ETV Bharat / state

এবছৰৰ ভিতৰত নিৰ্মাণ হ'ব প্ৰধানমন্ত্রী আৱাস যোজনাৰ নতুন ১২ লাখ ঘৰ : ৰণজিৎ কুমাৰ দাস

author img

By

Published : Apr 1, 2022, 10:25 PM IST

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম-কাজ সন্দৰ্ভত মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ পৰ্যালোচনা বৈঠক(Review meeting by Minister Ranjit Kumar Das) । নিৰ্ধাৰিত সময়ত নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ ল'বলগীয়া সকলো যাৱতীয় ব্যৱস্থা সুুপৰিকল্পিত ভাৱে সাজু কৰিবলৈ নিৰ্দেশ ।

Review meeting by Minister Ranjit Kumar Das
এবছৰৰ ভিতৰত নিৰ্মাণ হ'ব প্ৰধানমন্ত্রী আৱাস যোজনাৰ নতুন ১২ লাখ ঘৰ : ৰণজিৎ কুমাৰ দাস

গুৱাহাটী, ১ এপ্ৰিল : প্ৰধানমন্ত্রী আৱাস যোজনাৰ অধীনত ২০২৩ চনৰ ৩১ আগষ্টৰ ভিতৰত ৰাজ্যত ১২ লাখ ঘৰ নতুনকৈ নিৰ্মাণ কৰা হ'ব । ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এই লক্ষ্য আগত ৰাখি ইতিমধ্যে কাম আৰম্ভ কৰিছে । এই সন্দৰ্ভত শুকুৰবাৰে এক পৰ্যালোচনা বৈঠকত এনেদৰে মন্তব্য কৰে বিভাগীয় মন্ত্রী ৰণজিৎ কুমাৰ দাস(12 lakh new houses of PMAY to be constructed within a year) ।

তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ অধীনত অসমলৈ মুঠ ১২,০২,২৩৭ টা গৃহৰ নতুনকৈ আৱন্টন দিছে । ২০২৩ চনৰ ৩১ আগষ্ট ভিতৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এই ১২ লাখ গৃহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

Review meeting by Minister Ranjit Kumar Das
এবছৰৰ ভিতৰত নিৰ্মাণ হ'ব প্ৰধানমন্ত্রী আৱাস যোজনাৰ নতুন ১২ লাখ ঘৰ : ৰণজিৎ কুমাৰ দাস

গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান(Assam State Rural Livelihood Mission)ৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজন কৰা পৰ্যালোচনা বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ(Panchayat and Rural Development Department)ৰ বিষয়াসকল উপস্থিত থাকে ।

বৈঠকত সমগ্ৰ বিষয়টোৰ ওপৰত বিস্তৃত আলোচনা কৰাৰ লগতে আগন্তুক কাৰ্যপন্থাৰ ৰূপৰেখা প্ৰস্তুত কৰা হয় । লগতে নিৰ্ধাৰিত সময়ত নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ ল'বলগীয়া সকলো যাৱতীয় ব্যৱস্থা সুুপৰিকল্পিতভাৱে সাজু কৰিবলৈ মন্ত্রীগৰ‍াকীয়ে বিষয়‍াকলক নিৰ্দেশ দিয়ে ।

তেওঁ কয় যে, সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টাত আমি নিৰ্ধাৰিত সময়ৰ পূৰ্বেই এই লক্ষ্যত উপনীত হ'ব পাৰিম ৷ বৈঠকত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন কাম-কাজৰো মন্ত্রীগৰাকীয়ে পৰ্যালোচনা কৰে । পৰ্যালোচনা বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ প্ৰধান সচিব ড° জে.বি. এক্কা, আয়ুক্ত বিক্ৰম কৈৰী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক মিছন সঞ্চালিকা কৃষ্ণা বৰুৱাকে প্ৰমুখ্য কৰি বিভাগীয় বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক : Assam Rajya Sabha election result 2022 : দুয়োখন আসনতে জয়লাভ বিজেপি মিত্ৰজোঁটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.