ETV Bharat / state

"পৰীক্ষা পে চৰ্চা" শীৰ্ষক অনুষ্ঠানত মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

author img

By

Published : Apr 1, 2022, 9:24 PM IST

শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ সময়ত হোৱা বিভিন্ন সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে "পৰীক্ষা পে চৰ্চা" শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে আজি শিক্ষাৰ্থী সকলৰ সৈতে কৰিলে মত বিনিময়(Pariksha pe charcha) । দেশৰ কেইবা লক্ষ্যাধিক শিক্ষাৰ্থীৰ লগতে এই অনুষ্ঠানত ভাগ ল'লে ডিব্ৰুগড় জিলাৰ মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়েও(Jawahar Navodaya Vidyalaya students in Pariksha Pe Charcha) ৷

moran-jawahar-navodaya-vidyalaya-students-to-interact-with-pm-in-pariksha-pe-charcha
"পৰীক্ষা পে চৰ্চা" শীৰ্ষক অনুষ্ঠানত মত বিনিময় কৰিলে মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে

মৰাণ, 1 এপ্ৰিল : শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ লাখ লাখ শিক্ষাৰ্থীক সম্বোধন কৰি 'পৰীক্ষা পে চৰ্চা' শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰে(Modi to interact with students)। নতুন দিল্লীৰ টালকাটোৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই অনুষ্ঠান দেশজুৰি বিভিন্ন শিক্ষানুষ্ঠানত ভাৰ্ছুৱেলী প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ উপৰিও কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানকে ধৰি বহু কেইগৰাকী মন্ত্ৰী তথা শীৰ্ষ বিষয়া উপস্থিত থাকে ।

"পৰীক্ষা পে চৰ্চা" শীৰ্ষক অনুষ্ঠানত মত বিনিময় কৰিলে মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে

আনহাতে দিল্লীত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বিভিন্ন শিক্ষানুষ্ঠানৰ কেইবাহাজাৰ শিক্ষাৰ্থীৰ লগতে তেওঁলোকৰ অভিভাৱকো উপস্থিত থাকে । ২:৩০ ঘণ্টা ধৰি চলা এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে ১০০ হাজাৰ শিক্ষাৰ্থীৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰে । শিক্ষাৰ্থীৰ বহু কেইটা প্ৰশ্নৰো উত্তৰ প্ৰদান কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে । বিশেষকৈ পৰীক্ষাৰ পূৰ্বে কিদৰে চাপৰ পৰা মুক্ত হ’ব পাৰি, অনুপ্ৰেৰণাৰ বাবে কি কৰিব লাগে, পিতৃ-মাতৃক নিজ লক্ষ্য বা সপোনৰ বিষয়ে বুজাব লাগে, সেই বিষয়ে প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন উপদেশ আগবঢ়ায় ।

ইফালে, দেশৰ কেইবা লক্ষ্যাধিক শিক্ষাৰ্থীৰ লগতে ডিব্ৰুগড় জিলাৰ মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়েও এই অনুষ্ঠানত ভাগ লয় ৷ পোনপটীয়া সম্প্ৰচাৰৰ যোগেদি মত বিনিময় অনুষ্ঠানটোৰ বাৰ্তালাপ প্ৰত্যক্ষ কৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ সৈতে মত-বিনিময়ৰ বাবে দেশৰ অন্য প্ৰান্তৰ লগতে সাজু অসমৰ শিক্ষাৰ্থীও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.