বিনিময়(Pariksha pe charcha) । দেশৰ কেইবা লক্ষ্যাধিক শিক্ষাৰ্থীৰ লগতে এই অনুষ্ঠানত ভাগ ল'লে ডিব্ৰুগড় জিলাৰ মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়েও(Jawahar Navodaya Vidyalaya students in Pariksha Pe Charcha) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.