ETV Bharat / state

Encounter in Goalpara: গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত তিনি অপৰাধী

author img

By

Published : Apr 1, 2022, 10:55 PM IST

Updated : Apr 2, 2022, 8:48 AM IST

গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত হ’ল তিনিটা দুধৰ্ষ অপৰাধী(Encounter at Goalpara) ৷ হত্যা-অপহৰণৰ বহু অভিযোগ থকা অপৰাধী তিনিটাৰ সৈতে শুকুৰবাৰে নিশা আৰক্ষীৰ হোৱা সংঘৰ্ষৰ পিছতে নিহত হয় অপৰাধী তিনিটা ৷

Encounter at Goalpara
গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত তিনি অপৰাধী

গোৱালপাৰা, 2 এপ্ৰিল: গোৱালপাৰাৰ পাইকাণত আৰক্ষী-দুৰ্বৃত্তৰ ভয়াৱহ সংঘৰ্ষ । আৰক্ষীৰ এনকাউণ্টাৰত ঘটনাস্থলীতে নিহত হয় ৩ টা দুৰ্বৃত্ত (Encounter at Goalpara)। তিনিওটাৰে বিৰুদ্ধে আছে হত্যা-অপহৰণৰ সৈতে জড়িত বহু অভিযোগ ।

শুকুৰবাৰে নিশা প্ৰায় ৮:৩০ বজাত আগিয়া থানাৰ অন্তৰ্গত পাইকাণৰ আলোকবজাৰত সংঘটিত হয় ভয়াৱহ গুলীয়াগুলীৰ ঘটনা । এই ঘটনাত নিহত হয় তিনিটাকৈ দুধৰ্ষ অপৰাধী (Three criminal died in encounter in Goalpara)। ইয়াৰে দুটাক গোৱালপাৰা চহৰৰ নিকটৱৰ্তী ফৰেষ্টগে'টৰ সজল, ছাহজাহান আলী আৰু আনটোৰ নাম নজৰুল হক বুলি জানিব পৰা হৈছে ।

ৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত তিনি অপৰাধী

দুদিন পূৰ্বে আব্দুৰ ৰহমান ওৰফে ৰিংকু নামৰ এটা দুৰ্বৃত্ত আৰক্ষীৰ এনকাউণ্টাৰত আহত হোৱাৰ পাছতে এই তিনিটা অপৰাধীৰ বিৰুদ্ধে গোপনে অভিযান চলাই গোৱালপাৰাৰ আৰক্ষীয়ে ।

তিনিও দুধৰ্ষ অপৰাধী দুখন তামোল কঢ়িওৱা বলেৰো পিক আপ বাহনত আশ্ৰয় লৈ থকা অৱস্থাতে আৰক্ষীৰ লগত ভয়াৱহ সংঘৰ্ষৰ ঘটনাটো সংঘটিত হয় । জানিব পৰা মতে, দুদিন পূৰ্বে এনকাউণ্টাৰত আহত ৰিংকু নামৰ দুৰ্বৃত্তটোৰ দলৰে অন্যতম সদস্য আছিল শুকুৰবাৰে এনকাউণ্টাৰত নিহত হোৱা এই তিনি অপৰাধী ৷

লগতে পঢ়ক: Firing in Dibrugarh: ডিব্ৰুগড়ত নিজকে গুলীয়ালে কিশোৰীয়ে

Last Updated : Apr 2, 2022, 8:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.